নৱবৰ্ষৰ শুভেচ্ছাৰে
বন্দিতা শৰ্মা কন্দলি
মৰমৰ মইনাহঁত আমাৰ চকুৰ পচাৰতে ২০২৫ বৰ্ষটোক বিদায় দিয়াৰ সময় পালেহি নহয় নে বাৰু! লগে লগে নতুন বৰ্ষক আদৰিবও লাগিব। সময় গতিশীল।প্ৰকৃতিয়ে যেনেদৰে নিজৰ কাম কৰি গৈ থাকে থিক সেইদৰেই গতিশীল সময় কাৰো বাবে ৰৈ নাথাকে। সময় ধৰি ৰাখিব পাৰি কেৱল কৰ্মৰ জৰিয়তেহে। সেয়ে আমি সময়ৰ প্ৰতিটো মূহুৰ্ত উপলব্ধি কৰিব পাৰিব লাগিব। উদাহৰণ স্বৰূপে ডিচেম্বৰ মাহত গ্ৰন্থমেলাৰ পৰা কিতাপ এখন কিনি আনি যদি ডিচেম্বৰ মাহৰ ভিতৰতে পঢ়ি শেষ কৰিছা। তেতিয়া তোমাৰ বাবে ডিচেম্বৰ মাহটো কিতাপ খনৰ জৰিয়তে ধৰি ৰখা বুলি ক’ব পাৰি। কিয়নো ডিচেম্বৰ মাহত এটা ভাল কাম কৰা হৈছে। কেতিয়াবা আকৌ কৰিম বুলি ভবা কিছুমান কাম এলাহত বা বিভিন্ন অজুহাতত কৰিবলৈ থাকি যায়। এনেদৰে থাকি যোৱা কাম বোৰৰ হিচাব কৰা হয় বছৰৰ শেষত। নতুন বছৰ অহাৰ লগে লগে আধাৰুৱা কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে মন স্থিৰ কৰা হয়। আচলতে ইংৰাজী মাহৰ প্ৰথম মাহৰ প্ৰথম দিনটোৱেই যে নতুন বছৰৰ নতুন দিন এনে নহয়।প্ৰতিটো পুৱাই নতুন। গতিকে প্ৰতিটো পুৱাতেই আমি নতুন উদ্যমেৰে দিনটোৰ বাবে সাজু হ’ব লাগে।
২০২৫ বৰ্ষটোত আমি বহু কেইজন বিশিষ্ট ব্যক্তিক হেৰুৱাইছোঁ। তাৰে ভিতৰত আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ অন্যতম। তোমালোকে এটা কথা নিশ্চয় মন কৰিছা যে জুবিন গাৰ্গক কেৱল সুন্দৰ গান গোৱাৰ বাবেই সকলোৱে ভাল পাইছিল এনে নহয়। তেওঁৰ বহুতো ভাল গুণ আছিল। আমি ভাল গুণ সমূহ অভ্যাসত পৰিণত কৰিব পাৰিলেহে সজ ব্যক্তি হিচাপে নিজকে গঢ়ি তুলিব পাৰিম। প্ৰথমতে আমি নিজক ভাল পাবলৈ শিকিব লাগিব। তেতিয়া বেয়া অভ্যাস ৰ পৰা নিজৰ আঁতৰত ৰাখিব পাৰি। দ্বিতীয়তে প্ৰকৃতিৰ প্ৰতি ভালপোৱা থাকিব লাগিব। গছ-গছনি, জীৱ-জন্তুৰ প্ৰতি মৰম থাকিব লাগিব। আনৰ দুখত দুখী হৈ সহায়ৰ হাত আগবঢ়াব পৰা হ’ব লাগিব।আনৰ প্ৰতি হিংসাৰ ভাৱ নাৰাখি নিজকে তেনেদৰে আগুৱাই লৈ যোৱাৰ কথাহে ভাবিব লাগে।
সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আত্মবিশ্বাস। আত্মবিশ্বাস আৰু সাহস থাকিলে সকলোতে জয়লাভ কৰিব পাৰি। গতিকে মইনাহঁত আমি প্ৰতিটো পুৱাতে নতুন উদ্যম আৰু আত্মবিশ্বাসেৰে সময়ৰ সৎ ব্যৱহাৰ কৰি নিজৰ কৰ্তব্য পালন কৰি যাম বুলি সংকল্প লও আহা। আশাকৰোঁ ২০২৬ চনটোৱে সকলোৰে বাবে সুখ সমৃদ্ধি কঢ়িয়াই আনক।
