নৱ প্ৰভাতৰ ‘অসম গৌৰৱ’ বঁটা প্ৰদান

নৱ প্ৰভাতৰ ‘অসম গৌৰৱ’ বঁটা প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ অন‍্যতম প্ৰতিষ্ঠিত স্বেচ্ছাসেৱী সংগঠন নৱ-প্ৰভাতৰ তৰফৰ পৰা যোৱা বছৰ নৱ-প্ৰভাত উৎসৱ ২০২৪ ত আগবঢোৱা ৰাজ‍্যিক বঁটা “অসম গৌৰৱ” বঁটাটি আজি নৱপ্ৰভাতৰ প্ৰতিস্থাপক সভাপতি তথা যুৱনেতা প্ৰৱীণ বৈশ‍্যই নৱপ্ৰভাতৰ এটি সঁজাতি দলৰ সৈতে গৈ তেতীয়াৰ মৰিগাঁৱ জিলাৰ উপায়ুক্ত আৰু বৰ্তমানৰ নগাঁৱ জিলাৰ উপায়ুক্ত তথা সাংস্কৃতিক সামাজিক সংগঠক ড০ দেৱাশীষ শৰ্মাক প্ৰদান কৰে। উল্লেখযোগ‍্য যে সেইদিনা পূৰ্বনিৰ্ধাৰিত কিছু কৰ্মব‍্যস্ততাৰ বাবে তেখেতে অনুষ্ঠানটোত উপস্থিত থাকিব পৰা নাছিল। এইখিনিতে কিছু দিন পূৰ্বে অসম চৰকাৰে একে নামৰ “অসম গৌৰৱ” বঁটাটি অসম চৰকাৰৰ বাহিৰে অন‍্য কোনো সংগঠন/অনুষ্ঠান/প্ৰতিষ্ঠানে প্ৰদান কৰিব নোৱাৰিব বুলি লোৱা সিদ্ধান্তক সন্মান প্ৰদৰ্শন কৰি নৱ-প্ৰভাতে চলিত বৰ্ষৰ পৰা এই বঁটাটিৰ নামৰ কিছু সালসলনি কৰি এতিয়াৰে পৰা এই বঁটাটি “অসমীয়া জাতিৰ গৌৰৱ বঁটা” নামেৰে প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে।