শিশু উপযোগী কবিতা
ন-খোৱা
ছেলিমা বেগম ,নগাঁও
ন-খোৱা উৎসৱ আনন্দৰ মেলা
লগে ভাগে খাই আনন্দৰ খেলা ।
আঘোণ মাহৰ সোণালী পথাৰ শস্য’ৰে ভৰা
পকা ধান হাত বাউলী মাতে এৰা।
ধান কাটি ঘৰত আনি আনন্দত নাচিম
ন-খোৱা উৎসৱ পালন কৰিম ।
গাঁৱৰ ৰাইজে একেলগে খাব ন- চাউলৰ ভাত
বাৰীৰ পাচলি থাকিব লাগিব তাত ।
নতুন চাউলৰ ভাত খাবলৈ লাগে মজা
পুখুৰীৰ মাজ খাবলৈ পাম ভাজা।
আইতা ৰান্ধি দিব নতুন চাউলৰ ভাত
বৰ ভোজ খায় আনন্দ কৰি থাকিম তাত ।