নৱকান্ত বৰুৱাৰ কবিতাৰ বৈশিষ্ট্য ঃ এটি আলোকপাত – নাছিৰ আহমেদ

Pc Poetry without Fear

নৱকান্ত বৰুৱাৰ কবিতাৰ বৈশিষ্ট্য ঃ এটি আলোকপাত

নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা

কুৰি শতিকাৰ চল্লিছৰ দশকৰ পাছৰ পৰাই অসমীয়া কবিতাত পৰিৱৰ্তনশীল সাম্প্ৰতিক কালৰ কবিতাৰ ধাৰাৰ মুখ্য প্ৰতিনিধিৰূপে স্বীকৃতি লাভ কৰা কবি গৰাকীয়ে হৈছে নৱকান্ত বৰুৱা। ইংৰাজী আৰু সম-সাময়িক বাংলা সাহিত্যৰ অধ্যয়নপুষ্ট মন লৈ নৱকান্ত বৰুৱাই অসমীয়া কাব্য জগতলৈ নৱ নৱ চিন্তা আৰু বাস্তৱৰ সংমিশ্ৰন ঘটাই অসমীয়া কাব্য সাহিত্যলৈ বিশিষ্ট অৱদান আগবঢ়াই গৈছে।

বিষয়বস্তুৰ লগত আঙ্গিকৰ অভিনৱত্ব , ভাৱবস্তুৰ লগত ৰূপবস্তুৰ অপূৰ্ব সমন্বয় নৱকান্ত বৰুৱাৰ কবিতাৰ মন কৰিবলগীয়া বৈশিষ্ট্য। তেওঁৰ কবিতাত ইতিহাস চেতনাবোধ, সমকাল চেতনা, মৃত্যুচেতনা,নিঃসঙ্গতাবোধ, ঈশ্বৰৰ অস্তিত্ব আদি বিষয়সমূহেও প্ৰাধান্য লাভ কৰিছে।

মহেন্দ্ৰ বৰাই কোৱা মতে, ” এহাতে ৰবীন্দ্ৰনাথ, আনহাতে ইলিয়ট। এয়ে বোধকৰোঁ নৱকান্ত বৰুৱাৰ কাব্য পৰিক্ৰমাৰ কুমেৰু -সুমেৰু।”

নৱকান্ত বৰুৱাৰ কবিতাত মুক্তক ছন্দৰ সাৱলীল প্ৰকাশ,অভিনৱ চিত্ৰকল্পৰ প্ৰয়োগ আৰু প্ৰতীকি ব্যঞ্জনাৰ ব্যৱহাৰো গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। তেওঁৰ কবিতাত মুক্ত ভাৱে মানৱতাৰ জয়গান গোৱা দেখা যায়।

আঙ্গিক আৰু কলা-কৌশল প্ৰয়োগৰ ক্ষেত্ৰত সাম্প্ৰতিক যুগৰ শ্ৰেষ্ঠ ইংৰাজী কবি টি এছ ইলিয়ট তথা ইউৰোপীয় কবিসকলৰ আৰু বিশেষকৈ শ্ৰেষ্ঠ বাঙালী কবি ৰবীন্দ্ৰনাথ ঠাকুৰ, জীৱনানন্দ দাশ, বুদ্ধদেব বসু,অমিয় চক্ৰৱৰ্তী আদিৰ প্ৰভাৱ সুস্পষ্ট।

নৱকান্ত বৰুৱাৰ কবিতাপুথি সমূহ হ’ল –

হে অৰণ্য, হে মহানগৰ (১৯৫১)
যতি আৰু কেইটামান স্কেচ্ছ (১৯৬০)
এটি দুটি এঘাৰটি তৰা ( ১৯৫৭)
ৰত্নাকৰ ( ১৯৮৬)
ৰাৱণ ( ১৯৬৩)
সূৰ্যমুখীৰ অঙ্গীকাৰ (১৯৯০)
এখন স্বচ্ছ মুখাৰে (১৯৬০)
মোৰ আৰু পৃথিৱী (১৯৭৩)
দলঙত তামীঘৰা ( ১৯৯১)

নিৰ্বাচিত কবিতা (ইংৰাজীত)

অনুবাদ কবিতা —

(ক) এশ কবিতা
(খ) আহত মৰাল
(গ) নজৰুল ইছলামৰ কবিতা
(ঘ) মুখ্যধাৰা
(ঙ) কবিৰাই কয়

নৱকান্ত বৰুৱাৰ প্ৰতিখন কবিতা পুথি কায়িক জীৱনৰ সৌন্দৰ্য, প্ৰেমৰ মাধুৰী, মৃত্যু, ৰহস্য আদি বিবিধবস্তুৰে সমৃদ্ধ। তেওঁৰ কবিতাবোৰত হুইটমেন আৰু খলিল জিব্ৰানৰ কবিতাৰ প্ৰভাৱো বিদ্যমান যদিও এক নিজস্ব স্বকীয়তা তেওঁৰ সমূহ কাব্যসম্ভাৰতো মূলতঃ সুস্পষ্ট। হে অৰণ্য হে মহানগৰ কবিতা পুথিত যুদ্ধোত্তৰ অসমীয়া কবিতাৰ আধুনিকতাৰ সূচনা, ফৰাচী প্ৰতীকবাদী কাব্যৰ প্ৰভাৱ, নগৰীয়া জীৱনৰ জটিলতা আৰু সংকটৰ চিত্ৰণ নে প্ৰকৃতি আৰু সভ্যতাৰ মাজৰ সংঘাত, গভীৰ মনস্তাত্বিক বিশ্লেষণ, মানৱতাবাদ আৰু ইতিহাস চেতনাৰ মিশ্ৰণ,ভাষা-ভাৱৰ মৌলিকতা আৰু আঙ্গিক -বিষয়বস্তুৰ অভিনৱত্ব  ; যিয়ে অসমীয়া কবিতাত এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল। নিঃসন্দেহে, ১৯৫০ৰ দশকত প্ৰকাশিত এই পুথিখন অসমীয়া কবিতাৰ ইতিহাসত এক উল্লেখযোগ্য সংযোজন।

‘এটি দুটি এঘাৰটি তৰা ‘ নৱকান্ত বৰুৱাৰ এক উল্লেখযোগ্য কবিতা পুথি  ; যাৰ বিষয়বস্তু মূলতঃ আধুনিক জীৱনৰ বৈপৰীত্য, মহানগৰৰ কোলাহলত মানুহৰ বিচ্ছিন্নতা, প্ৰকৃতি আৰু মানুহৰ সম্পৰ্ক,প্ৰেম,একাকিত্ব আৰু মানুহৰ গভীৰ মনস্তাত্বিক সংঘাতৰ বৰ্ণনা কৰে, য’ত চিত্ৰকল্পৰ ব্যৱহাৰ আৰু ভাষিক সৌন্দৰ্যই কবিতাক বিশেষ ৰূপ দান কৰিছে।

নৱকান্ত বৰুৱাৰ বিখ্যাত ” ৰাৱণ” কবিতা পুথিখনত ৰামায়ণ মহাকাব্যৰ উল্লেখযোগ্য  ৰাৱণ চৰিত্ৰক এক গভীৰ মনস্তাত্বিক আৰু দাৰ্শনিক দৃষ্টিকোণেৰে উপস্থাপন কৰা হৈছে। য’ত মানৱ জীৱনৰ বীৰত্ব, জ্ঞান আৰু শৌৰ্য আদি মহৎগুণৰ সৈতে মানৱিক দুৰ্বলতাকো তুলি ধৰা হৈছে। ইয়াত ৰাৱণৰ ‘ দশানন’ দহখন মুখ) ৰ মাজত লুকাই থকা বিভিন্ন সত্তা, যেনে ব্ৰাহ্মণৰ প্ৰজ্ঞা, ক্ষত্ৰিয়ৰ সৌৰ্য আৰু দেৱতাৰ বিভিন্ন শিল্পকলাৰ স্পষ্ট প্ৰকাশ হৈছে।

তেওঁৰ ” সম্ৰাট” কবিতাৰ মূল বিষয়বস্তু হৈছে পুৰুষত্বৰ সংকট আৰু আধুনিক যুগৰ মানুহৰ ক্লীৱতা। ইয়াত কবিয়ে নিজকে ‘ ক্লীৱ’ বুলি বৰ্ণনা কৰিছে, যাৰ অন্তৰত অসীম শক্তি থকা সত্ত্বেও তেওঁ বাস্তৱৰ মুখামুখী হ’ব নোৱাৰে, প্ৰকৃত পুৰুষত্ব প্ৰদৰ্শন কৰিবলৈ সক্ষম নহয় আৰু কেৱল ভ্ৰান্তি বা কল্পনাৰ মাজত জীৱনটো পাৰ কৰে।

যতি আৰু কেইটামান স্কেচ্ছ হৈছে নৱকান্ত বৰুৱাৰ এখন উল্লেখযোগ্য কবিতা ; যিয়ে তেওঁৰ আন কেইবাখনো বিখ্যাত কাব্যগ্ৰন্থ আদিৰ সৈতে আধুনিক অসমীয়া কবিতাৰ ধাৰালৈ এক বিশেষ অৱদান আগবঢ়াইছে।

ৰত্নাকৰ নামৰ কবিতা পুথিখনৰ মূল বৈশিষ্ট্যসমূহ মূলতঃ নৱকান্ত বৰুৱাৰ নীলা চৰাইৰ কাব্যিক বৈশিষ্ট্যৰ সৈতে জড়িত। ইয়াত ইংৰাজী ৰোমান্টিক কবিসকলৰ প্ৰভাৱত পৰি ৰোমান্টিকতা, আধুনিক নগৰীয়া চেতনা, দৰ্শন,প্ৰকৃতি আৰু মানৱ জীৱনৰ গভীৰ চিত্ৰণ আৰু সূক্ষ্ম নান্দনিকতা সৃষ্টিৰ মাজেৰে অসমীয়া কবিতাত এটি নতুন মাত্ৰা যোগ কৰিছিল।

সূৰ্যমুখীৰ অঙ্গীকাৰ কবিতা পুথিত এক প্ৰতীকী ৰূপত সূৰ্যমুখীক প্ৰতিনিধিত্ব কৰি মানৱ জীৱনৰ প্ৰেম ,আশা, প্ৰকৃতিৰ সৈতে আন্তঃসম্পৰ্ক, আত্মসন্মানবোধ আৰু জীৱনৰ প্ৰতি গভীৰ দায়বদ্ধতা বিভিন্ন চিত্ৰকল্পৰ উপস্থাপনৰ মাজেৰে প্ৰকাশ হৈছে।

নৱকান্ত বৰুৱাৰ ” মোৰ আৰু পৃথিৱী” কবিতা সংকলনৰ বৈশিষ্ট্যসমূহ হ’ল, আধুনিকতাবাদী দৃষ্টিভংগী, গভীৰ আত্মবিশ্লেষণ, দৰ্শন আৰু অস্তিত্বৰ প্ৰশ্ন,ব্যংগাত্মক উপস্থাপন আৰু বিদ্ৰোহী মনোভাৱ ; য’ত কবিৰ ব্যক্তিগত দুখ আৰু পৃথিৱীৰ সমস্যাসমূহ আধুনিক ভাষা আৰু শৈলীৰে প্ৰকাশ পাইছে, যিয়ে পাঠকক নতুন ধাৰণাৰ সৈতে সংযোগ কৰিছে।

তেওঁৰ ” দলঙৰ তামীঘৰা” কবিতা পুথিত আধুনিক অসমীয়া কবিতাৰ এক বিশেষ ধাৰাৰ প্ৰতিনিধিত্ব কৰে। বৈশিষ্ট্যসমূহ হ’ল, গভীৰ মনস্তাত্বিক বিশ্লেষণ, ঐতিহাসিক সামাজিক পটভূমিৰ প্ৰতিচ্ছবি, নগৰীয়া জীৱনৰ বিচ্ছিন্নতা আৰু নিঃসংগতা, প্ৰকৃতিৰ সৈতে মানৰ জীৱনৰ সম্পৰ্কৰ জটিলতা আৰু ” দলঙৰ তামীঘৰা” ( অৰ্থাৎ অনিশ্চিত আৰু অস্থায়ী আশ্ৰয়) ৰ প্ৰতীকী প্ৰয়োগ,যি মানুহৰ অস্থিৰ অস্তিত্ব আৰু বিচাৰৰ প্ৰতিচ্ছবি ফুটি উঠিছে। কবিতা পুথিখনত আধুনিক মানুহৰ পৰিচয়ৰ সংকট আৰু গভীৰ অন্তৰ্লীন বেদনা অনুভৱ হৈছে।

নৱকান্ত বৰুৱাৰ “এখন স্বচ্ছ মুখাৰে” কবিতা পুথিখনত আধুনিকতা, প্ৰতীকবাদ, চিত্ৰকল্পৰ উপস্থাপন, নিঃসঙ্গতাবোধ, বিষাদগ্ৰস্ততা, সাম্যবাদী ভাৱধাৰা, আৰু মানৱ জীৱনৰ জটিলতাৰ প্ৰতি সমবেদনা ; য’ত কবিয়ে মহানগৰীয়া জীৱনৰ শূন্যতা আৰু ব্যক্তিৰ আৱেগ- অনুভূতি স্বতঃস্ফূৰ্ত ভাৱে প্ৰবাহিত হৈছে।

সংক্ষেপে সাম্প্ৰতিক যুগৰ অসমীয়া কাব্য জগতৰ ধ্ৰুবতৰা নৱকান্ত বৰুৱাৰ কবিতাৰ বৈশিষ্ট্য সম্পৰ্কে আলোকপাত কৰা হ’ল।