নৰ্থ ইষ্ট  ফুড ফেষ্টত খাদ্যৰ গুণগত মান আৰু মিলেট সম্পর্কীয় আলোচনা চক্ৰ 

নৰ্থ ইষ্ট  ফুড ফেষ্টত খাদ্যৰ গুণগত মান আৰু মিলেট সম্পর্কীয় আলোচনা চক্ৰ 

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগে ২৯ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা নৰ্থ ইষ্ট ফুড ফেষ্টৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচীত খাদ্য সম্পৰ্কীয় দুখন আলোচনা চক্র অনুষ্ঠিত হয় । বেতকুছিৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত প্রথমখন আলোচনা চক্ৰৰ বিষয় হ’ল- “খাদ্যৰ গুণগত মানৰ প্রমানিকৰণ আৰু চাহ আৰু উদ্যান শস্য আদিৰ ৰপ্তানিৰ সম্ভাৱনা বৃদ্ধি” । ভাৰতৰ চাহ পৰিষদৰ কাৰ্যবাহী সঞ্চালক অৰুনিতা ফুকনৰ অধ্যক্ষতাত অনুষ্ঠিত আলোচনা চক্ৰখনত বক্তা হিচাপে অংশ গ্ৰহণ কৰে ভাৰতৰ খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰনৰ উত্তৰ-পূৰ্বাঞ্চলৰ উপ-সঞ্চালক জেষ্ট’জৰ্জ, গুৱাহাটীৰ প্লেণ্ট কুৱাৰ্নেটাইন ষ্টেচনৰ সহকাৰী প্লেন্ট প্রটেকচন বিষয়া ৰবি লক্ষ্মীগুড়ি আৰু নিউট্ৰিঅ’নেচুৰা এগ্ৰ’টেক প্রাইভেট লিমিটেডৰ ৰপ্তানীকাৰী ধৃতিমান ডেকা ৷  ইয়াৰ পিছতে বিয়লি ৩.৩০ বজাত অনুষ্ঠিত দ্বিতীয়খন আলোচনা চক্ৰৰ মূল বিষয় “উত্তৰ- পূৱত মিলেটৰ বৃদ্ধি : আশা আৰু প্ৰত্যাশা” । এই আলোচনা চক্ৰখনৰ অধ্যক্ষতা কৰে অসম গ্রাম্য আন্তঃগাঁথনি আৰু কৃষি সেৱা সমাজৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক আকাশ দ্বীপে । আলোচনাত মুখ্য বক্তা হিচাপে উপস্থিত থাকে গোঁসাইগাঁও আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড° সুনীল পল, বৰাপানীৰ কৃষি গৱেষণা পৰিষদৰ জেষ্ঠ বিজ্ঞানী ড°অমিত কুমাৰ, উত্তৰ প্ৰদেশৰ বাৰাণসী আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ দক্ষিণ এচিয়া আঞ্চলিক কেন্দ্ৰৰ বিজ্ঞানী ড° পনিৰচেলভাম পেৰামেইয়ান, কৃষি আৰু সংসাধিত খাদ্যৰ ৰপ্তানি উন্নয়ন প্ৰাধিকৰণৰ বাণিজ্য উন্নয়ন প্ৰৱন্ধক আশ্রাফ কমল আৰু অসম মিলেট মিছনৰ শ্ৰীনিবাস ভাটুৰী ।