নৰেন্দ্ৰ মোডীৰ ‘মন কি বাত’ অনুষ্ঠান

Pc Medical Dialogues

নৰেন্দ্ৰ মোডীৰ ‘মন কি বাত’ অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অন্যতম জনপ্ৰিয় ৰেডিঅ’ অনুষ্ঠান “মন কী বাত”ৰ অনুষ্ঠানটি আজি সমগ্ৰ অসমৰ প্ৰত্যেক জিলাতেই ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ কাৰ্যকর্তা সকলে উপভোগ কৰে আৰু প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰেৰণ কৰিব বিচৰা দেশনিৰ্মান তথা ব্যক্তিনিৰ্মানৰ আশাপ্ৰদ, অৰ্থবহ চিন্তা চৰ্চা সমূহ হৃদয়ংগম কৰিবলৈ অংগীকাৰ গ্ৰহণ কৰে।এই কাৰ্যসূচীত ৰঙিয়া বিধানসভা সমষ্টিৰ বৰলীয়া ব্লক মণ্ডলৰ অন্তৰ্গত ১১নং বুথৰ তুলসীবাৰী ৰাজহুৱা শ্ৰীশ্ৰী দুৰ্গা মন্দিৰ প্ৰাংগনৰ পৰা উপস্থিত হৈ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি, ভবেশ কলিতাই কয় যে , প্ৰতিবাৰৰ দৰেই আজিৰ অনুষ্ঠানেও অতিশয় আপ্লুত কৰা লগতে প্ৰধানমন্ত্ৰীৰ সু-গভীৰ বক্তব্য আৰু আলোকপাতে সকলোৰে মন- মগজু সমৃদ্ধ কৰিলে।মুখ্যমন্ত্ৰী পৰিষদৰ মজিয়াৰ পৰা এই কাৰ্যসূচীত উপস্থিত থাকি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে, প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে অসমৰ সমৃদ্ধ সভ্যতাৰ ঐতিহ্য সংৰক্ষণৰ বাবে কৰা প্ৰচেষ্টাৰ দিশত ৰখা বক্তব্যই সকলোৰে হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। তেওঁ উল্লেখ কৰে যে আমাৰ বাবে অত্যন্ত গৌৰৱৰ বিষয় যে ‘মন কী বাত’-ৰ আজিৰ বিশেষ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী শ্ৰী নাৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰা আহোম ৰাজ্যৰ পৱিত্ৰ সমাধিক্ষেত্ৰ, চৰাইদেউৰ এই ঐতিহাসিক মৈদামসমূহক ইউনেস্কোই বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে।তেওঁ দৃঢ়তাৰে কয় যে দেশপ্ৰেমৰ জ্ঞানবোধেৰে জীপাল হৈ পৰা এনে এক অনুভূতিক আজি প্ৰতিগৰাকী গৰ্বিত অসমীয়াই অনুভৱ কৰিছে আৰু চৌদিশে আমাৰ প্ৰাচীন সংস্কৃতিৰ এনে উদযাপনত, ভাৰতৰ সাংস্কৃতিক মছনদত অসমীয়াৰ অসমীয়াত্ব‌ই প্ৰাণ পাই উঠিছে।