পখিলা- এহিয়া আহমেদ

Pc- istock
পখিলা
কেতিয়াবা আকাশত কেতিয়াবা ফুলনিত
উৰি উৰি পখিলা;
পৰিমল সুধা সানি ফুলে ফুলে পৰি
মকৰন্দ চুহিলা।
বিভোৰ পখিলা বিজন-কুঞ্জত
ফুলৰ ৰূপ চাই;
ৰূপৰ সুষমা পান কৰি কৰি
ভাগৰি নপৰা হায়!
মোক এৰি থৈ নাযাবা প্ৰিয়া
দিকচৌ বনলৈ;
তুমি গুচি গ’লে হিয়া ভাগি যাব
দুখত থান-বান হৈ।
বিজন বনত ফুলনিৰ মাজত
তোমাৰ লগত নাচিম;
মোৰ যৌৱনৰ অমৃত পৰশা
প্ৰেম মাধুৰী যাঁচিম।।
এহিয়া আহমেদ,
মৈৰাবাৰী, মৰিগাঁও