নৱবৰ্ষৰ সংকল্প আৰু এখন জীয়া ছবি
গোপাল জালান
নৱবৰ্ষক আদৰাৰ নামত চৌদিশে আৰম্ভ হৈছে প্ৰস্তুতি৷ এটা বছৰক বিদায় দি আন এটা বছৰক আদৰিবলৈকে বিশ্বৰ বিভিন্ন প্ৰান্তৰ আৰম্ভ হোৱা প্ৰস্তুতি নতুন বিষয় নহয়৷ ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰাই নতুন বছৰক আদৰাৰ নামত আনন্দ কৰি অহা হৈছে৷ দেশ তথা অঞ্চল ভেদে এটা আনন্দৰ বৰ্হিপ্ৰকাশ ভিন্ন৷ ইংৰাজী নৱবৰ্ষ পালনকলৈ বিভিন্ন কাহিনীও প্ৰকাশিত হৈ আছে৷ কাহিনী যিয়েই নহওক কিয় সকলোবোৰ কিন্তু সময়কলৈয়ে জড়িত৷ কাৰণ সময়ৰ গতিক বাদ দি কোনো মানুহে আগুৱাই যাব নোৱাৰে৷ এয়া প্ৰকৃতিৰ নিয়ম বুলি কলেও অত্যুক্তি কৰা নহ’ব৷ সময়ৰ পাখি লগা ডেউকাত উঠি বিশ্ব ব্ৰহ্মাণ্ড প্ৰত্যক্ষ কৰিলেও মানুহে সদায় নতুনক আদৰিবলৈ উদগ্ৰীৱ হৈ থাকে৷ কাৰণ নতুনৰ মাজতেই বিচাৰি পোৱা যায় সৃষ্টিৰ অফুৰন্ত সমলা৷ যদি আমি বছৰটোৰ অন্তিম আৰু শেষৰ কথা নাভাবো তেতিয়া হ’লে সময়ৰ গতিও মন্থৰ হৈ পৰিব৷ সেইবাবে সকলোৱে ৩১ ডিচেম্বৰ নিশা এটা নতুন বছৰৰ বাবে আনন্দ উল্লাস কৰে৷ সময়ৰ কোনো নতুন-পুৰণ নাই৷ অৰ্থাৎ সময় পুৰণি নহয়৷ মাথো সময়ক অধিক গতিশীল আৰু দ্ৰুত কৰিবলৈহে এনেদৰে পুৰণি বছৰক বিদায় দি নতুন বছৰক আদৰাৰ বাবে প্ৰস্তুতি চলোৱা হয়৷
প্ৰায়ভাগ লোকেই নতুন বছৰত সংকল্প গ্ৰহণ কৰে৷ এই সংকল্পবোৰ জানো বাস্তৱত ৰূপায়িত হয়? কিছুমানৰ এনে সংকল্প পূৰণ হয় বা কৰিবলৈ সদায় প্ৰস্তুত থাকে৷ বছৰৰ অন্তিম দিনটোত এবছৰৰ ভিতৰত নিজৰ প্ৰতিজ্ঞা আৰু সাফল্যৰ হিচাপ নিকাছ কৰা লোকৰ সংখ্যাও আঙুলিৰ মূৰত লেখিব পৰা বিধৰ৷ বছৰৰ নতুন বা পহিলা দিনটোতেই যে সংকল্প গ্ৰহণ কৰিব লাগিব তেনে কোনো কথা নাই৷ কিয়নো যদি সংকল্প গ্ৰহণ কৰিব লাগে বুলিয়ে ভাবি এনে কৰে তেতিয়া হলে সেয়া বাস্তৱত ৰূপায়িত হোৱাৰ সম্ভাৱনা কম৷ সেই বাবে বছৰৰ এটা বিশেষ দিনৰ কথা নাভাৱি সদায় এটা ইতিবাচক মানসিকতাৰে খোজ পেলালে সকলোৱে ইপ্সিত লক্ষ্যত উপনীত হব পাৰে৷ সকলোৰে মাজত নতুন বছৰটোত কি কি কৰিব তাকলৈ খুউব চৰ্চা হোৱা দেখা যায়৷ সময়ৰ ৰণুৱা ঘোঁৰাৰ পিঠিত উঠি ৩৬৫ ১/৪ দিনতেই সকলোখিনি কৰাটো সম্ভৱ বুলি ভৱাটো দৰাচলতে জ্ঞান শূন্য লোকৰহে চিন্তাৰ ফচল বুলি ক’ব লাগিব৷
প্ৰতি গৰাকী ব্যক্তিৰ বাবে প্ৰতিটো পুৱাই একোটা নতুন দিনৰ আশাবোৰ কৰিয়াই আনে৷ সুযোগ সন্ধানী লোকসকলে ইয়াৰ সদ্যৱহাৰ কৰে৷ আন কিছুমান আকৌ মৰুভূমিত মৰিচিকা বিচৰাৰ দৰে বিচাৰি ফুৰে৷ সূৰুযৰ প্ৰভাতী কিৰণে সকলোৰে জীৱনলৈ কিবা নহয় কিবা আশাত বন্দী হোৱাৰ বিষয় কঢ়িয়াই আনে৷ এইবাৰৰ বছৰটোৰ ভিতৰত কিমান বিফল হ’ল সেই বিষয়বোৰ কোনোবাই বছৰৰ পোহৰটো দিনত ভাবি চাইনে? নি(য় নাচায়৷ সেইদিনটোত এইবোৰ হিচাপ-নিকাশ কৰাৰ পৰিৱৰ্তে নতুন বছৰৰ বাবে আকৌ সংকল্প গ্ৰহণত ব্যস্ত হয়৷ এনেদৰে সময় আহে আৰু যায়৷ সময়ৰ বালিত পোতগৈ থাকে সংকল্পবোৰ৷
নতুনক আদৰি লোৱাটো সকলো মানুহৰে ইচ্ছা থাকে৷ কাৰণ নতুনত্বই হে সকলোৱে জীৱনলৈ মুখৰ সংকট কঢ়িয়াই আনে৷ দৰাচলতে নতুনৰ সতে সুখ জড়িত থাকে বুলি ভাবিয়েই প্ৰতিগৰাকী ব্যক্তিয়ে সদায় নতুনৰ প্ৰতি আকৰ্ষিত হয়৷ সেয়েহে সকলোবোৰ আশা বাস্তৱত ৰূপায়িত কৰিবলৈকে নৱবৰ্ষক আঁকোৱালি লয়৷ যদি মানুহৰ ভাগ্যচক্ৰ এদিনতেই ঘুৰিলেহেঁতেন তেতিয়া হ’লে সদায় সংগ্ৰাম কৰিব নালাগিলহেঁতেন৷ তদুপৰি নতুন বছৰৰ পহিলা দিনটোতেই যে ভাগ্যচক্ৰ সলনি হ’ব সেয়াই নহয়৷ সেইবাবে নতুন বছৰ বাবে সংকল্প লোৱাৰ মানসিকতাৰ সলনি সদায় যদি প্ৰতিটো দিনকে নতুন বুলি ভাবিবলৈ লয় তেতিয়া হ’লে কিবা আশা কৰিব পাৰি৷
সংকল্প, পৰিকল্পনা বিষয়বোৰৰ পৰিসৰ সীমিত নহয়৷ ইয়াক বহন আৰ্বতহে ব্যৱহাৰ কৰা হয়৷ কিয়নো সংকল্পত যদি পৰিসৰ সীমিত হৈ পৰে তেতিয়াহলে মানুহে কাম কৰা বাবে এখন বহল ক্ষেত্ৰ লাভ নকৰিব৷ মানুহক সদায় এখন বহন পৰিসৰৰহে প্ৰয়োজন এনে পৰিসৰৰ মাজত থাকিলে উন্নতিৰ জখলাডালে চুটি হয়৷ আনহাতে, সংকল্পৰ পৰিসৰবোৰ সদায় সুপৰিকল্পনাৰে নিৰ্ধাৰণ কৰিব লাগে৷ আবেগতকৈ বাস্তৱক প্ৰাধান্য দিব লাগে৷ তেতিয়াহলেহে বাস্তৱৰ ছবিখন ইতিবাচক হয়৷ নতুন বছৰটো মানুহে সেইবাবে ইতিবাচক আমাৰে আগুৱাই যোৱাৰ পৰিকল্পনা কৰা উচিত৷ সাধাৰণতে দৈনন্দিন জীৱন যাপনত দেখা যায় যে আবেগতকৈ বাস্তৱৰ ওপৰত গুৰুত্ব দিয়া লোকসকলে বছৰটোৰ শেষৰ ফালে এবছৰত লাভ কৰা সফলতা-বিফলতাবোৰ হিচাপ কৰে৷ তেওঁলোকে বছৰটো লাভ কৰা সফলতাতকৈ কিমানখিনি ব্যৰ্থ হৈছে অথবা ক’ত কেৰোন লাগিছে সেইবোৰৰ বিশ্লেষণ কৰা বাবে পৰৱৰ্তী সময়ত ইয়াক অধিক গতিশীলতাৰ মাজেৰে আগুৱাই নিবলৈ পৰিকল্পনা গ্ৰহণ কৰে৷ দৰাচলতে এয়াই বাস্তৱ৷ নতুন বছৰৰ সংকল্প আৰু সফলতা-বিফলতাৰ এখন জীয়া ছবি৷