নৱবৰ্ষৰ বন্দনা – ছেলিমা বেগম

Pc Pinterest

নৱবৰ্ষৰ বন্দনা

ছেলিমা বেগম,নগাঁও 

 স্বাগতম’ স্বাগতম’ স্বাগতম নৱবৰ্ষ (২০২৬)
বিগত বছৰটোত কৰা ভুল বোৰ  ,
শুধৰণি কৰাৰ সময় আহিছে
আহিবলগীয়া বছৰক জনালোঁ ছালাম,
যাবলগীয়া বছৰক জনালোঁ ছালাম,
Happy . Happy New year.
বিগত বৰ্ষৰ খতিয়ান খিনি নতুন বছৰত পূৰ্ণ কৰি
নিৰাশা বোৰ নাইকিয়া কৰি
আশা বোৰ পূৰ্ণ কৰি ,
সাঁচি থোৱা প্ৰতিটো সপোন
বাস্তৱত পূৰ্ণ কৰি যাম আমি
নতুন বছৰৰ নতুন আশাৰে মনত লৈ
হেঁপাহৰে আগবাঢ়ি ।
নতুন বছৰত জীৱনৰ লক্ষ্য আগত ৰাখি
হাঁহি হাঁহি নতুন বছৰ পাৰ কৰি থাকিম ।
দুখ খিনি চেপি ধৰি ৰাখি অতীত’ক যাম পাহৰি
সুখবোৰ নতুনক  আদৰি ভবিষ্যৎ আগত ৰাখি।
সফলতাৰ ফাকু চটিয়াই  হাঁহি ফূৰ্তী কৰি যাম
আনন্দৰ জীৱন ৰঙীন কৰি
নতুন বছৰতেই জাতি ’ ধৰ্ম নিৰ্বিশেষে
ভেদ ভাৱ’ শত্ৰু তাক নেওচি গঢ়ি তুলিম
এখন নিকা আৰু সুস্থ সমাজ
তাকে কামনা কৰি সকলো অসম ভাষী লোকসকলক
নতুন বছৰৰ শুভেচ্ছা জনালোঁ।