নৱকান্ত বৰুৱাৰ ” কপিলীপৰীয়া সাধু” এটি পৰ্যবেক্ষণ
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
বিখ্যাত কবি আৰু ঔপন্যাসিক নৱকান্ত বৰুৱাই” কপিলীপৰীয়া সাধু” নামৰ উপন্যাসখনৰ কাহিনী সাধুকথাৰ গাত আঁউজি ৰচনা কৰিছে। কাহিনীৰ ছত্ৰে ছত্ৰে সাধুকথাৰ কল্প-কাহিনী যেন বিৰিঙি উঠা পৰিলক্ষিত হৈছে।এই উপন্যাসখনৰ মূল পটভূমি কপিলী নৈ। এই কপিলী নৈৰ ঐতিহাসিক তথ্য তথা জনশ্ৰুতিৰ ভিত্তিত ঔপন্যাসিকে কপিলীপৰীয়া সমাজৰ এটি সুন্দৰ প্ৰতিচ্ছবি ফুটাই তুলিছে।
ঔপন্যাসিক নৱকান্ত বৰুৱাই কপিলী নৈৰ পটভূমি গঢ়ি তুলিছে, এনেদৰে খাচিয়া পাহাৰত বৰষুণ হয়, বৰপানী উপচি পৰে। জয়ন্তীয়া পাহাৰত মনচুন নামে, উমিয়াম জুৰি ঢৌৰ সাপৰ নেগুৰছিঙা বেগ। হাফলং মাইবঙৰ আকাশতো মাদল বাজে, দৈয়াঙত হিলদল ভাঙি বগী ঢল নামে। মিকিৰ পাহাৰত কপাহৰ খেতি বৰষুণে তিয়ায়।
এই সকলোৱে কপিলীক পানী যোগান ধৰে। কপিলীৰ পাৰ বাগৰে। পানী বাগৰি বাগৰি পশ্চিম নগাঁও এখন অথায় সমুদ্ৰত পৰিণত হয় গৰু, গাঁও উটি যায়। মানুহে গৈ আশ্ৰয় লয় দ্বীপবোৰত। মানুহ মূৰে পানীত — মাটিত —বেমাৰত — অনাহাৰত।
আকৌ দিনবোৰ যায়, পানী শুকায়। এইখনেই কপিলী। কপিলীয়ে সিহঁতক বানপানীৰে মাৰে। কপিলীৰ পানীয়ে সিহঁতৰ পথাৰত জীপ দিয়ে। কপিলীৰ নিৰ্মল পানীয়ে সিহঁতৰ তৃষ্ণা নিবাৰণ কৰে । কপিলীদিয়েই সিহঁতৰ বেহা-বেপাৰ চলে।
এই কপিলী নৈক কেন্দ্ৰ কৰি বাৰপূজীয়া,গোভা, নেলী, খলা ডিমৰুৱা এইদৰে সাতে পাঁচে বাৰ ঘৰ ৰজা।
লেখে চিং । মানৰ দিনত সকলো থানবান হোৱাৰ পিছতো ৰজা পোৱালী মনসিঙে কপিলীপৰীয়া ভুৰবন্ধা গাঁৱত থিতাপি ললে।
তথাপি কপিলী একে আছে । তিনিমূৰীয়া আজো ককাৰ মুখত শুনা বৰপানী কপিলীৰে লগলগা ঠাইডোখৰৰ পাকটো। তাৰ ওচৰতে গায়ন-বায়নৰ ঘূলীটো । সন্তোষ বঙালৰ টোল আৰু গোৱালপৰীয়াৰ এৰাবাৰী –সকলো একে আছে। মনচিঙৰ পুতেক ধীৰচিঙহঁতৰ গাঁও পকী আলিৰ পৰা চাৰিমাইল। গোৱালপৰীয়া এৰাবাৰীখন গাঁৱৰ সোঁহাতে। মাজতে সন্তোষ বঙালৰ টোল।
এই কপিলী নৈক কেন্দ্ৰ কৰি এই উপন্যাসখনৰ প্ৰধান চৰিত্ৰ ধীৰচিঙৰ পুতেক ৰূপাইৰ জীৱনৰ আৰম্ভনি অৰ্থাৎ শৈশৱ কালৰে পৰা যৌৱন প্ৰাপ্ত হোৱা লৈকে সকলো আশা-নিৰাশা, আনন্দ-বেদনা, প্ৰেম -বিচ্ছেদ, ত্যাগ আদি বিভিন্ন ঘটনাৰ আলমত ফুটি উঠিছে।
তেওঁ মাজে মাজে স্কুল খতি কৰি হ’লেও কপিলীৰ পাৰত যায়। ‘ পাটচেলা স্কুলৰ বেথাৰাম পণ্ডিতে তেওঁক স্কুল খতি কৰাৰ বাবে লাৰুৱা গোপাল হৈ থাকিবলৈ শাস্তি দিছিল। কিন্তু, পণ্ডিতে নাম ডাকোতে মূৰ তুলি দেখে লাৰুৱা গোপাল হৈ থকা ৰূপাই নাই। তেওঁ ইতিমধ্যে কপিলী পাৰৰ থিয় গৰাটোৰ উঁইহাফলুত বহি দেচুৱালী জালোৱা কেইটাৰ মাছ মৰা চাইছে। আৰু জালোৱা কেইটাৰ লগত ভঙা ভঙা হিন্দী ভাষাত বিভিন্ন মৰা মাছকেইটাৰ বিষয়ে প্ৰশ্ন কৰিছে। জালোৱা কেইটা যোৱাৰ পিছতো ৰূপাইয়ে কপিলীৰ পিনে একেথৰে চাই আছে। দদায়েকে ‘ৰূপাই অ’ ৰূপাই’ বুলি ৰিঙিয়াই মতাতহে তেওঁ সম্ভিদ ঘূৰাই পালে আৰু দদায়েকৰ ওচৰত আহি দদায়েকৰ বাহুটোত ওলোমা বাদুলি দিয়ে আৰু কাহি থকা দদায়েকৰ বুকুখন পিহি দিয়ে।
কিন্তু ৰূপাইৰ কপিলীৰ প্ৰতি আকৰ্ষণ কোনোমতে নকমে। এদিন আহিন মাহৰ ১১ তাৰিখে ৰাতি বুঢ়ীমাকে বিছনা খেপিয়াই দেখিলে ৰূপাই নাই। দদায়েকেও ঘৰৰ ডাংডাল মেলি বাহিৰলৈ ওলাই আহি ৰূপাইক ৰিঙিয়াই মাতিলে । মাক ৰঙিলীয়ে অৰ্থাৎ ধিৰচিঙৰ ঘৈণীয়েকে বিননি জুৰিলে। তেওঁলোকে মিনাৰাম দোকানীক জগাই লেমটো লৈ ভঙুৱা ভকতৰ তাতে গৈ ৰূপাইক বিচাৰ-খোচাৰ কৰি ধীৰচিংহঁত কোতকোৰা গছৰ তলতে গাঁওবুঢ়া আৰু দদায়েকে বৰষুণত তিতিবুৰি কপিলীৰ পাৰত উঁইহাফলুত বহি কপিলীৰ পিনে একেথৰে চাই থকা ৰূপাইক লৈ আহি উপস্থিত হোৱা দেখিবলৈ পালে। সিহঁতে যেতিয়া গাঁৱত সোমাই তেতিয়া পূবৰ আকাশখন গোমা হৈ আহিছে। তেতিয়া ভাঙুৰী ভকতে ধীৰচিঙৰ কাণে কাণে ক’লে, ” ল’ৰা পোৱালীটোক ভালকৈ ৰাখিবা চাখিবা দেই। কোনে জানে ,কি হয় — কপিলীৰ কথা। “
এৰা, কথাতো সঁচা বুলি আকৌ প্ৰমাণ হ’ল। ১৯৩৪ চন। এইবাৰ কপিলীৰ বৰ খং । বৰষুণ। জয়ন্তীয়া পাহাৰত, হাফলঙৰ পাহাৰত, মিকিৰ পাহাৰত,খাচিয়া পাহাৰত বৰষুণ আৰু বৰষুণ। এদিন – দুদিন – সাদিন,এপষেক। বৰষুণৰ পানীয়ে কপিলীপৰীয়া গাওঁবোৰ পানীত ডুব গ’ল। ৰূপাইহঁতৰ গাঁৱৰ চিনচাব নাই। সকলোৱে গৈ গোৱালপৰীয়াৰ এৰাবাৰীখনত উঠি আছে। এনেতে ভগৱান সদৃশ জিলাৰ চাহাবে নাওখনত ভৰ্তি ৰিলিফৰ চাউল, ডাইল,তেল আদি আনি তেওঁলোকক দি সহায় কৰিলে। তাৰ পিছত চাহাবে তেৰ মাইল দুৰৰ বানপীড়িত দুৰ্গত গাঁৱৰ খবৰ লবলৈ ইচ্ছা কৰিলে যদিও নাৱৰীয়া হঁতে ভয়তে যাবলৈ মান্তি নহ’ল। তেতিয়া ৰূপাই আৰু ভাঙুৰী ভকতে চাহাবৰ নাও বাই বাই আগবাঢ়িল। এটা সময়ত বেগৱতী কপিলী নৈ পাৰ হ’ল। নাওখন ভকত আৰু ৰূপায়ে আৰু বেগাই চলাবলৈ ধৰিলে। এনেতে তেওঁলোকে দেখিলে যে, গছ এজোপাৰ ডাল এটাত ধৰি এজন আদহীয়া মানুহে ঈশ্বৰৰ নাম জপি আছে আৰু ওচৰতে এজনী গাভৰু ছোৱালী। গাত একো নাই,অজ্ঞান। আদহীয়া মানুহজনে নাৱত আহি বেহুচ হৈ পৰে। সি লৰালৰিকৈ ছোৱালীজনীক নাৱত শুৱাই দি চাদৰেৰে ঢাকি দিলে।
বহুদিনৰ আগৰ কথা। ধীৰচিঙৰ ল’ৰা ছোৱালী নাই। বৰসবাহ পাতি, সইত নাৰায়ণৰ পূজা পাতি, মহামায়াৰ থানলৈ ক’লা পাৰ আগবঢ়াই, মাদলী লৈ,তাবিজ ধোঁৱা পানী খাই এটি সন্তানৰ মুখ দেখিব নোৱাৰি ধীৰচিং ভাঙি পৰিল।
সেই সময়ত কপিলীত ঢল নামিল। যমুনা আৰু দৈয়াঙৰ পানী। ওচৰে পাঁজৰে গাঁও ভুঁই তল গ’ল। নাও এখন লৈ ধীৰচিংহঁতে ভিন গাঁৱৰ মানুহ আনিবলৈ যায়। হঠাৎ সিহঁতে কেৱল শিমলু গছৰ আগ দুটামান ওলাই থকা চৰাইহাগি গাঁৱৰে গৈ থাকোঁতে এটা ক্ষীণ কান্দোনৰ শব্দ শুনিলে। ধীৰচিঙে নাওখন লৈ আগবাঢ়োতে শিশুটোৰে সৈতে ঘৰৰ চালখন আহি সন্মুখত ছিটিকি পৰিল। ধীৰচিঙে ল’ৰাটো আনি মাকৰ গাত পেলাই দি ক’লে, ” ল বৌ তোৰ নাতি —“
ভাঙুৰী ভকতৰ পৰা তেওঁৰ জীৱন বৃত্তান্ত শুনি ৰূপাইৰ ভৰিৰ তলৰ পৰা মাটিখিনি আঁতৰি যোৱা যেন লাগিল। পানী, পানী — চাৰিওপিনে পানী, ধোঁৱা।
সি ৰব নোৱাৰা হ’ল। কপিলীৰ ল’ৰাক যেন কপিলীয়ে মাতিছে। সি কপিলীৰ পাৰে পাৰে দৌৰি দৌৰি কপিলীত জপিয়াই আত্মহত্যা কৰিবলৈ উদ্যত হ’ল। কিন্তু, সি নমৰিল। কপিলীৰ নৈত উটি উটি গৈ ৰূপায়ে কেতিয়া পাৰত লাগিল, সি ক’ব নোৱাৰিলে। সোণপাহীৰ দেউতাকে তেওঁক ঘাটত পৰি থকা দেখি ডাং-কোলাকৈ ঘৰলৈ আনিলে। সোণপাহীয়ে তেওঁক আলপৈচান ধৰি সুস্থ কৰি তুলিলে। এসময়ত তেওঁৰ অশান্ত হৃদয় শান্ত হৈ পৰিল, যেতিয়া সোণপাহীৰ সান্নিধ্য লাভ কৰিলে। তাৰ বুকুত আকৌ বল ঘূৰি আহে। সোণপাহীৰ প্ৰতি তাৰ এটি অদ্ভুত আকাঙ্ক্ষা জাগি উঠে। ভৰা কপিলীৰ বুকু পাৰ হৈ তাইক লগ পোৱাত আছে এটা তীব্ৰ সুৰাৰ জাল। গোসাই পুখুৰীৰ পাৰত সোণপাহীৰ দেহজ প্ৰেম লাভ কৰিবলৈ তেওঁ উদ্বাউল হৈ পৰে। সোণপাহীৰ তেজে তেওঁক বাৰে বাৰে মাতে। সোণপাহীৰ প্ৰতি তাৰ আকুল আকাঙ্ক্ষা — মিলনৰ পিছ মূৰ্হুতৰ চৰম বিতৃষ্ণা!
কপিলীৰ দৰে তেওঁৰ উদ্দাম গতি । তেওঁ কপিলীৰ উঁইহাফলুত বহি কপিলীৰ পিনে একেথৰে চাই থাকে। এনেতে জলক্ কৈ পানীৰ শব্দত তাৰ চিন্তাৰ সুতাডাল ছিগি গ’ল। সোণপাহী নাৱৰ পৰা নামি গৰাটোৱেদি উঠি আহিছে। হঠাৎ সি অনুভৱ কৰে তাৰ কামনাৰ দেৱী, তাৰ বিচৰা গোসাঁনীজনী অতি সাধাৰণ ছোৱালী। তীৰ্থক্ষেত্ৰৰ পৰা দেৱী নাহে — মহামায়াৰ থানৰ পৰা আই ভগৱতী গাঁওলৈ নাহে। সি আকৌ হঠাৎ ক’লে, ” তুমি যোৱাগৈ সোণপাহী, কোনোবাই দেখিব। ” সোণপাহীয়ে তেওঁক ক’লে যে তাইৰ গাত তিনিমাহৰ লেঠা।
” সোণপাহী! ” সি আতুৰৰ দৰে চিঞৰি উঠিল।
সোণপাহীয়ে নাও মেলি আঁতৰি গ’ল। “কপিলীয়ে এদিন আমাক চিনাকি কৰিছে, আকৌ কপিলীয়েই এদিন আমাক আঁতৰাই লৈ যাব।” সোণপাহীৰ কথা তেওঁৰ কাণত বাজিবলৈ ধৰিলে। কপিলীৰ নৈত সোণপাহীয়ে চিৰদিনৰ বাবে উটি ভাঁহি গ’ল।
এনেদৰে কপিলীপৰীয়া ৰূপাইৰ জীৱনৰ আৰম্ভনি আৰু পাতনি কপিলীক কেন্দ্ৰ কৰি ঘূৰি থাকিল। তাৰ উপৰিও, ছাত্ৰ অৱস্থাতে নগাঁও চহৰৰ এক উকীলৰ ঘৰত গৈ ৰূপায়ে জীৱনৰ বহুতো তিতা-কেঁহা অভিজ্ঞতা লাভ কৰি ; য’ত তেওঁ খৰি ফলা, বজাৰ সমাৰ কৰাৰ উপৰিও বিভিন্ন কৰ্ম কৰিব লগা হৈছিল আৰু বিনা দোষত তেওঁক উকীলনীয়ে বিনা দোষত কাণত ধৰি শাস্তি দিছিল তাৰ পৰা পলাই গৈ সি পূৰ্ণ উকীলৰ ভলণ্টিয়াৰৰ দলত যোগদান কৰিলে। আৰু গান্ধীটুপি পিন্ধি মদৰ দোকানৰ আগত পিকেটিং কৰিলে। আৰু এদিন ‘পচেচন’ কৰি কৰি ‘ আ ভাই কানিয়া, কিয়নো খুৱাইছা মাৰ” গানটো গাওঁতে চিপাহীয়ে তেওঁলোকক ধৰি লৈ গ’ল। লগতে লীলা মাষ্টৰৰ ল’ৰাও আছিল। ৰূপায়ে চিঞৰিলে বন্দেমাতৰম, সিহঁতেও চিঞৰিলে বন্দেমাতৰম। জেলত বন্দী হৈ থাকি সি গেলা পোতনিৰ তিলক গোঁসাইক লগ পালে। তিলক গোঁসাইয়ে তেওঁলোকক স্বৰাজৰ কথা, মহাত্মা গান্ধীৰ বাণী, সত্যাগ্ৰহৰ মূল মন্ত্ৰৰ কথা সুন্দৰকৈ বুজাই দিলে। গুৱাহাটী জেলত সি ‘ চুধাংচু’ বাবুক লগ পালে। ৰাতিপুৱা শুই উঠিয়েই সি চুধাংচু বাবুৰ গান শুনিবলৈ পায়। ” সবে মিলি আজি ভাৰত সন্তান, ‘ ব’ল ব’ল ব’ল সৱে। এইবোৰ বাংলা ভাষাৰ স্বৰাজৰ গান। চুধাংচু বাবুৱে তেওঁক স্বদেশী যুগৰ কথা কয়, লাটচাহাবক মাৰিবলৈ ক্ষুদিৰামৰ ফাঁচি,সাতাৱন চনৰ সাধুবোৰৰ কথা। হিন্দু-মুছলমানৰ মিলৰ কথা, তান্তিয়া টোপী, নানা চাহাবৰ কথা কয়। এইবোৰ শুনি শুনি ৰূপায়ে দেশৰ স্বাধীনতা আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰে।
পৰৱৰ্তী তেওঁক মুক্তি কৰি দিয়াত গাঁৱলৈ ঘূৰি গৈ ৰূপায়ে তিলক গোসাঁইৰ উপদেশ মৰ্মে ‘ কৰ্মইহে শ্ৰেষ্ঠ ধৰ্ম ‘ গাঁৱত স্কুল খুলে আৰু সমাজ সেৱাত জীৱন উচৰ্গা কৰে।
” কপিলীপৰীয়া সাধু” উপন্যাসখনত অসমীয়া গ্ৰাম্য জীৱনৰ সহজ-সৰল অনুপম জীৱনধাৰা, কু-সংস্কাৰ আৰু অন্ধবিশ্বাস আদি নিটোল ৰূপে দাঙি ধৰিছে। এই উপন্যাসখন ৰচনা কৰোঁতে কবি নৱকান্ত বৰুৱা আৰু ঔপন্যাসিক নৱকান্ত বৰুৱাই হাতে হাত ধৰি আগবঢ়া যেন অনুভৱ হৈছে। এপিনে সাধুকথাৰ গাত আঁউজি তেওঁ কল্পকাহিনীবোৰ ছিৰিয়েলৰ দৰে আগবঢ়াই লৈছে, আনহাতে উপন্যাসখনৰ প্ৰতি ছত্ৰে ছত্ৰে কাব্যিকতাৰ ৰসেৰে জুবুৰুৱাই তুলিছে। তেওঁ অসমীয়া গাঁৱলীয়া সমাজৰ কথিত ভাষা প্ৰয়োগ কৰি উপন্যাসৰ কাহিনীভাগ জীৱন্ত কৰি তুলিছে। অৱশ্যে, এই উপন্যাসখনত গভীৰতা বিচাৰি পোৱা নাযায়। নাই চৰিত্ৰবোৰৰ মাজত সংঘাত। তিনিমহীয়া অন্তঃসত্ত্বা সোণপাহীক প্ৰেমিক ৰূপায়ে উপেক্ষা কৰাৰ ফলত সোণপাহীয়ে কপিলী নৈত ডুব দি আত্মহত্যা কৰা ঘটনাই ৰূপাইৰ চৰিত্ৰত চন্দ্ৰত কলঙ্কৰ দাগ থকাৰ দৰে কলঙ্কৰ চেকা পৰিছে।
ঔপন্যাসিক নৱকান্ত বৰুৱাই ” কপিলীপৰীয়া সাধু” উপন্যাসখনত বহুল ঘটনাৰ সমাবেশ ঘটাইছে। তাকেই ‘ হাতী মাৰি ভৰুকাত ভৰোৱা ‘ ৰ দৰে সংক্ষেপে বৰ্ণনা তথা পৰ্যালোচনা কৰা হ’ল।