নৱৰতনপুৰ নামঘৰত বাৰ্ষিক নাম 

নৱৰতনপুৰ নামঘৰত বাৰ্ষিক নাম  ; পৰশুৰামৰ গুৰু দক্ষিণা ভাওনা প্ৰদৰ্শন

বিকাশ শইকীয়া, মাজুলী, ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী জিলাৰ নৱৰতনপুৰ গাঁৱৰ নামঘৰত আজি  বাৰ্ষিক নাম (বৰসৱাহ) ভাগ অনুষ্ঠিত হয়   । এই উপলক্ষে পুৱা গাঁৱৰ ভকত বৈষ্ণৱ সকলে নামঘৰত প্ৰাত:প্ৰসংগ ,  ১০.৩০ বজাত  নামাচাৰ্য শ্ৰীশ্ৰী এলেঙ্গী টকৌবাৰী সত্ৰৰ ডেকা  সত্ৰীয়া  ভৱ মহন্ত আৰু  সহযোগী পদুম মহন্তই সম্পূৰ্ণ মহাপুৰুষীয়া   নীতি -নিয়মেৰে নাম প্ৰসংগ কৰে ।

নাম প্ৰসংগত বিভিন্ন গাঁৱৰ পৰা নিমন্ত্ৰণ কৰি অনা  শতাধিক ভকতে অংশগ্ৰহণ কৰে । নাম প্ৰসংগৰ অন্তত কীৰ্তন  পাঠ  জেষ্ঠ বৈষ্ণৱ গোলাপ বৰা আৰু কনপাই শইকীয়াই । দিনৰ ১ বজাৰ পৰা দিহা নাম (থিয়নাম) আৰম্ভ কৰে  যোগেশ্বৰ বৰাই । উল্লেখ্য যে অসমীয়া সমাজত পৰম্পৰাগত ভাবে নৱবৰ্ষৰ উপলক্ষে প্ৰতি বছৰে প্ৰতিখন গাঁৱত বৰসৱাহ অনুষ্ঠিত কৰে । নৱৰতনপুৰ গাঁৱৰ  জনসাধাৰণেও  অপায় অমংগল দূৰ হোৱাৰ কামনাৰে প্ৰতি  বছৰৰ দৰে এই বৰ্ষতো  বাৰ্ষিক নাম  ভাগ  অনুষ্ঠিত কৰে ।

বৰসবাহৰ যোগে  গাঁও সমূহৰ মাজত সম্প্ৰীতিৰ ভাব সুদৃঢ়  হোৱাত অৰিহণা যোগায় আহিছে । বাৰ্ষিক  নামত  নৱৰতনপুৰ গাঁও খনৰ পুৰুষ মহিলা, যুৱক- যুৱতী সকলে অংশগ্ৰহণ কৰি  ভকত বৈষ্ণৱ সকলৰ আৰ্শীবাদ গ্ৰহণ কৰে । ৰাতি নৱৰতনপুৰ  গাঁৱৰ যুৱ –  শিল্পী সকলে  মঞ্চস্থ কৰা “পৰশুৰামৰ গুৰু দক্ষিণা , সহস্ৰাজুন বধ” ভাওনাই কেইবা শতাধিক দৰ্শকক মুগ্ধ কৰে ।