নৱবৰ্ষত নতুন চিন্তা কৰোঁ আহক – মুন শৰ্মা

Pc Freepik
নৱবৰ্ষত নতুন চিন্তা কৰোঁ আহক
               মুন শৰ্মা,লখিমপুৰ
সময় সমাগত, অন্ত পাৰিব আকৌ এটা বছৰ। মাত্ৰ কেইটামান দিনহে বাকী মাথোঁ,পুৰণিক বিদায় দি ভুমুকি মাৰিব আকৌ এটি নতুন বছৰে। আহিব নতুন আশা, পাৰ হৈ যোৱা বছৰটোৰ  নিৰাশা,  হতাশাবোৰ খেদি আকৌ নতুন দিগন্তৰ সূচনা হ’ব। চাবলৈ গ’লে আজি বহুবছৰৰ পৰা একেই আশা, সকলোৰে  নহ’লেও ইতিবাচক চিন্তা কৰা সকলৰ বাবে । কিন্তু দুখৰ বিষয় প্ৰতি বছৰে আশাবোৰত চেচা পানী ঢালি নিৰাশা বোৰেহে প্ৰতি বাৰেই ৰাজত্ব কৰে।
আৰু কিমান বাকী! বৰ্তমান পৃথিৱীত হৈ থকা বেয়া বোৰৰ।সীমা দিনে  দিনে  বেছি হৈ গৈয়েই আছে, শেষ হোৱাৰ নাম লোৱা নাই। সকলোতে অকল হত্যা,হিংসা, ধৰ্ষণ, লুণ্ঠন আদিহে বিয়পি পৰিছে।  অসংখ্য ঘটনাই মানৱতা  পতন ঘটালে  অতি দুখ জনক বাবে। শিশু, নাৰী আজিও সুৰক্ষিত নহয়। লগতে এক আন্ধাৰ দিশে যাব ধৰিছে সমগ্ৰ জীৱকুল।
অন্যহাতে প্ৰকৃতি! একেই গতি, একেই দশা আগত কৈ অলপ বেছি হে বেথা। নষ্ট হৈ গৈয়েই আছে চাবলৈ গলে চাৰি ভাগৰ এভাগ হে আছে গৈ বুলি ক’লেও যেন ভুল কোৱা নহ’ব। আধুনিক হোৱাৰ মানসিকতাই  গছ- বন কাটি প্ৰকৃতি আৰু মানুহৰ ভাৰসাম্য নষ্ট কৰি যি  পৰিৱেশ সৃষ্টি কৰি আছে সেয়া মানৱ জাতিৰ লগতে সমগ্ৰ জীৱকুলৰ বাবে  কিমান ভয়ংকৰ হ’ব ভৱিষ্যতলৈ এতিয়াও মানুহৰ মনলৈ অহা নাই।যি সকলৰ আহিছে তেওঁলোকে ও গুৰুত্ব দিব বিচৰা নাই। সিফালে প্ৰদূষণে লৈছে কালৰূপ ধাৰণ। ইয়েই কাৰক হৈ জীৱকুললৈ ভাবুকি  নমাইছে কিন্তু দুৰ্ভাগ্যজনক, জীৱশ্ৰেষ্ঠ মানৱৰ কাণসাৰ নাই। অৰিহণা দিয়াত হে লাগিছে অহৰহ।
২০২৩ৰ দুখন যুদ্ধই সমগ্ৰ ইউক্ৰেন আৰু  গাজা চহৰত যি সংহাৰ কৰিলে সেয়া  কোনে পাহৰিব। আমাৰ মণিপুৰত হোৱা হিংসা কোনে পাহৰিব। যদি আমি ইয়াক ভালকৈ বিশ্লেষণ কৰি চাওঁ যি কাৰণতে উদ্ভৱ নহওক কিয়! শেষত কিন্তু মানৱকে ধৰি জীৱকুলৰ  বিনাশ হে কৰিলে।যিটো ভাল লক্ষণ নহয়,এনেকৈ যদি  আৰু ৫০ বছৰ যুদ্ধ অথবা বিদ্ৰোহ একেৰাহে হবলৈ হয়, এতিয়া  কোটি বছৰৰ আছে  জগতৰ আয়ুস বহু জনে কোৱা কোৱা কথাটো  এটা মিছা কথা লৈ ৰূপান্তৰ হৈ আহি থকা এশ বছৰতে জগতৰ আধা খিনিয়েই আধ্যা পাৰিব।
ক’বলৈ গলে বহু কথাই ওলাব ওপৰত মাত্ৰ সৰু এটা টোকা হে লিখিলোঁ। বৰ্তমান সময়ত জীৱকুল আৰু জগতৰ নেতিবাচক বোৰ ইমানেই দ্ৰুত ভাবে বাঢ়ি  আহিছে ভাবিলে ইটোৰ পাছত সিটো ওলাই থাকিব আৰু ই এখন সৰু কিতাপ হৈ পৰিব যিটো এই সৰু লিখনিটোৰ ভিতৰতে আবদ্ধ কৰি ৰাখিব পৰা নাযায়।
ভাল বোৰ যে একেবাৰে নোহোৱা হৈছে তেনে কিন্তু নহয় তথাপি “এপচি শাকত এটা জালুক” বুলি যে অসমীয়াত কথা এটা আছে সেইটো দৰে ভাল বোৰ হলে জানো হ’ব। এখন গাঁও এটা চাকিৰ পোহৰে গোটেইখন পোহৰাই তুলিব যি দৰে নোৱাৰি ঠিক তেনে দৰেই  কোনোবা দুই -এঠাইত বা দুই-এটা ভাল হ’লেই সি আমাৰ ধৰণীখনৰ মানৱজাতি আৰু সমগ্ৰ জীৱকুল একো উপকাৰ কৰিব নোৱাৰে।
এতিয়া আহোঁ আন এটা কথা লৈ জগতত যিয়েই নহওঁক কিয়  প্ৰকৃতিত নিয়ম মানি নতুন বছৰৰ আহিছিল আহিছে আৰু আহিব। গতিকে জগতত যিয়েই নহওঁক নতুন বছৰক আদৰিবলৈ আমি বোৰ টঙালি বান্ধিব ধৰিছো। ঠিকনা নাই আগন্তুক বৰ্ষত বৰ্তমান বাঢ়িব নে কমিব! তথাপি আমি আশাবাদী হৈ আছোঁ কাৰণ জীৱন  থকা লৈ মানুহৰ আশাও থাকে ।সিফালে সময় এতিয়াও উকলি যোৱা নাই এতিয়াৰ পৰা যদিহে আমি আমাৰ মানসিকতা বোৰ অন্ত কৰি নতুনত্ব ভৰা দিনক স্বাগতম জনাব পাৰো তেতিয়া কিন্তু  আমাৰ সমাজ আমাৰ প্ৰকৃতি আমাৰ পৰিৱেশ সকলো আগৰ দৰেই অনুকূল পৰিৱেশ, সুস্থ প্ৰকৃতি, এখন সব সুন্দৰ সমাজ লৈ ৰূপান্তৰ যে হব তাত নাই কোনো সন্দেহ।
গতিকে  পলমনো কিহৰ! আহক আমি নিজৰ চিন্তা বোৰত নতুনত্ব আনি নতুন সপোন এটা চকুত আঁকি আনৰ বাবে বুলি নাভাবি নিজৰ বাবে, আমাৰ বাবে, আপোনাৰ পৰিয়াল বাবে  ইতিবাচক কৰ্মবোৰ কৰি আমি প্ৰতি জন মানুহে নতুন বছৰক স্বাগতম জনাও।