অণুগল্প
নৱ-ধনীৰ ইফতাৰ
এছ ইছলাম, বৰপেটা
ৰবি খান আৰু শিক্ষক আলমগীৰ বাল্য বন্ধু।ওচৰা-ওচৰি ঘৰ। ৰবি খানে পইচাৰ অভাৱত দিল্লী লৈ গৈছিল কাম বিচাৰি। আজি কাঠৰ ব্যৱসায় কৰি ধনী হ’ল। প্ৰথম ৰোজা ইফতাৰৰ নিমন্ত্রণ দিছে ।শিক্ষক আলমগীৰ বাল্যবন্ধুৰ ঘৰত নিমন্ত্রণ দিবলৈ পাহৰি গ’ল।