নৱবৰ্ষত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জ্যেষ্ঠ নাগৰিকৰ বাবে নৱনিৰ্মিত কাৰ্যালয়ৰ আধাৰশিলা স্থাপন

নৱবৰ্ষত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জ্যেষ্ঠ নাগৰিকৰ বাবে নৱনিৰ্মিত কাৰ্যালয়ৰ আধাৰশিলা স্থাপন

এম হাছিম আলী,ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ পানীতোলা অঞ্চলৰ জ্যেষ্ঠ নাগৰিক সকলৰ অন্যতম এক সংগঠন হৈছে পানীতোলা জ্যেষ্ঠ নাগৰিক সংস্থা।পানীতোলা জ্যেষ্ঠ নাগৰিক সকলৰ বহু দিনীয়া এটা আশা আছিল যে এটি কাৰ্যালয় ভৱনৰ আৱশ্যকতা। সেই আশা নৱবৰ্ষত পূৰণ কৰিলে পানীতোলা বিন্ধাকটাৰ সন্তান তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। শনিবাৰ দিনটোত পানীতোলা জ্যেষ্ঠ নাগৰিক সংস্থাৰ বাবে নৱ নিৰ্মিত এটি কাৰ্যলায়ৰ শুভ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। প্ৰায় ১৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মিত নতুন কাৰ্যালয় গৃহটিৰ শুভ উদ্বোধনী নৱবৰ্ষতে হোৱাত এতিয়া পানীতোলা জ্যেষ্ঠ নাগৰিক সকল উৎফুল্লিত হৈ পৰিছে।সমিতিৰ সভাপতি বিমল বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, চাবুৱা-লাহোৱাল বিধান সভা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা, বিজেপি নেতা পুলক গোঁহাই,অসীম হাজৰিকা, অৰুণজ্যোতি মৰাণ,বিশিষ্ট লেখক যজ্ঞেশ্বৰ চেতিয়া, লম্বেশ্বৰ চেতিয়া,প্ৰাক্তন ছাত্ৰ নেতা ভবেন দাসকে ধৰি প্ৰায় শতাধিক জ্যেষ্ঠ নাগৰিক সকল উপস্থিত আছিল। ডিব্ৰুগড় পানীতোলাৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ সম্পাদক দিনেশ দাসে জানিবলৈ দিয়ে।