নৱবৰ্ষ লৈ অনুৰোধ – বিউটী হাজৰিকা

নৱবৰ্ষ লৈ অনুৰোধ

বিউটী হাজৰিকা, কলিয়াবৰ

লক্ষ্যৰ ধাৰৰ অলকা বোৱাই
আমি এদল আশাবাদী,
নবীন সময়ক সোণালী প্ৰতীক ৰূপে
প্ৰতিপন্ন কৰি ছপা হোৱা কেলেণ্ডাৰ,
সলাই দৃঢ় হৈছো স্বপ্নৰ পম খেদি
নৱ বছৰক অনুৰোধ কৰি।
নৱ প্ৰস্তৰ যুগ হৈ পৰক
এই বৰ্ষ  হওক শ্ৰেষ্ঠ জনৰ জয় ,
লুণ্ঠিত জনতাৰ ভঁৰাল ভৰক
অৱহেলিত জন সমৃদ্ধিশালী হওক ,
বৃদ্ধ মাতৃ – পিতৃৰ আদৰ হওক।
চৰকাৰৰ ৰাজসভাত জনতাৰ
সুদিনৰ গান ৰচনা হওক,
দেশৰ ভিতৰতেই সংস্কৃতিৰ
বিকাশ আলোকিত হওক।
ভাল হওক পৃথিৱীৰ পাৰিপাৰ্শ্বিকতা
সুস্থ হওক মানৱৰ‌ মানসিকতা,
সংৰক্ষিত হওক ঐতিহাসিকতা
জাতীয় আপোন সকলোবোৰ।