নৱ প্রজন্মক পাশ্চাত্যৰ দিৱসবোৰে পাহৰণিৰ গৰ্ভত বিলীন নকৰক অসমীয়াৰ অস্তিত্বৰ দিৱসবোৰক…..
মঞ্জু কাকতি,
শুৱালকুছি
ৰ’জ দে,প্রপজ দে আৰু ভেলেন্টাইন দে হৈছে প্রেম আৰু মূল্যবোধৰ দিৱস। পশ্চিমীয়া সংস্কৃতিৰ আধাৰ এই দিৱসবোৰ | প্রেমৰ সংজ্ঞা দিয়াটো ইমান সহজ নহয়। প্রেমক লৈয়ে প্রতিজন মানুহে জীয়াই আছে। ৰ’জ দে হৈছে ফুলৰ ৰাণী গোলাপৰ সৌন্দৰ্য্যক মৰ্য্যদা দিয়া। এই দিৱসত প্রত্যেক শুভাকাংক্ষীকে পৰস্পৰে পৰস্পৰক ভালপোৱা বা প্রেমৰ মৰ্য্যদাস্বৰূপে এপাহ গোলাপ উপহাৰ দিয়ে।
ঠিক তেনেকৈ প্রপজ দে হৈছে কাৰোবাক অন্ত:কৰণেৰে ভাল লগা আৰু আজীৱন লগৰী হোৱাৰ আৱেদন। ভেলেণ্টাইন হৈছে প্রেমৰ দিন। হৃদয়ৰ পৰা হৃদয়লৈ বৈ পৰা মৰম, স্নেহ আৰু বিশ্বাসৰ পৰিচয়বাহক এটা সুঁতি। প্রেম মানেই জীয়াই থকা উশাহৰ এক প্রেৰণা। প্রেম মানেই সৃষ্টিশীলতাৰ কঠীয়াতলী। প্রেম জনমে জনমে সৰ্বজনৰ বাবে সৰ্বকালৰ বাবে। ইতিহাসে তাকে ৰিঙিয়াই। প্রেমৰ স্বহীদ ভেলেণ্টাইনৰ মতে – প্রেম মৃত্যুহীন। ইয়াৰ গভীৰতালৈ যিমানে সোমোৱা যায় সিমানেই দৃঢ় হয় আৰু নি:শেষ কৰাৰ পথ অৱৰোধ হৈ যায়। প্রেমেৰেহে প্রেমক জয় কৰিব পাৰি। ভালপোৱাক ভালপোৱাৰেহে ভগাব পাৰি।
এতিয়া কথা হ’ল এই দিৱসবোৰ পাশ্বাত্য সংস্কৃতিৰ পৰা অহা যদিও ইয়াত প্রেম সন্নিৱিষ্ট হৈ আছে , প্রেমক আঁকোৱালি লোৱাটো একো ডাঙৰ কথা নহয় কিন্তু নিজৰ জাতীয় সত্বাক পাহৰি নহয় ।”যি জাতিৰ সংস্কৃতি নাই, সেই জাতিৰ অস্তিত্ব নাই।”গতিকে সদায় আমাৰ সত্বাক জীয়াই ৰাখিব লাগিব সকলোৰে জ্ঞান লৈ আগশাৰীৰ স্থানত ৰাখি।
বৰ্তমান নৱ প্রজন্মৰ পাশ্বাত্য দিৱসবোৰৰ প্রতি বেছি আকৃষ্ট হোৱা দেখা গৈছে। ফলত বজৰুৱা সংস্কৃতিৰ পূজাৰী হৈ পৰিছে এওঁলোক। লোপ পাইছে এওঁলোকৰ নৈতিক আৰু বৌদ্ধিক চেতনা। মুঠতে এক উশৃংখল জীৱন যাপন কৰিছে এওঁলোকে লগতে আগবাঢ়িছে সমাজখনক পঙ্গু আৰু কলুষিত কৰিবলৈ। অসমীয়াৰ সংস্কৃতি যিসকলে উচ্চ শিখৰত ৰাখি গৈছে তেওঁলোকৰ বিষয়ে যেনে — শিল্পী দিৱস, ৰাভা দিৱসৰ লগতে অন্যান্য দিৱসৰ বিষয়ে জ্ঞাত নহয়। প্রথমতে আমাৰ প্রজন্মই বুজি উঠিব লাগিব যে আমি অসমীয়া আৰু অসমীয়া হিচাপে আমাৰ সংস্কৃতি আৰু আমাৰ জাতিটোক মজবুত কৰি যোৱা শিপা সদৃশ সকলৰ বিষয়ে জানিব লাগিব, শ্রদ্ধা আৰু সন্মান কৰিব লাগিব।
সকলো দেশ,সকলো জাতি, সকলো সমাজৰ সংস্কৃতিয়ে নিজৰ নিজৰ মানদণ্ড,বিবেচনাৰ শিখৰত গতিকে আমি অসমীয়া হিচাপে এজন অনা অসমীয়া শিল্পী, সাহিত্যিক জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ সৃষ্টিশীলতাৰ অৱদান আৰু তাৰ কৃতজ্ঞতাৰস্বৰূপ ‘শিল্পী দিৱস’ ৰ লগতে মহান শিল্পী, সাহিত্যিক সকলৰ প্রতি নৱ প্রজন্মক জ্ঞাত কৰি শ্রদ্ধাশীল কৰি তুলিব লাগিব আমাৰ জ্যেষ্ঠসকলৰ লগতে অভিভাৱক তথা শিক্ষকসকল ।
ঠিক তেনেকৈ ‘ৰাভা দিৱস’ বিষ্ণুপ্ৰসাদ ৰাভাক সুঁৱৰি পালন কৰা এটা দিন। যিগৰাকীয়ে অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰি গৈছে জাতিটোক মজবুত কৰি গৌৰাবান্বিত কৰি গৈছে। গতিকে এখেতসকল আমাৰ বটবৃক্ষৰ ঘাই শিপা। শিপাৰ অবিহনে যেনেকৈ গছ এডাল জীয়াই থাকি ফল-ফুল দিব নোৱাৰে তেনেকৈ অগ্রজ সকলৰ বিষয়ে নাজানিলে আমাৰ সংস্কৃতিৰ ভেটি দৃহ কৰি গঢ়ি তুলিব নোৱাৰি।
‘ আধুনিক’ শব্দটো কলাগতভাৱে পৰিবৰ্তনশীল অৰ্থৰ দ্যোত্ববক। সময়ৰ লগত খোজ মিলাবলৈ আধুনিকতা আমাক লাগে কিন্তু আধুনিকতাৰ লগতে আমাক নন্দনতাত্বিক চেতনাও লাগে।
‘সুন্দৰৰ আৰধনাই জীৱনৰ খেল’ বুলি আমাৰ অগ্রজসকলে কৈ যোৱা কথাশাৰীৰ তাৎপৰ্য এয়ে যে -সৌন্দৰ্য পিপাসী মানৱ মন হ’ল নিচাসক্ত আনন্দৰ পিচত লৰি -ঢাপৰি ফুৰা এক চিন্ময় শক্তি। সৌন্দৰ্যৰ জগতখন এক বৈচিত্রপূৰ্ণ জগত আৰু যি শাস্ত্রই এই বৈচিত্রপূৰ্ণ জগতখনৰ বিষয়ে আলোচনা- বিলোচনা কৰিবলৈ আগবাঢ়ে সেয়ে নন্দনতাত্বিক বিচাৰ বুলিব পাৰি। স্থাপত্য বিদ্যা, ভাস্কৰ্য,চিত্রশিল্প ,সংগীত, সাহিত্য,নৃত্য প্রভৃতি সুকুমাৰ কলাসমুহৰ লগতে সংস্কৃতিৰ ভঁৰাল চহকী কৰি যোৱা মহান তথা বিদগ্ধ ব্যক্তিসকলৰ আলোচনা নন্দনতাত্বিক আলোচনাৰ অন্তৰ্গত।
আধুনিক সংস্কৃতিৰ মাৰ্ক্সীয় ব্যাখ্যা হৈছে এই সংস্কৃতিত প্রযুক্তি বিদ্যা আৰু শিল্প বিপ্লৱে মানুহৰ ক্ষমতাৰ পৰা জ্ঞান আৰু চেতনাক পৃথক কৰি পেলাইছে।জ্ঞান আৰু চেতনাক পৃথক কৰি ঘাই শিপাক পাহৰি এখন সুন্দৰ সমাজ গঢ়াটো সম্ভৱ নহয় গতিকে জ্যেষ্ঠসকল,অভিভাৱকসকল,শিক্ষকসকল তাৰোপৰি অগ্রজসকলে এক নন্দনতাত্বিক চেতনা নৱ প্রজন্মৰ মাজত পৰিচয় কৰাই জাগ্রত কৰি তোলাটো দায়িত্ব লগতে এয়াই বিশেষভাৱে কৰণীয় । এনে কৰিলেহে আমি আমাৰ পৰিচয়ক লগতে শিপাক মজবুত কৰিব পাৰিম।
