ন মহীয়া এক দীঘলীয়া উৎকণ্ঠাৰ অন্ত পৰাৰ দিশে
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী বুশ্ব উইলমৰে পৃথিৱীলৈ প্ৰত্যৰ্পণৰ বাবে সাজু হৈছে। ইলন মাস্কৰ স্পেছএক্সৰ এখন মহাকাশযানত ইতিমধ্যে আন কেইবাজনো মহাকাশচাৰীয়ে তেওঁলোকক পৃথিৱীলৈ ঘূৰাই আনিবলৈ আন্তঃৰাষ্ট্ৰীয় মহাকাশ ষ্টেচনত উপনীত হৈছেগৈ।সেই দৃশ্য ইতিমধ্যে বিশ্বজুৰি ভাইৰেল হৈ পৰিছে। সতীৰ্থ ৪ মহাকাশচাৰী তেওঁলোকৰ কাষত গৈ উপস্থিত হোৱাৰ পাছতে উৎফুল্লিত হৈ পৰিছে সুনীতা আৰু তেওঁৰ সতীৰ্থ উইলমৰে। মহাকাশৰ পৰাই সুনীতাই এক ভিডিঅ’বাৰ্তাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু স্পেছএক্সৰ মুৰব্বী ইলন মাস্কক ধন্যবাদ জ্ঞাপন কৰিছে।ইলন মাক্সে তেওঁৰ এক্স হেণ্ডলৰ জৰিয়তে এই ভিডিঅ’শ্বেয়াৰ কৰিছে। ২৫ ছেকেণ্ডেৰ সেই ভিডিঅ’বাৰ্তাত সুনীতাই কৈছে, আমি সোনকালেই ঘূৰি আহিম। বেছি দেৰি হোৱা নাই। আমাৰ অবিহনে কোনো পৰিকল্পনা নকৰিব। আমি উভতি আহিম। তাৰোপৰি সুনীতাৰ সতীৰ্থ বুশ্ব উইলমৰেয়ে ভিডিঅ’বাৰ্তাত ইলন মাস্ক আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক ধন্যবাদ জ্ঞাপন কৰিছে। তাৰোপৰি তেওঁলোকৰ প্ৰতি সন্মান জনাইছে। তেওঁ ট্ৰাম্প আৰু ইলন মাস্কে লোৱা পদক্ষেপৰ বাবে তেওঁলোকক কৃতজ্ঞতা জনাইছে। উল্লেখ্য যে, নাছাই স্থানীয় সময় অনুসৰি দেওবাৰে নিশা স্পেছএক্সৰ এই মহাকাশযান পৃথিৱীত অৱতৰণ কৰাৰ সময় ঘোষণা কৰিছে। নাছাই জাৰি কৰা বিবৃতি অনুসৰি মঙলবাৰে স্থানীয় সময় অনুসৰি সন্ধিয়া ৫-৫৭ বজাত সুনীতা, উইলমৰে আৰু আন চাৰি মহাকাশচাৰীয়ে ফ্লৰিডাৰ উপকূলত অৱতৰণ কৰিব। ভাৰতীয় সময় অনুসৰি বুধবাৰে পুৱা ৩-৩০ বজাত তেওঁলোকে পৃথিৱীত অৱতৰণ কৰিব। ইতিমধ্যে নাছাই লেণ্ডেং প্ৰক্ৰিয়াৰ লাইভ সম্প্ৰচাৰ আৰম্ভ কৰিছে। মন কৰিবলগীয়া যে, দেওবাৰে পুৱা মহাকাশ কেন্দ্ৰত গৈ উপস্থিত হৈছিল স্পেছএক্সৰ এই বিশেষ মহাকাশযান।