নৱবৰ্ষৰ আদৰণি – বন্দিতা শৰ্মা কন্দলি

Pc- happy new year

নৱবৰ্ষৰ আদৰণি

বন্দিতা শৰ্মা কন্দলি,দেৰগাঁও

মৰমৰ মইনাহঁত, সকলোকে আগন্তুক নৱবৰ্ষৰ অলেখ শুভ কামনা জনাইছোঁ। সময়ে গতি কৰি থাকে নহয়নে বাৰু! কেনেদৰে গতি কৰে বাৰু! মাহ বোৰ বাগৰি গৈ গৈ ডিচেম্বৰ মাহত শেষ হয় আৰু পুনৰ জানুৱাৰীত নতুন বছৰৰ আৰম্ভণি হয়। সেইফালৰ পৰা চালে সময়ৰ গতি বৃত্তীয় গতি বুলিয়েই কব পাৰি! ঘুৰি ঘুৰি নতুন বছৰটো আহি থাকে। পুৰণি বছৰক বিদায় দি নতুন বছৰক আদৰণি জনোৱাৰ বাবে সকলোৱে মিলি আনন্দ উল্লাস কৰা, শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰা,নাচ -বাগ কৰি প্ৰীতিভোজ খোৱা আদি কৰা হয়।

ইংৰাজী নৱবৰ্ষ যিহেতু শীতকাল সেয়ে অসমৰ বিভিন্ন ঠাইলৈ পৰিভ্ৰমী চৰাইৰ আগমন ঘটে, বৰষুণৰ পৰিমাণ কম,বতৰ ফৰকাল থাকে, নদী -জান-জুৰিৰ গতি ধীৰ হয়,শীতৰ ৰʼদ-কাঁচলি লৈয়ো আৰাম লাগে । এনে সময়তে পুৰণি বছৰৰ শেষৰফালে আৰু নতুন বছৰৰ আগমনীতে সকলোৱে লগ হৈ বনত ভোজ-ভাত খাই প্ৰকৃতিৰ বিনন্দীয়া ৰূপ উপভোগ কৰা হয়। আমি বিদ্যালয়ৰ পৰাই হওঁক বা ঘৰুৱা ভাৱেই হওঁক বা ওচৰ-চুবুৰীয়া মিলিয়েই হওঁক মুঠৰ ওপৰত বনভোজ খাবলৈ যাওঁ। বনভোজক ইংৰাজী ভাষাত ‘পিকনিক ‘(picnic) বুলি কোৱা হয়। এই ‘পিকনিক ‘ শব্দ টো ফৰাচী শব্দ। ফৰাচী ভাষাত প্ৰচলিত ‘Picque Nicque’ শব্দৰ পৰা সময়ৰ পৰিবৰ্তনৰ ফলত ‘Picnic ‘ লৈ পৰিবৰ্তন হয় বুলি জনা যায়। ইয়াৰ অৰ্থ হৈছে হাতে হাতে খাদ্য বস্তু লৈ একে ঠাইতে সকলোৱে মিলি আনন্দ স্ফূৰ্তিৰে খোৱা।১৭ শতিকাৰ ফ্ৰান্সত সমাজৰ আঢ্যৱন্ত লোক সকলৰ মাজত আজৰি সময়ত ৰাজহুৱা গৃহত মিলিত হৈ ৰং ধেমালিৰে খোৱাৰ পৰম্পৰা আছিল। এই পৰম্পৰা ক্ৰমে ইংলেণ্ড, আমেৰিকা আদি দেশলৈ সম্প্ৰসাৰণ হৈ picnic হৈ পৰে আৰু ১৯ শতিকাৰ পৰাই মুকলি আকাশৰ তলত প্ৰাকৃতিক পৰিৱেশত ভোজ-ভাত খোৱাৰ পৰম্পৰা চলি আহিছে। বৰ্তমান এই পিকনিক বা বনভোজে প্ৰাকৃতিক পৰিৱেশত প্ৰদূষণৰ সৃষ্টি কৰিছে। সেয়ে প্ৰাকৃতিক পৰিৱেশ যাতে বিনষ্ট নহয় তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগে। বনভোজ খোৱাৰ পাছত বনভোজ স্থলী পৰিস্কাৰ কৰাতো অতি প্ৰয়োজনীয় কথা। বেছি ডাঙৰ কৈ বাদ্য যন্ত্ৰ বজোৱা বা হাই উৰুমি কৰাতো বন্যপ্ৰাণীৰ বাবে ক্ষতিকাৰক। মুঠতে পুৰণি বছৰত কৰিবলৈ থাকি যোৱা কাম নতুন উদ্যমেৰে কৰি যাব লাগে। সময়ক পাখি লগা কাঁড়ৰ দৰে বুলি কোৱা হয়। সেয়ে পাৰ হৈ যোৱা সময়ৰ অস্তিত্ব কেৱল আমাৰ কৰ্মৰ দ্বাৰা হে ধৰি ৰাখিব পৰা যায়।