নৰেশ কলিতালৈ অমৃত প্ৰবাহ সাংবাদিকতা বঁটা

নৰেশ কলিতালৈ অমৃত প্ৰবাহ সাংবাদিকতা বঁটা

বিশিষ্ট সমাজকৰ্মী কামিনী বৰুৱালৈ আদৰ্শ জননী বঁটা

ৰঙিলী বাৰ্ত্তাসেৱা-  নলবাৰী জিলাৰ বিশিষ্ট সমাজকৰ্মী কামিনী বৰুৱাক ২০২৫বৰ্ষৰ সন্মানীয় আদৰ্শ জননী বঁটা আৰু বিশিষ্ট সাংবাদিক নৰেশ কলিতাক ২০২৫বৰ্ষৰ সন্মানীয় অমৃত প্ৰবাহ সাংবাদিকতা বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে৷ আদৰ্শ জননী শশীপ্ৰভা কলিতা স্মৃতিৰক্ষা সমিতি আৰু অমৃত প্ৰবাহ কাকতগোষ্ঠীৰ উদ্যোগ সন্মানীয় জুৰি সমিতিৰ বাছনিত ঘোষণা কৰা এই বঁটা অহা ১৫ আগষ্টৰ বিয়লি ৪ বজাত ঐতিহাসিক কটন বিশ্ববিদ্যালয়ৰ এলমনাই প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া আদৰ্শ জননী শশীপ্ৰভা কলিতাৰ ২৩ বৰ্ষীয় পৱিত্ৰ পুণ্য দিৱসত আৰু অসমীয়া সাপ্তাহিক অমৃত প্ৰবাহ কাকতৰ একাদশ বৰ্ষপূৰ্তি উপলক্ষে আনুষ্ঠানিকভাৱে বিশিষ্ট সাহিত্যিক তথা সংবাদ জগতৰ মহীৰূহ কনকসেন ডেকা সুসাহিত্যিক মৃণালিনী দেৱী, ড°দয়ানন্দ পাঠক, ড°সূৰ্যকান্ত হাজৰিকা, ড°হেমপ্ৰভা শইকীয়াক বঁটা প্ৰদান কৰিব৷বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি সমাজৰ বিভিন্ন ক্ষেত্ৰত অৰিহণা আগবঢ়োৱা ২৫ গৰাকী বিশিষ্ট লোকক বিশেষ ব্যক্তি-বিশেষ সন্মান বঁটা প্ৰদান কৰিব৷বিশেষ ব্যক্তি বিশেষ সন্মান বঁটাৰ বাবে নিৰ্বাচিত সকল ক্ৰমে পৱন টেৰণ,চন্দ্ৰ কুমাৰ শইকীয়া,মিথুন দাস,পাৰ্থসাৰথি মহন্ত,দেৱেশ্বৰ মালাকাৰ,ৰাজা বৈশ্য,অৱনী শৰ্মা,বিমান বৰকটকী,ডা°নীলমণি কলিতা,ৰঞ্জন ভুঞা,নন্দন প্ৰতিম শৰ্মা বৰদলৈ, জিতু দলে,ৰাহুল দাস,তুলসী ৰঞ্জন কলিতা,ৰসধৰ শৰ্মা,দেৱজিৎ দাস,কৃষ্ণাক্ষী শৰ্মা,পঙ্কজ শৰ্মা,নলিনী শৰ্মা,মীনা বৈশ্য,ডা°কৃষ্ণা কেম্প্ৰাই,ডা°জয়ন্ত বিশ্ব শৰ্মা,ইন্দ্ৰেশ্বৰ হাজৰিকা,জয়ন্ত অসম, ৰিতু কলিতা৷এক বিবৃতি যোগে আদৰ্শ জননী শশীপ্ৰভা কলিতা স্মৃতিৰক্ষা সমিতিৰ সভাপতি কৈলাশ শৰ্মা আৰু সম্পাদক কুমুদ বড়োয়ে জানিবলৈ দিছে৷৷