নৱবৰ্ষত শিক্ষাৰ্থীসকলক কেৰিয়াৰ বিষয়ত দিহা-পৰামৰ্শ দিয়াৰ সংকল্প
ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয়
সকলোলৈকে ইংৰাজী নৱবৰ্ষ ২০২৬ৰ আন্তৰিক শুভেচ্ছা জনাইছো। নৱবৰ্ষই সকলোৱে জীৱনলৈ সুস্বাস্থ্য, সুখ-সমৃদ্ধি, শান্তি আৰু সফলতা কঢ়িয়াই আনক। নৱবৰ্ষ মানেই নতুন আশা, নতুন লক্ষ্য আৰু নতুন সংকল্প। বছৰৰ আৰম্ভণিতে বহু ব্যক্তি, প্ৰতিষ্ঠান আৰু সংগঠনে আগন্তুক দিনবোৰৰ বাবে বিভিন্ন সংকল্প আৰু পৰিকল্পনা ঘোষণা কৰে। কিন্তু বৰ্ষৰ শেষত সেই সংকল্পসমূহ কিমানদূৰ বাস্তৱায়িত হ’ল, তাৰ খতিয়ান সচৰাচৰ ৰাইজৰ সন্মুখত নাথাকে। আমাৰ দৃঢ় বিশ্বাস—যিসকলে জনসমাজৰ আগত নিজৰ সংকল্প ঘোষণা কৰে, তেওঁলোকে বছৰৰ অন্তত অন্ততঃ এক সংক্ষিপ্ত আত্মমূল্যায়নৰ জৰিয়তে সেই সংকল্পসমূহৰ সফলতা বা ব্যৰ্থতা ৰাইজক জনোৱা উচিত। ইয়াৰ ফলত সমাজত দায়িত্ববোধ বৃদ্ধি পায় আৰু সংকল্প লোৱাটো কেৱল আনুষ্ঠানিকতাত সীমাবদ্ধ নাথাকে।
সেই দৃষ্টিকোণৰ পৰা, ২০২৬ চনৰ পৰিকল্পনাৰ বিষয়ে কোৱাৰ আগতে বিগত ২০২৫ বৰ্ষৰ কিছু কাম-কাজৰ সংক্ষিপ্ত খতিয়ান দাঙি ধৰিবলৈ বিচাৰিছো। বৰ্তমান মই অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী হিচাপে দায়িত্ব পালন কৰি আছো। একাডেমিক আৰু প্ৰশাসনিক দায়িত্বৰ লগতে শিক্ষাৰ্থীসকলৰ কেৰিয়াৰ গঠনত সহায় আগবঢ়োৱাটো সামাজিক দায়বদ্ধতা বুলি গণ্য কৰো। এই উদ্দেশ্যে মই প্ৰত্যেক শনিবাৰে সন্ধিয়া ৬ বজাৰ পৰা ৯ বজালৈ ফোন (৯৪৩৫১৮৮৬৩০) যোগে বিনামূলীয়াকৈ শিক্ষাৰ্থীসকলৰ কেৰিয়াৰ সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰ দিয়াৰ চেষ্টা কৰিছো। বিগত ২০২৫ বৰ্ষত প্ৰায় ১৫০তকৈ অধিক শিক্ষাৰ্থীয়ে ফোন যোগে নিজৰ শিক্ষাগত দিশ, বিষয় নিৰ্বাচন, প্ৰতিযোগিতামূলক পৰীক্ষা, চাকৰি, ভৱিষ্যৎ লক্ষ্য আদি বিষয়ৰ প্ৰশ্ন উত্থাপন কৰিছিল। বহু অভিভাৱকেও নিজৰ সন্তানৰ কেৰিয়াৰ সন্দৰ্ভত যোগাযোগ কৰিছিল, ইয়াক এক ইতিবাচক পৰিবৰ্তন বুলি বিবেচনা কৰো। ইয়াৰোপৰি আলোচনী তথা বাতৰি কাকতত নিয়মীয়াকৈ কেৰিয়াৰ বিষয়ক লেখা প্ৰকাশ পাইছে। অসমৰ বিভিন্ন শিক্ষানুষ্ঠান আৰু অনুষ্ঠান-প্রতিষ্ঠানৰ স্মৃতিগ্ৰন্থ, মুখপত্ৰ আৰু আলোচনীত বিগত বৰ্ষটোত প্ৰায় ৫০টা কেৰিয়াৰ সম্পৰ্কীয় লেখা প্ৰকাশ পাইছে। এই লেখাসমূহৰ জৰিয়তে শিক্ষাৰ্থী আৰু অভিভাৱকসকলক কেৱল চাকৰি-কেন্দ্ৰিক চিন্তাৰ পৰা ওলাই আহি নিজৰ ৰুচি, সক্ষমতা আৰু ব্যক্তিত্বৰ আধাৰত কেৰিয়াৰ বাছনি কৰিবলৈ উৎসাহিত কৰিবলৈ চেষ্টা কৰিছো।
২০২৫ বৰ্ষটোত অসমৰ বিভিন্ন শিক্ষানুষ্ঠানৰ লগতে সামাজিক-শৈক্ষিক সংগঠনসমূহে আয়োজন কৰা ২০খনতকৈ অধিক কেৰিয়াৰ কৰ্মশালাত অংশগ্ৰহণ কৰাৰ সুযোগ পাইছো। এই কৰ্মশালাসমূহত শিক্ষাৰ্থীৰ লগতে অভিভাৱকসকলৰ লগতো মুখামুখি আলোচনা কৰাৰ সুযোগ লাভ কৰিছো। বৰ্তমান সময়ত কেৱল শিক্ষাৰ্থী নহয়, অভিভাৱকসকলকো কেৰিয়াৰ পৰিকল্পনাৰ অংশীদাৰ হিচাপে সচেতন কৰাটো অতি প্ৰয়োজনীয় বুলি মই বিশ্বাস কৰো। ইয়াৰ বাহিৰেও, বিভিন্ন টেলিভিছন চেনেল, ৰেডিঅ’ অনুষ্ঠান আৰু ৱেব পৰ্টেলত কেৰিয়াৰ বিষয়ক আলোচনা অনুষ্ঠানত অংশগ্ৰহণ কৰিছো। আগ্ৰহী পাঠক-দৰ্শকে এই অনুষ্ঠানসমূহৰ কিছুমান ৰেকৰ্ডিং মোৰ ইউটিউব চেনেলত চাব পাৰে।
বাতৰি কাকতৰ “সম্পাদকলৈ চিঠি” শিতানৰ জৰিয়তে অসমৰ সামাজিক, শৈক্ষিক আৰু প্ৰশাসনিক বিষয়ত নিয়মীয়াকৈ মতামত প্ৰকাশ কৰি আহিছো। লগতে সামাজিক মাধ্যমৰ জৰিয়তে অসমৰ ইতিবাচক খবৰ আৰু উদাহৰণসমূহ সমাজলৈ আগবঢ়াবলৈ চেষ্টা কৰিছো। কেৱল সমালোচনা নহয়, ইতিবাচক দৃষ্টান্তৰ প্ৰচাৰো সমানেই প্ৰয়োজনীয় বুলি দৃঢ়ভাৱে বিশ্বাস কৰো।
বিগত অভিজ্ঞতাৰ আধাৰত, আগন্তুক ২০২৬ বৰ্ষতো এইধৰণৰ কাম-কাজ অব্যাহত ৰাখিম বুলি সংকল্প লৈছো। ‘কেৰিয়াৰ হাতপুথি’ গ্ৰন্থখনৰ সংশোধিত সংস্কৰণ আৰু ইয়াৰ ইংৰাজী সংস্কৰণ ২০২৬ চনত প্ৰকাশ কৰাৰ লক্ষ্য স্থিৰ কৰিছো। লগতে প্ৰত্যেক মাহতে এখনকৈ বিনামূলীয়া কেৰিয়াৰ ৱেবিনাৰ আয়োজন কৰা সংকল্প লৈছো।
নৱবৰ্ষৰ আৰম্ভণিতে সংকল্প লোৱাটো সহজ, কিন্তু তাক বাস্তৱায়ন কৰাটো কঠিন। তথাপিও স্পষ্ট লক্ষ্য, সততা আৰু নিষ্ঠাৰে আগবাঢ়িলে সমাজৰ বাবে কিবা ইতিবাচক কাম কৰিব পৰা যায়। নৱবৰ্ষ ২০২৬ সকলোৰে বাবে আত্মমূল্যায়ন, দায়িত্ববোধ আৰু সমাজমুখী কৰ্মৰ এক নতুন অধ্যায় হৈ উঠক তাৰে কামনা কৰিছো
