নৱবৰ্ষ ২০২৬চন – অনামিকা (সংগীতা)কলিতা

Pc Unsplash

নৱবৰ্ষ ২০২৬চন

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি

একে দিন একে ৰাতি  পাৰ্থক্য মাত্ৰ  দিন /বাৰ/ ঘন্টা। এগৰাকী ব্যক্তিয়ে মোক ক’লে। তেখেতক ক’লো সেয়াই এক সময়ৰ মাপকাঠি। যান্ত্ৰিকতাৰ জীৱনৰ অকণমান ৰস মাদকতা প্ৰয়োজন। তাকেই অনুভৱ কৰি ১৮৪৩প্ৰথম নৱবৰ্ষৰ গ্ৰীটিংছ কাৰ্ডৰ প্ৰচলন হৈছিল। কিন্তু এতিয়া সেই কাৰ্ডৰ মাদকতা হেৰাই গ’ল।এতিয়া ৰেষ্টুৰেন্ট আদিত পাৰ্টি কৰে।পিকনিক খাবলৈ যায়। এইবাৰ  নিউ ইয়াৰ চেলিব্ৰেট কৰাৰ জাক জমকতা অলপ কম।

২০২৬ চন নৱবৰ্ষ আৰম্ভণি আৰু ২০২৫ চন মেলানি মাগিলে ।এই বছৰটোত অসমৰ বহু কেইগৰাকী শিল্পী /বিশিষ্ট ব্যক্তিক হেৰুৱালো। বিশেষকৈ সাংস্কৃতিক জগতৰ অপূৰণীয় ক্ষতি। জুবিন গাৰ্গ, দীপক শৰ্মা, জ্ঞানদা কাকতি,হেমন্ত দত্ত আদিৰ দৰে জনপ্ৰিয়  গুণৰ  ব্যক্তি  কেইবাগৰাকীও। তথাপিও সময় ৰৈ নাথাকে গতিশীল সময়ৰ সৈতে সকলো আগবাঢ়িব লাগিব ।নৱপ্ৰজন্মক বাট দেখুৱাই নিব লাগিব।সয়য়ে দি যায় অভিজ্ঞতা সেই অভিজ্ঞতাৰে আগুৱাই যোৱাতো আমাৰ কৰ্তব্য ।