নৱেম্বৰ মাহত অসমলৈ আহিব দুই কেন্দ্রীয় মন্ত্রী

নৱেম্বৰ মাহত অসমলৈ আহিব দুই কেন্দ্রীয় মন্ত্রী

ৰঙিলী বাৰ্ত্তাসেৱা- অসমলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং । ইনলেও ৱাটাৰ টার্মিনেল আৰু ব্ৰহ্মপুত্ৰৰ ৰিভাৰ ফ্রণ্ট উদ্বোধন কৰিবলৈ অহা ৭ নৱেম্বৰত গুৱাহাটীলৈ আহিব কেন্দ্রীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। আনহাতে, ৯ নৱেম্বৰত লাচিত ঘাটত অনুষ্ঠিত হ’বলগা বৃহৎ এয়াৰ শ্ব’ মুকলি কৰিবলৈ আহিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই কথা জানিবলৈ দিলে। বিয়লি উজানবজাৰৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট পৰিদৰ্শন কৰি দুগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ আগমনৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয়- অহা ৭, ৮ আৰু ৯ নৱেম্বৰত তিনিটা বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব। ৭ নৱেম্বৰত ৪০০ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰি উলিওৱা ইনলেন ৱাটাৰ টার্মিনেলটো কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰৰ্মণে উদ্বোধন কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উক্ত দিনাই সন্ধিয়াৰ ভাগত উজানবজাৰৰ পৰা কাছাৰীঘাটলৈ সাজি উলিওৱা ৰিভাৰ ফ্ৰণ্ট উদ্বোধন কৰিব। অহা ৮ নৱেম্বৰত কেন্দ্ৰীয় মন্ত্রী সীতাৰমণে গুৱাহাটীৰ পৰা গহপুৰলৈ গৈ ভোলাগুৰি চাহ বাগিচাত শ্বহীদ কনকলতা বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিব। অহা ৯ নৱেম্বৰত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং গুৱাহাটীত উপস্থিত হ’ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ উপস্থিতিত ফাঁচীবজাৰৰ লাচিত ঘাটৰ ব্ৰহ্মপুত্ৰৰ ওপৰত ১৫০ ফুট ভাৰতীয় বায়ুসেনা বাহিনীয়ে আকাশমার্গত এক এয়াৰ শ্ব’ কৰিব। এই এয়াৰ শ্ব’ত বায়ুসেনা বাহিনীৰ ৰাফেল, ছুখয় আদিকে কৰি অত্যাধুনিক ফাইটাৰ বিমানে অংশ ল’ব। ইফালে, ৭নৱেম্বৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে পুৱাৰ ভাগত জাগীৰোডত স্থাপন হোৱা ছেমিকণ্ডাক্টৰ প্ৰকল্পটো পর্যবেক্ষণ কৰিব আৰু ৩০০ ষ্টার্টআপৰ সৈতে বাৰ্তালাপ কৰিব।