নৱম শ্ৰেণীৰ ৩,১০,০৩১ শিক্ষার্থীলৈ বিনামূলীয়া চাইকেল বিতৰণ মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ডিব্ৰুগড় জিলাৰ ফুলবাগানস্থিত পুৰণি চৰকাৰী বালক উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত চৰকাৰী আৰু প্ৰাদেশীকৃত মাধ্যমিক বিদ্যালয়ত নৱম শ্ৰেণীত অধ্যয়নৰত ৩,১০,০৩১ গৰাকী শিক্ষার্থীলৈ বিনামূলীয়া চাইকেল বিতৰণৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে। ইয়াৰে ১,৩৪,৪৩২জন ছাত্ৰ আৰু ১,৭৫,৬০৮গৰাকী ছাত্রী। উল্লেখ্য যে এই আঁচনিখনে চাহ বাগিচা মডেল স্কুল আৰু আদর্শ বিদ্যালয়সমূহকো সামৰি লৈছে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয় যে ব্যক্তিবিশেষে জীৱনৰ সপোনবোৰ বেলেগ বেলেগ হয় যদিও এই সপোনবোৰ পূৰণ কৰিবলৈ হ’লে এটা পৰ্যায়লৈকে প্ৰতিগৰাকী ব্যক্তিয়েই শিক্ষাগ্রহণ কৰিব লাগে। কিন্তু অসমত শিক্ষানুষ্ঠানত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলৰ ৬ শতাংশই নামভৰ্তিৰ ৪-৫ বছৰৰ পিছতে শিক্ষানুষ্ঠান ত্যাগ কৰে। পৰৱৰ্তী সময়ত অষ্টম শ্ৰেণী পৰ্যায়ত পুনৰ ৮ শতাংশ শিক্ষার্থীয়ে বিদ্যাগ্রহণ এৰি দিয়ে। যাৰ ফলত প্রাথমিক বিদ্যালয়ত নামভৰ্তি কৰাৰ পৰা অষ্টম শ্রেণী পর্যন্ত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ১৪ শতাংশ হয়গৈ। তেনেদৰে উচ্চতৰ মাধ্যমিক শ্রেণীপর্যন্ত আধাতে শিক্ষাগ্রহণ ত্যাগ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৪০ শতাংশ পর্যন্ত হৈ পৰে। এখন সমাজৰ ৪০ শতাংশই যদি শিক্ষাগ্রহণ সম্পূর্ণ নকৰে তেনেহ’লে সেইসকলে নিজৰ সপোনবোৰ পূৰণ কৰাটো সম্ভৱ হৈ নুঠেগৈ।

মুখ্যমন্ত্রী ড° শর্মাই পুনৰ কয় যে প্ৰতিটো শিশুৰ মাজত একোটা প্রতিভা লুকাই থাকে। কিন্তু উপযুক্ত পৰিৱেশৰ মাজতহে প্ৰতিভাৰ বিকাশ হয় আৰু শিক্ষানুষ্ঠানসমূহে প্রতিভা বিকাশৰ এই পৰিৱেশ প্রদান কৰে। যিসকলে পৰিয়ালৰ আৰ্থিক দুৰ্বলতাৰ বাবে হাইস্কুল পর্যায়তে পঢ়া-শুনা ত্যাগ কৰে তেওঁলোকৰ প্ৰতিভা বিকাশ নোহোৱাকৈয়ে ৰৈ যায়। যাৰ বাবে সমাজৰ ক্ষতি হয়। ইয়াৰ পৰিপ্ৰেক্ষিততে চৰকাৰে কোনো ল’ৰা-ছোৱালীয়ে যাতে আর্থিক দুৰৱস্থাৰ বাবে শিক্ষাগ্রহণ আধাতে সামৰিব লগা নহয় তাৰ বাবে প্রচেষ্টা চলাই আহিছে। এনে প্ৰচেষ্টাৰ আধাৰতে বিনামূলীয়া পাঠ্যপুথি, সমবেশ তথা মধ্যাহ্ন আহাৰ যোগানৰ ব্যৱস্থা কৰা হৈছে। উচ্চ প্রাথমিকৰ পৰা শিক্ষার্থী এগৰাকীয়ে যেতিয়া মাধ্যমিক বিদ্যালয়ত নামভর্তি কৰে, তেতিয়া শিক্ষার্থীগৰাকীয়ে শিক্ষানুষ্ঠানত উপস্থিত হ’বলৈ কিছুদূৰ অতিক্ৰম কৰিব লগা হয়। শিক্ষার্থীৰ শিক্ষাগ্রহণত যাতে কিছু সুবিধা হয় সেই উদ্দেশ্য আগত ৰাখিয়ে চৰকাৰে নৱম শ্ৰেণীত বিনামূলীয়া চাইকেল প্ৰদানৰ আঁচনি গ্রহণ কৰিছে। ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে মহাবিদ্যালয় পর্যায়তো নামভর্তি বিনামূলীয়া কৰিছে। তেনেদৰে উচ্চতৰ মাধ্যমিক পৰ্যায়ত প্ৰতিগৰাকী ছাত্রীক নিযুত মইনা আঁচনিৰ জৰিয়তে ১,০০০ টকা, স্নাতক পর্যায়ত ১,২৫০ টকা আৰু স্নাতকোত্তৰ পৰ্যায়ত ২,৫০০ টকাকৈ প্রতিমাহে প্রদানৰ ব্যৱস্থা চৰকাৰে কৰিছে। অনুৰূপ ধৰণে ছাত্ৰসকলৰ বাবেও এখন আঁচনি শীঘ্রে গ্রহণ কৰা হ’ব বুলি তেওঁ মন্তব্য কৰে।

অনুষ্ঠানত মুখ্যমন্ত্রী ড° শর্মাই কয় যে ছাত্র-ছাত্ৰীসকলৰ শিক্ষাগ্রহণত সহায় হোৱাকৈ আর্থিক সহায়তা আগবঢ়োৱাৰ সমান্তৰালকৈ ৰাজ্য চৰকাৰে শৈক্ষিক পৰিৱেশ উন্নীত কৰাৰ বাবে আন কেতবোৰ পদক্ষেপো গ্রহণ কৰিছে। ৰাজ্য চৰকাৰৰ এনে প্ৰয়াস আৰু প্ৰচেষ্টাই ইতিবাচক ফল দিবলৈ আৰম্ভ কৰিছে বুলি মন্তব্য কৰি তেওঁ কয় যে প্রাথমিক বিদ্যালয়ত শিক্ষাগ্রহণ এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৬ শতাংশৰ পৰা সম্প্রতি ৪ শতাংশলৈ হ্রাস পাইছে আৰু মাধ্যমিক পর্যায়তো আধাতে শিক্ষানুষ্ঠান এৰা শিক্ষাৰ্থীৰ সংখ্যা ৮ শতাংশৰ পৰা ৫ শতাংশলৈ কমিছে। তেনেদৰে উচ্চ মাধ্যমিক পর্যায়ত শিক্ষানুষ্ঠান এৰা শিক্ষাৰ্থীৰ সংখ্যা ২৫ শতাংশৰ পৰা ১৭ শতাংশলৈ নিম্নগামী হৈছে। এনে পৰিসংখ্যাসমূহে ৰাজ্য চৰকাৰৰ প্ৰয়াসসমূহৰ সফলতাকে তুলি ধৰিছে বুলি মন্তব্য কৰি তেওঁ কয়- ‘একাগ্রতা, অধ্যৱসায়, ইচ্ছাশক্তিৰ জৰিয়তে সকলোৱে জগত জয় কৰিব পাৰে আৰু ইয়াৰ দ্বাৰা আমি নিজকে উপযুক্ত মানৱ সম্পদ বুলি প্রতিষ্ঠা কৰিব পাৰোঁ।’

এই অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ড, খিলঞ্জীয়া আৰু জনজাতি বিশ্বাস আৰু সংস্কৃতি বিভাগৰ মন্ত্ৰী যোগেন মহন, শক্তিমন্ত্রী প্রশান্ত ফুকন, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্রী বিমল বড়া, বিধায়ক চক্ৰধৰ গগৈ, বিনোদ হাজৰিকা, তেৰছ গোৱালা, তৰংগ গগৈ, ডিব্ৰুগড় পৌৰসভাৰ মেয়ৰ ড° সৈকত পাত্র, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য সৰোজ গোহাঁই, ডিব্ৰুগড় জিলা পৰিষদৰ সভানেত্রী পুষ্পাঞ্জলি সোণোৱাল, অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱা, বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, ডিব্ৰুগড় জিলাৰ আয়ুক্ত বিক্রম কৈৰী আৰু মাধ্যমিক শিক্ষা বিভাগৰ সঞ্চালক মমতা হোজাইৰ লগতে বহুসংখ্যক বিশিষ্ট ব্যক্তি আৰু বিভিন্ন বিদ্যালয়ৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।
