নৱবৰ্ষ,বনভোজ আৰু খন্তেকীয়া সুখ – শৈলেন কুমাৰ

PC - Content

নৱবৰ্ষ,বনভোজ আৰু খন্তেকীয়া সুখ

– শৈলেন কুমাৰ, মিৰ্জা

সমাগত ইংৰাজী নৱবৰ্ষ,ৰাজ্যৰ লগতে সকলো দেশে বিদেশে এতিয়া নৱবৰ্ষক আদৰিবলৈ বিভিন্ন কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত লৈছে ৷ এক উখলমাখল পৰিৱেশ সকলো দিশে,সকলোৱে নৱবৰ্ষক আদৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে ৷ তাৰলগতে আৰম্ভণি হৈছে বনভোজৰ,প্ৰকৃতিৰ সেউজীয়া পৰিবেশৰ মাজত এদিন সকলোৱে পৰিয়াল তথা বন্ধু বান্ধৱে মিলিজুলি এসাঁজ একেলগে খোৱালোৱা কৰি নৱবৰ্ষক আদৰাৰ হেপাঁহ ৷ এদিনৰ বাবে আনন্দত মোটলিয়া হৈ কিছু সুখ অনুভৱ কৰাৰ হেপাঁহ ৷ এতিয়া আহোঁ অন্য এক কথালৈকে সুখী হবলৈ আমি সুখৰ সংজ্ঞা কিমানে বুজি পাওঁ? আমি সুখ ক’ত বিচাৰি ফুৰিছোঁ,নিম্ন আৰু অপ্ৰয়োজনীয় সুখ বিচাৰি আমি আমাৰ জীৱনৰ লগতে পৃথিৱীখনক ও বিনাশৰ ফালে ঠেলি দিছোঁ ৷ পৃথিৱীত এনেকোনো ব্যক্তি নাই যিজনে নিম্নতম সুখৰ পৰিৱৰ্তে উচ্চতম সুখ বাচনি কৰিব নোৱাৰে ৷ সাধাৰণতে নিম্ন স্তৰৰ যিবোৰ সুখৰ বিকল্প সেইবোৰ সহজ আৰু উচ্চ স্তৰৰ সুখে আমাৰ পৰা বহু মূল্য বিচাৰে যিটো মূল্য আমি দিবলৈ প্ৰস্তুত নহয় ৷ আচলতে আমাৰ সমস্যা হৈছে আমি মানি লবলৈ কঠিন অনুভৱ কৰোঁ যে আমি উদিগ্নতা আৰু বহু সমস্যাৰে জৰজৰিত,শুদ্ধ অৰ্থত ক’লে আমি সকলোৱে দুখৰ অনুভৱ কৰোঁ ৷ আমি যিমানেই সুখৰ আয়োজন কৰোঁ সেয়াই ইয়াকেই বুজাই যে আমি আন্তৰিকভাৱে দুখৰ অনুভৱ কৰোঁ ৷ আমি বাস্তৱত সুখী নহয়,কিন্তু এই কথা আমাৰ অহংকাৰে মানিবলৈ কুন্ঠাবোধ কৰে,সাধাৰণতে আমি যিবোৰ নিম্ন সুখৰ পাছত দৌৰি ফুৰোঁ বাস্তৱত সেইবোৰ সুখৰ মূল্য নাই ৷ প্ৰকৃতাৰ্থত আমি জীৱন সলনি কৰাৰ প্ৰয়োজন ৷ আমি উচ্চতম সুখ লাভ কৰা চেষ্টা কৰিব লাগে কিন্তু তাত কঠোৰ পৰিশ্ৰম আৰু মূল্য দিয়াৰ প্ৰয়োজন,যিটো আমি সহজতে দিব নিবিচাৰোঁ ৷ সুখৰ বিবিধা আৰু স্তৰ বেলেগ বেলেগ ৷ যিমান উচ্চ স্তৰৰ সুখ আমি বিচাৰোঁ,সিমানেই উচ্চ স্তৰৰ আমাৰ জীৱন হব ৷