ন -খোৱা – ময়ূৰাক্ষী গগৈ

ন -খোৱা

ময়ূৰাক্ষী গগৈ
যোৰহাট

পুৱাৰ কোমল ৰ’দত ৰিমি আৰু জিমিয়ে ককাকৰ কাষত বহি ইটো সিটো কথা সূধি আছে । কাৰণ সিহঁত দিল্লীৰ পৰা এইবাৰহে সৰহ দিন থকাকৈ গাৱঁৰ ঘৰলৈ আহিছে । সেয়ে সিহঁতে গাঁৱৰ আনন্দবোৰ হেঁপাহ পলুৱাই উপভোগ কৰিছে । এনেতে ওচৰৰে খুড়ী এগৰাকী আহি ককাকক ক’লেহি ” দদাইদেউ, আজি ৰাতিলৈ আমাৰ ঘৰত ন-খোৱা । তাৰবাবে আপোনালোকৰ আটাইকে নিমন্ত্ৰণ জনাইছোঁ। তোমালোকো আহিবা দেই ।” এই বুলি সিহঁতকো মাতি থৈ গ’ল । সিহঁত আচৰিত হ’ল আৰু ককাকক সুধিলে “ককা ন-খোৱা মানে কি?” ককাকে ক’লে “তোমালোক যে কালি পথাৰলৈ গৈছিলা, তাত দাৱনীয়ে ধান দাইছিল আৰু সেই ধান মনবৰ ককাইহঁতে ডাঙৰি বান্ধি বিৰিয়াত ঘৰলৈ অনা দেখিছিলা নহয় ।” ৰিমি – ” হয় ককা , আমি যে ডাঙৰিৰ পাছে পাছে দৌৰি  আহিছিলোঁ ।”  ককা -” ও, সেই ডাঙৰি বিলাক মৰণা মাৰি গুটি ধান উলিওৱা হয় । তাৰ পাছত মিলত সেই ধান বানি চাউল উলিওৱা হয় আৰু সেই নতুন চাউলৰ ভাত গৃহস্থই প্ৰথমে অকলে নাখাই  মিতিৰ – কুটুম ,  ওচৰ -চুবুৰীয়া সকলোকে মাতি মাছে-মঙহে আনন্দৰে এখাজ খায় । এয়াই ন-খোৱা । জিমি – “ককা আমাৰ ঘৰত কেতিয়া ন-খোৱা পাতিবা ? ”  ককা -“অহা দেওবাৰে আমি ন-খাম। এইবাৰ তোমালোকো আছা যে, সেয়ে বৰ ধুম-ধামেৰে ন-খোৱা পাতিম দেই । এতিয়া ভিতৰলৈ যাওঁ ব’লা ।” দুয়ো আনন্দতে এপাক নাচি ককাকৰ সৈতে ভিতৰলৈ গ’ল।