নৱবৰ্ষ এটি নতুন অধ্যায়-সমুজ্জ্বল ডেকা

অণুগল্প
নৱবৰ্ষ এটি নতুন অধ্যায়
           সমুজ্জ্বল ডেকা, ৰঙিয়া
 নিজ বড়িগোগ 
উচ্চশিক্ষা লাভৰ বাবে প্ৰকাশ নামৰ ল’ৰাজনে হোষ্টেলত থাকে। প্ৰকাশে এদিন লগৰ বন্ধু এজনক ফোন কৰি ক’লে  – “হেল্ল’ বন্ধু, তোমাৰ ঘৰলৈ অহাবছৰ যাই আছোঁ।” তেতিয়া লগৰ বন্ধুজনে ক’লে-  “বন্ধু, তুমি কাইলৈ আহি যোৱা। অহাবছৰলৈ আৰু কিয় পলম কৰি আহিব লাগে?”
প্ৰকাশে তেতিয়া হাঁহি হাঁহি উওৰ দিলে- “বন্ধু, মই কালিলৈ যোৱাৰ কথাটোকে তোমাক কৈছোঁ। কাৰণ আজি ৩১ ডিচেম্বৰ আৰু কাইলৈ ১ জানুৱাৰী। যিহেতু ১২বজাৰ লগে লগে একে ৰাতিৰ ভিতৰতে অন্য এক নতুন বছৰ পাম।” বন্ধুজনে প্ৰকাশৰ কথাত আচৰিত হৈ ভাবি থাকোঁতে ৰাতিপুৱাল আৰু জীৱন নামৰ কিতাপখনৰ এটি নতুন অধ্যায় মেল খালে।