নৱ প্ৰজন্মৰ কবি আকাঙ্খা বৰুৱাৰ কবিতা পুথি ‘As Fall Arrives’ ৰ শুভ উন্মোচন

নৱ প্ৰজন্মৰ কবি আকাঙ্খা বৰুৱাৰ কবিতা পুথি ‘As Fall Arrives’ ৰ শুভ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ চচল শতদল শাখা সাহিত্য সভাৰ ৰবীন্দ্ৰনাথ দাস সভাগৃহত আজি চচল শাখা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। চচল শাখা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী প্ৰনীতা শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ আঁত ধৰে শাখাৰ সম্পাদিকা চিত্ৰা দাসে।চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা সভাত বন্তি প্ৰজ্বলন কৰে যথাক্ৰমে কিৰণ বৰুৱা আৰু বীণা ভাগৱতীয়ে। অনুষ্ঠানত ৰাষ্ট্ৰীয় বঁটা প্ৰাপক শিশু সাহিত্যিক সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপ-সভানেত্ৰী বিশিষ্ট লেখিকা নীলিমা বৰাই নৱ প্ৰজন্মৰ কবি আকাঙ্খা বৰুৱাৰ”As Fall Arrives”নামৰ কবিতা পুথি খন উন্মোচন কৰি কবি গৰাকী উজ্বল ভৱিষ্যতৰ কামনা কৰাৰ লগতে তেওঁ যে এগৰাকী কোমল অন্তৰৰ সমাজক পৰ্য্যবেক্ষণ কৰিব পৰা মনৰ অধিকাৰী সেই কথা কয়। ইয়াৰ পিছত কামৰূপ মহানগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা শেৱালী ভাগৱতীয়ে কবি আকাঙ্খা বৰুৱাৰ উজ্বল ভৱিষ্যত কামনা কৰি চচল শাখাৰ শলাগ লয়।সভাত গুৱাহাটী স্থিত শ্ৰীমন্ত শঙ্কৰ একাডেমী প্ৰাক্তন উপাধ্যক্ষা জয়ন্তী অধিকাৰী আৰু বৰ্তমানৰ উপাধ্যক্ষা কৰবী ডেকা‌ৰ লগতে একেখন‌ বিদ্যালয়ৰ শিক্ষয়িত্ৰী প্ৰণামিকা গোস্বামীয়ে উদীয়মান কবিগৰাকীৰ কীৰ্তৃত্বত গৌৰৱ অনুভৱ কৰে। কবিৰ পৰিয়ালৰ তিনিটা প্ৰজন্মৰ সদস্য সকলে একেলগে এটি‌ প্ৰাৰ্থনা পৰিবেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।ৰক্তিম বৰুৱা আৰু ৰঞ্জনা ভাগৱতীৰ‌ সু-সন্তান আকাঙ্খা বৰুৱাই পিতৃ-মাতৃৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি ভবিষ্যতেও সাহিত্য চৰ্চা কৰি যাম বুলি উল্লেখ কৰে।সভাত চচল জ্যেষ্ঠ নাগৰিক সমিতিৰ সভাপতি কুমুদেশ্বৰ শৰ্মাই আকাঙ্খা বৰুৱক ভবিষ্যতলৈ এগৰাকী সু -কবি হোৱাৰ আশীৰ্বাদ দিয়ে। সভানেত্ৰীৰ বক্তব্যত প্ৰনীতা শৰ্মাই কবি আকাঙ্খা বৰুৱাই ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণ কৰিলেও পঞ্চম শ্ৰেণীৰ পৰায়ে তেওঁ অসমীয়া ভাষাত কবিতা লিখিবলৈ চেষ্টা কৰে। যদিও প্ৰথম খন গ্ৰন্থ ইংৰাজী ভাষাত লিখিলে কিন্তু অতি সোনকালেই যে তেওঁৰ অসমীয়া ভাষাত ৰচনা কৰা কবিতা পুথি এখনো প্ৰকাশ পাব। চচল শাখা লেখিকা সমাৰোহ সমিতিৰ সহ-সম্পাদিকা‌ শান্তনা দাস বৰ্মনে সভাৰ শেষত সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে ।