“নৰেন্দ্ৰ মোদী চৰকাৰে আভ্যন্তৰীণ জলপথৰ পুনৰুজ্জীৱিতকৰণৰ বাবে ৬,০০০ কোটিতকৈও অধিক পুঁজি বিনিয়োগ কৰিছে”: কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল

“নৰেন্দ্ৰ মোদী চৰকাৰে আভ্যন্তৰীণ জলপথৰ পুনৰুজ্জীৱিতকৰণৰ বাবে ৬,০০০ কোটিতকৈও অধিক পুঁজি বিনিয়োগ কৰিছে”: কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল

“২০১৪ চনত ৰাষ্ট্ৰীয় জলপথৰ সংখ্যা ৫ৰ বিপৰীতে এতিয়া ১১১লৈ বৃদ্ধি পাইছে”: সৰ্বানন্দ সোণোৱাল

“আভ্যন্তৰীণ জলপথৰ জৰিয়তে কাৰ্গ চলাচলৰ পৰিমাণ এতিয়া ১৩৩ নিযুত মেট্রিক টন, যি ২০১৪ চনৰ পৰা ৬৩৫% তকৈও অধিক”: সর্বানন্দ সোণোৱাল

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে নতুন দিল্লীত চলি থকা শীতকালীন সংসদ অধিৱেশনত ২০১৪ চনৰ পৰা দেশৰ আভ্যন্তৰীণ জলপথ খণ্ডৰ পুনৰুজ্জীৱিতকৰণৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ সন্দৰ্ভত আলোকপাত কৰে। মোদী চৰকাৰে আভ্যন্তৰীণ জলপথসমূহক কার্গ’ তথা যাত্ৰী চলাচলৰ এক কাৰ্যকৰী পৰিৱেশ অনুকূল বিকল্প হিচাপে পুনৰুজ্জীৱিত কৰাৰ লগতে জলপথৰ সমৃদ্ধ নেটৱৰ্ক ব্যৱহাৰ কৰি সংযোগ উন্নত কৰাৰ বাবে ৬,০০০ কোটিতকৈও অধিক পুঁজি বিনিয়োগ কৰিছে বুলি সোণোৱালে মন্তব্য কৰে।  কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সর্বানন্দ সোণোৱালে সংসদত সোধা জলপথ সম্বন্ধীয় প্ৰশ্নৰ উত্তৰত কয়, “প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত দেশৰ জলপথৰ সমৃদ্ধ নেটৱৰ্ক আমি ত্বৰান্বিত কৰিছোঁ। ২০১৪ চনলৈকে আমাৰ দেশত মাত্র ৫টাহে ৰাষ্ট্ৰীয় জলপথ আছিল। অৱশ্যে, মোদী চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলত ৰাষ্ট্ৰীয় জলপথৰ সংখ্যা এতিয়া ১১১লৈ বৃদ্ধি পাইছে। যোৱা দশকত দেশৰ আভ্যন্তৰীণ জলপথসমূহ পুনৰুজ্জীৱিত কৰাৰ বাবে ৬,০০০ কোটিৰো অধিক পুঁজি বিনিয়োগ কৰা হৈছে। সবাতোকৈ ব্যয়সাপেক্ষ, পৰিৱেশ অনুকূল আৰু পৰিবহণৰ দক্ষ মাধ্যম হিচাপে বিবেচিত আমাৰ জলপথবোৰৰ সম্ভাৱনা উপলব্ধি আৰু পুনৰুজ্জীৱিত কৰাৰ দিশত এয়া এক উল্লেখযোগ্য পদক্ষেপ।” সৰ্বানন্দ সোণোৱালে লগতে কয়, “পুনৰুজ্জীৱিত ৰাষ্ট্ৰীয় জলপথসমূহে ইয়াৰ প্ৰদৰ্শন যথেষ্ট উন্নত কৰিছে কিয়নো ইয়াৰ দ্বাৰা পৰিবহণ কৰা সামগ্ৰীৰ মুঠ পৰিমাণ ২০১৩-১৪ বৰ্ষত ১৮.০৭ নিযুত মেট্রিক টনৰ পৰা ২০২৩-২৪ বৰ্ষত ১৩২.৮৯ নিযুত মেট্রিক টনলৈ বৃদ্ধি পাইছে, যাৰ ফলত ৬০০% তকৈও অধিক বৃদ্ধি হৈছে। আমি ২০৩০ চনৰ ভিতৰত জলপথৰ জৰিয়তে ১৯৯.৯৯ নিযুত মেট্রিক টন কার্গ’ চলাচলৰ লক্ষ্য নির্ধাৰণ কৰিছোঁ। ২০৪৭ চনৰ প্রতি লক্ষ্য ৰাখি কাৰ্গ চলাচলৰ ক্ষেত্ৰত এক কাৰ্যকৰী বিকল্প হিচাপে আভ্যন্তৰীণ জলপথৰ বিকাশৰ ওপৰত বিশ্বাস ৰাখি আমি ৫০০ নিযুত মেট্রিক টনৰ লক্ষ্য নির্ধাৰণ কৰিছোঁ।” সৰ্বানন্দ সোণোৱালে লগতে কয়, “পুনৰুজ্জীৱিত ৰাষ্ট্ৰীয় জলপথসমূহে ইয়াৰ প্ৰদৰ্শন যথেষ্ট উন্নত কৰিছে কিয়নো ইয়াৰ দ্বাৰা পৰিবহণ কৰা সামগ্ৰীৰ মুঠ পৰিমাণ ২০১৩-১৪ বৰ্ষত ১৮.০৭ নিযুত মেট্রিক টনৰ পৰা ২০২৩-২৪ বৰ্ষত ১৩২.৮৯ নিযুত মেট্রিক টনলৈ বৃদ্ধি পাইছে, যাৰ ফলত ৬০০% তকৈও অধিক বৃদ্ধি হৈছে। আমি ২০৩০ চনৰ ভিতৰত জলপথৰ জৰিয়তে ১৯৯.৯৯ নিযুত মেট্রিক টন কার্গ’ চলাচলৰ লক্ষ্য নির্ধাৰণ কৰিছোঁ। ২০৪৭ চনৰ প্রতি লক্ষ্য ৰাখি কাৰ্গ চলাচলৰ ক্ষেত্ৰত এক কাৰ্যকৰী বিকল্প হিচাপে আভ্যন্তৰীণ জলপথৰ বিকাশৰ ওপৰত বিশ্বাস ৰাখি আমি ৫০০ নিযুত মেট্রিক টনৰ লক্ষ্য নির্ধাৰণ কৰিছোঁ।”