নৱাৰুণ শাখা সাহিত্য সভাৰ লেখা পাঠ অনুষ্ঠান

নৱাৰুণ শাখা সাহিত্য সভাৰ লেখা পাঠ অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীৰ হাতীগাঁৱৰ শতদল নৱাৰুণ শাখা সাহিত্য সভাৰ স্বৰচিত লেখা পাঠ অনুষ্ঠান এটি অনুষ্ঠিত হৈ যায়। দিছপুৰ প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত নৱাৰুণ শাখা সাহিত্য সভাৰ সভাপতি বিকাশ ৰায়মেধিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত সঞ্চালক ৰূপে উপস্থিত থাকে সুলেখিকা সবিতা দেৱী। নৱাৰুণ শাখা সাহিত্য সভাৰ সদস্যা সকলে পৰিৱেশন কৰা আৰম্ভণি গীতেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। উদ্দেশ্য ব্যাখ্যা কৰে নৱাৰুণ শাখা সাহিত্য সভাৰ সম্পাদক বৰ্ণালী বৰা বৈশ্যই। অনুষ্ঠানত বিভিন্ন বিষয়ক স্বৰচিত লেখা পাঠ কৰে ।বোপাৰাম ভাজনী ,মীৰা ভট্টাচাৰ্য, প্ৰমোদা দেৱী, বিকাশ ৰায়মেধি,অনিল কলিতা,দিব্যজ্যোতি ডেকা,অঞ্জনা দাস হাজৰিকা, কামনা কলিতা,আজিজুৰ ৰহমান শইকীয়া, নিজৰা জন্নত, অনিমা মেধি, মিনাদাস বৰুৱা, জ্যোতি কলিতা ডেকা,বিজু দাস, প্ৰেমা দেৱী, যুতিকা গোস্বামী আৰু বীণা দাস হাজৰিকাই । অনুষ্ঠানত নৱাৰুণ শাখা সাহিত্য সভাৰ উপ-সভাপতিদ্বয় অনিল কলিতা আৰু দিব্যজ্যোতি ডেকা, প্ৰাক্তন সভাপতি মণিৰাম দাস, শিক্ষাবিদ মীৰা ভট্টাচাৰ্য, অধ্যাপিকা প্ৰমোদা দেৱী, জ্যেষ্ঠ সাংবাদিক আজিজুৰ ৰহমান শইকীয়া প্ৰমুখ্য ভালে সংখ্যা বিশিষ্ট ব্যক্তি উপস্থিত থাকে।অনুষ্ঠানত সংগীতানুষ্ঠান পৰিৱেশন কৰে যুতিকা গোস্বামী আৰু মণিৰাম দাসে। শলাগৰ শৰাই আগবঢ়াই সম্পাদক বৰ্ণালী বৰা বৈশ্যই।