নৱ-প্ৰজন্ম আৰু ইনষ্ট্ৰাগ্ৰামৰ ব্যবহাৰ সুফল আৰু কুফলৰ বিষয়ে একলম
ছেলিমা বেগম, নগাঁও
এই বিষয়টো এটা জলন্ত উদাহৰণ:- আজিৰ যুগত গোটেই বিশ্ববাসীৰ আগত এই সমস্যা বিয়পি আছে। বৰ্তমান সময়ত আমাৰ উঠি অহা নৱ-প্ৰজন্ময়ে মাজত খুব প্ৰভাৱ বিস্তাৰ হৈ আছে। বৰ্তমান যুগৰ বিজ্ঞানৰ মুখ , বিজ্ঞানে পৃথিৱীখন পৰিবৰ্তন কৰি দিছে। দৈনন্দিন জীৱনৰ সুবিধা অসুবিধা সকলো বিজ্ঞানে সমাধান কৰি দিয়ে। ম’বাইল ফোন ব্যৱহাৰ আমাৰ সমাজত এক সুকীয়া স্থান দখল কৰিছে। ল’ৰা বুঢ়া মহিলা যোবক যুৱতী কিশোৰ কিশোৰী ম’বাইল ফোনত ইনষ্ট্ৰাগ্ৰাম ব্যৱহাৰ কৰে। যি কোনো বিষয়ত ভাল বেয়া থাকে। মানুহ সদায় অব্যাহত পৰিনত প্ৰাণী, সকলো সময়তে কিবা নহয় কিবা এটা বস্তুৰ ওপৰত আসক্ত হৈ থাকে। ইনষ্ট্ৰাগ্ৰাম ব্যৱহাত ভাল বেয়া দুয়ো টা আছে। ভালৰ ফল ভালেই পোৱা যায় আৰু বেয়াৰ ফল বেয়াই পোৱা যায়।
ইনষ্ট্ৰাগ্ৰাম ব্যৱহাৰৰ সুফল :- ইনষ্ট্ৰগ্ৰাম ব্যৱহাৰ কৰি আজি কালি অৱশ্যে ছাত্ৰ ছাত্ৰীয়ে খুব সুন্দৰ কৈ চলাই নিয়ে আৰু বহু নজনা কথা জানিব পাৰে। মেডিকেলৰ বিষয়ে বিভিন্ন জ্ঞান অৰ্জন কৰিব পাৰে। ভিডিঅ’ বনাই অতি কম সময়ৰ ভিতৰতে উলিয়ায় ল’ব পাৰে সেয়ে হে ইয়াৰ ব্যৱহাৰ ভাল বুলি ক’ব পাৰি। আজি কালি বিভিন্ন ধৰণৰ ভিডিঅ’ বনাই বহু টকা উপাৰ্জন কৰিব পাৰিছে। পৃথিৱীৰ ই মূৰৰ পৰা সি মূৰৰ সকলো বিষয়ৰ ওপৰত জ্ঞান অৰ্জন কৰিব পাৰিছে। ৰন্ধন প্ৰণালীৰ পৰা ছবি জগতৰ সকলো সকলো বিষয়ৰ ওপৰত এই ইনষ্ট্ৰাগ্ৰাম ব্যৱহাৰ কৰা হয়। ধৰ্মীয় বিষয়ৰ ওপৰত জ্ঞান অৰ্জন কৰিব পাৰিছে। ধৰ্মীয় নজনা কথা জানিব পাৰিছে। আকাশ মাৰ্গৰ বিষয়ে প্ৰমাণ কৰি দেখুৱাই দিব পাৰিছে। নাচ ,গান , অভিনয় কৰিছে। দেশ বিদেশৰ লগত আলোচনা কৰিব পাৰিছে। দেশ বিদেশৰ কথা পাতিব পাৰিছে। সেয়েহে ক’ব পাৰি ইনষ্ট্ৰগ্ৰাম ব্যৱহাৰ কৰি আজি কালি বহুতো উপকৃত হ’ব পাৰে আৰু ইয়াৰ সুফল পোৱা যায়।
কুফল :- অৱশ্যে ইয়াৰ ব্যৱহাৰ কৰাৰ ফলত সমাজৰ বহু ক্ষতি সাধন কৰে। উঠি অহা নৱ-প্ৰজন্ময়ে ইয়াৰ ব্যৱহাৰ কৰাৰ ফলত নিজৰ জীৱনৰ কথা চিন্তা নকৰি কু অব্যাহত পৰিনত হৈ আছে। এচামে সমাজত কু কৰ্মত লিপ্ত হৈ সমাজৰ বিশৃংখলতাৰ সৃষ্টি কৰে। উঠি অহা নৱ প্ৰজন্মৰ মাজত অতীৱ জনপ্ৰিয় হৈ আছে মাদক দ্ৰব্য ।মাদক দ্ৰব্য সেৱন কৰি পৰিবেশ নষ্ট কৰে । অশ্লীল ভিডিঅ’ বনাই ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাত বাধা আনি দিয়ে। সমাজত পৰকীয়া প্ৰেমৰ প্ৰভাৱ বিস্তাৰ হৈ আছে। নিজৰ সন্তানৰ কথা পাহৰি বেলেগৰ লগত পৰকীয়া প্ৰেমত ব্যস্ততা হৈ থাকে। এজনে অন এজন পত্নী লৈ পলাই সাৰে। সন্তানৰ কথা পাহৰি থাকে। ইনষ্ট্ৰাগ্ৰাম ব্যৱহাৰৰ সুফল সমাজত অতি ক্ষতি সাধন কৰি আহিছে।