নৱবৰ্ষৰ আদৰণি নে অনাকাংক্ষিত বিপদ – প্ৰাণ প্ৰতিমা বড়া

Pc FNP
 নৱবৰ্ষৰ আদৰণি নে অনাকাংক্ষিত বিপদ
প্ৰাণ প্ৰতিমা বড়া
গুৱাহাটী
চাওঁতে চাওঁতে ইৰাজী ২৩ চনটোৰ বিদায়বেলা সমাগত। বছৰটো  কেনেদৰে পাৰ কৰিলোঁ নাইবা বছৰটোত লাভ কৰা সুখ-দুখৰ খতিয়ানখন সামৰি থৈ বছৰটোৰ শেষৰদিনটো উদযাপন অথবা নৱবৰ্ষৰ আদৰণি জনোৱাৰ সময় সমাগত। কিন্ত বৰ্তমান সময়বোৰ জটিলতাৰ গহ্বৰত সোমাই পৰিছে। এটা ভালদিন উদযাপনৰ ক্ষেত্ৰত যিদৰে মানুহৰ মনত উৎসাহ, উদ্দীপনা বাঢ়ে কিন্ত আনফালে কিছুমান ভয় আৰু  শংকাই মানুহৰ মনত ঠাই লৈছে। প্ৰত্যেক মানুহে নিজৰ পৰিয়ালৰ অথবা বন্ধুবৰ্গৰ সৈতে  চলিত বৰ্ষৰ বিদায় উৎসৱ অথবা নৱবৰ্ষৰ আদৰণি জনাবলৈ পিকনিকৰ বাবে কিছুমান মুকলিমুৰীয়া ঠাই পছন্দ কৰে  য’ত সকলোৱে মনৰ হেঁপাহেৰে এটা দিন আনন্দ-উল্লাহেৰে পাৰ কৰিব বিচাৰে। কিন্তু বৰ্তমান সময়ত এই আনন্দৰ ঠাইত ভয় আৰু শংকাই ঠাই লৈছে কিয়নো বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ উশৃঙ্খলতাই দেখা দিছে। বহুতো পিকনিক স্পটত ৰাগিয়াল দ্ৰব্য /মাদক দ্ৰব্য সেৱন কৰি বহুতো যুৱক-যুৱতীয়ে অশালীন আচৰণ অথবা অভব্য আচৰণৰ জৰিয়তে পৰিবেশ বিনষ্ট কৰি এক অপ্ৰীতিকৰ পৰিবেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় যাৰ ফলত এটা ভাললগা দিন অতি ভয়ংকৰ হব পাৰে। কাজিয়া সূত্ৰপাতে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰে ৷ কোনোবা বন্ধুৰ হাতত কোনোবা বন্ধুৰ মৃত্যু ,ধৰ্ষণ, গুৰত্ব আঘাত আদি নানানটা অপৰাধ ঘটা দেখা যায় ৷কোনোবা এটা বিশেষ দিন উদযাপনৰ নামত যিধৰণে অপ্ৰীতিকৰ পৰিবেশৰ সৃষ্টি হবলৈ ধৰিছে তাৰ বাবে জগৰীয়া কোন ? বৰ্তমান সময় ? অভিভাৱক-অভিভাৱিকাৰসকলৰ নিজৰ সন্তানৰ প্ৰতি থকা উদাসীনতা নে বৰ্তমান সময়ৰ যুৱপ্ৰজন্মই নিজকে স্মাৰ্ট বুলি এক প্ৰক্ৰিয়া !!ই এক জটিল প্ৰশ্ন ৷ এনেধৰণৰ শুভদিন উদযাপনৰ ক্ষেত্ৰত যুৱপ্ৰজন্মৰ মাজত দিনকদিনে বাঢ়ি আহিছে অপৰাধ প্ৰবনতা মনোভাৱ। যাৰ ফলত একোটা পৰিয়াললৈ নামি আহে একোটা ভয়ানক বিপৰ্যয় কিয়নো যুৱপ্ৰজন্মৰ উশৃঙ্খল মানসিকতাৰ বাবে অথবা বিভিন্ন ধৰণৰ ৰাগিয়াল দ্ৰব্যৰ সেৱনৰ ফলত দিনকদিনে বাঢ়ি আহিছে এক্সিডেণ্ট,অপৰাধ প্ৰবনতা ।যাৰফলত একো-একোটা পৰিয়াললৈ নামি আহিব পাৰে কাল- ধুমুহা। গতিকে আমি সকলোৱে সজাগ আৰু সচেতন হবৰ হ’ল। প্ৰত্যেক অভিভাৱক-অভিভাৱিকা ,চৰকাৰ,প্ৰশাসন,সমাজৰ প্ৰত্যেকজন সচেতন ব্যক্তিয়ে এই ক্ষেত্ৰত সজাগ আৰু সচেতন হব লাগিব ৷ তেতিয়াহে আমাৰ মাজৰপৰা অনৌচিত্ৰৰ আঁতৰ হব ৷ ইংৰাজী নৱবৰ্ষই সকলোৰে জীৱনলৈ সুখ-সমৃদ্ধি কঢ়িয়াই আনক তাৰেই কামনা কৰিলোঁ।