নৱপ্ৰজন্ময়ে সংস্কাৰবোৰ মা, দেউতাকৰ পৰা গ্ৰহণৰ পৰিবৰ্তে গুগোলৰ পৰা লবলৈ আৰম্ভ কৰিছে – চন্দ্ৰ শেখৰ পৰাজুলী

PC - gettyimages

নৱপ্ৰজন্ময়ে সংস্কাৰবোৰ মা, দেউতাকৰ পৰা গ্ৰহণৰ পৰিবৰ্তে গুগোলৰ পৰা লবলৈ আৰম্ভ কৰিছে

চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি

বৰ্তমান সময়ত আমি আমাৰ অতীতৰ তুলনাত বহু আগুৱাই যাবলৈ সক্ষম হৈছোঁ বুলি আমি সকলোবোৰ মানুহে মনে মনে ধাৰণা কৰিবলৈ ধৰিছো নহয়নে ? কাৰণ বৰ্তমান সময় বিজ্ঞান,প্ৰযুক্তিবিদ্যাৰ, ঔদ্যোগিক ক্ষেত্ৰতে আদি কৰি সকলোবোৰ দিশতে এক নতুনত্ব বিচাৰি পাবলৈ সক্ষম হৈছোঁ। ফলত আমাৰ অতীতৰ তুলনাত আমাৰ বিকাশৰ পথ আৰু অধিক সুদৃঢ় কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ। কিন্তু আমি যদি প্ৰতিটো ক্ষেত্ৰতে নিজস্বত্ব পৰিহাৰ কৰি আনৰ অনুকৰণ কৰিবলৈ আগবাঢ়ি যাওঁ তেন্তে এসময়ত গৈ আমি আমাৰ অস্তিত্বৰ বাবে এক ভাবুকিৰ সম্মুখীন হোৱাটো নিশ্চিত। আমাৰ ভাৰতৰ ইতিহাস বা ভাৰতীয় সভ্যতা বুলি কবলৈ গ’লে একেবাৰে বহুতো পুৰণি। গতিকে এজন মানুহৰ গোটেই জীৱন নিৰ্বাহৰ প্ৰণালী সমূহ আমাতকৈ বহু বছৰ বছৰ আগতেই আমাৰ দেশতে জন্ম গ্ৰহণ কৰা দেব পুৰুষ ,মহা পুৰুষ সকলে লিপিবদ্ধ কৰি গৈছে। আৰু বৰ্তমান সময়তো আমাৰ পূৰ্বপুৰুষ সকলৰ দ্বাৰা বিচাৰ কৰা প্ৰতিটো কথায় হুবহু ৰূপত সমানেই প্ৰয়োজ্জ হৈয়ে আছে। কিন্তু অতি দোষৰ বিষয় এইটোৱে যে, বৰ্তমান সময়ত উঠি অহা নৱপ্ৰজন্ময়ে সংস্কাৰবোৰ আমাৰ পূৰ্বপুৰুষ বা নিজ নিজ অভিভাৱক পৰা বা প্ৰকৃত অৰ্থত ভাৰতীয় সংস্কৃতিৰ, ভাৰতীয় সংস্কাৰবোৰ পৰা আয়ত্ত কৰাৰ পৰিবৰ্তে গুগোল বা ইন্টাৰনেটৰ মাধ্যমেৰে গ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। আচলতে মই ইয়াতে এইটো কবলৈ যোৱা নাই যে,গুগোল বা ইন্টাৰনেটৰ প্ৰতিটো দিশে বেয়া বুলি। কিন্তু ভাৰতীয় সংস্কৃতি ,সংস্কাবোৰৰ লগত কোনো স্বাৰ্থ জড়িত নাছিল। কিয়নো ভাৰতীয় সংস্কাৰত প্ৰতিটো শ্ৰেণীৰ প্ৰতিটো বৰ্গৰ আৰু প্ৰতিটো জাতিৰ কেবল আত্ম উন্নতিৰ বাবে সমৰ্পিত আছিল। আনহাতে গুগোল বা ইন্টাৰনেটৰ মাধ্যমত এতিয়ালৈকে প্ৰতিটো ক্ষেত্ৰতে বহু স্বাৰ্থ জড়িত হোৱা দেখা যায়। আৰু য’ত প্ৰতিটো কথাতে স্বাৰ্থ জড়িত থাকে তাতে জ্ঞান প্ৰদানতকৈ স্বাৰ্থ পুৰণৰ প্ৰতিহে বেছিকৈ প্ৰাধান্য দিয়া দেখা যায়।

বৰ্তমান সময়ত এইটো একেবাৰে এশ শতাংশ শুদ্ধ কথা যে, লাহে লাহে কৰি আমাৰ নৱপ্ৰজন্ময়ে সংস্কাৰবোৰ মা,দেউতাকৰ পৰা গ্ৰহণৰ পৰিবৰ্তে গুগোলৰ পৰা লবলৈ আৰম্ভ কৰিছে। কাৰণ আমাৰ বৰ্তমানৰ অভিভাৱক সকলেওঁ এই ক্ষেত্ৰত সমানে সহাঁৰি আগবঢ়ায় গৈছে। কিয়নো সঁচা অৰ্থত কবলৈ গ’লে বৰ্তমান সময়ৰ অভিভাৱক সকলে কেবল গুগোল, ইন্টাৰনেটৰ মাধ্যমেৰে নিজ নিজ সন্তানবোৰৰ সুন্দৰ ভবিষ্যত গঢ় লৈ উঠিব বুলি মনতে ধাৰনা কৰিবলৈ আৰম্ভ কৰি দিছে। কিন্তু ইন্টাৰনেটৰ মাধ্যমেৰে আমি কেৱল ভাল ভাল জ্ঞানবোৰকে আয়ত্ত কৰিবলৈ পাওঁ বুলি এইটো একেবাৰে আমাৰ ভুল ধাৰণা। কাৰণ গুগোল বা ইন্টাৰনেটৰ মাধ্যমত যিমানেই ভাল দিশ আছে তাতোকৈ বৰ বেয়া বেয়া দিশবোৰ  অন্তৰ্নিহিত হৈ আছে নহয়নে? কিন্তু ভাৰতীয় মহান সভ্যতা, সংস্কৃতি,আৰু ভাৰতীয় সংস্কাৰ সমূহত কেৱল মাত্ৰ ভাল ভাল দিশবোৰে সন্নিবৃষ্ট হৈ আছে। সেয়েহে বৰ্তমান সময়ৰ অভিভাৱকৰে পৰা আৰম্ভ কৰি উঠি অহা নৱপ্ৰজন্ময়ে সংস্কাৰবোৰ ইন্টাৰনেট বা গুগোলৰ জৰিয়তে বিচৰাৰ পৰিবৰ্তে আমাৰ পূৰ্বপুৰুষ জৰিয়তে লিপিবদ্ধ কৰা  গ্ৰন্থ সমূহত, পূৰ্বপুৰুষৰ দ্বাৰা মাৰ্গ দৰ্শন কৰি থৈ যোৱা পথবোৰ অনুকৰণ কৰি যাবলৈ চেষ্টা অব্যাহত ৰখা উচিত হ’ব।