ন্যায় বিচৰাৰ অন্যায় – মিৰ্জা লুৎফৰ ৰহমান

Pc Opinio Juris

ন্যায় বিচৰাৰ অন্যায়

মিৰ্জা লুৎফৰ ৰহমান

সামাজিক মাধ্যমত কোনোবাই কোৱা দেখিলোঁ জুবিনৰ ন্যায় হেনো সংখ্যালঘু মুছলমান তথা মিঞা সকলক বেছিকৈ লাগে ! তাৰ পাছত আকৌ মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে নিজৰ ফেচবুক লাইভত নাম উল্লেখ নকৰাকৈ উচ্ছেদৰ প্ৰসংগ টানি আনি জুবিনৰ ন্যায় বিচৰা বিষয়ত যিখিনি কথা ক’লে তাৰ পৰা সকলোৱেই বুজিছে তেখেতে কাৰ কথা কৈছে ! মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অভিযোগ আনিছে যে এবাৰ চাৰিজন লোকে জুবিনক আক্ৰমণ কৰোঁতে সেই মানুহবোৰে (যিবোৰ মানুহৰ প্ৰতি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আঙুলিয়াইছে ) কিয় প্ৰতিবাদ কৰা নাছিল ।  এইখিনিতে কথাটো যদি তেনে হয় তেন্তে জুবিনৰ জীৱন কালত জুবিনৰ সৈতে বহুতেই অভদ্ৰামি কৰা অসমবাসীয়ে দেখিছে । জুবিনক তীক্ষ্ণ সমালোচনা কৰা মানুহৰ ভিতৰত স্বয়ং মুখ্যমন্ত্ৰীকো আমি দেখিছো । আনকি বিশিষ্ট লেখক, সমালোচক ময়ূৰ বৰা ডাঙৰীয়াই মঞ্চত মাইকত ৰাজহুৱাকৈ জুবিনক তীব্ৰ সমালোচনা কৰাও দেখিছো । সেইবুলি সকলোতেই জনতাই আবেগিক হৈ পৰা নাছিল । আনকি সকলো সমালোচনাই সদায় জনতম গঠণ নকৰে । জনতাই বহু বিষয় প্ৰশাসন তথা চৰকাৰলৈ ঠেলি দিয়ে । চৰকাৰৰ দ্বায়িত্ব বুলি সমালোচনা কৰে । আকৌ জুবিনৰ হৈ প্ৰতিটো ক্ষেত্ৰতে মাত মতা মানুহো সদায় আছিল। বহুতে জুবিন গাৰ্গৰ গীত শুনি ভাল পাইছে, কথা শুনি ভাল পাইছে । আকৌ জুবিনে মঞ্চত কৰা কিছুমান পাগলামিৰ সমালোচনাও কৰিছে ! আকৌ প্ৰাণৰ শিল্পী বুলি বুজিয়ে হওক বা নুবুজিয়েই হওক তেনে ক্ষেত্ৰত নিৰৱেও থাকিছে ।

জুবিন গাৰ্গৰ বহু গীতৰ অৰ্থ বহুতেই তেওঁৰ মৃত্যুৰ পাছতহে প্ৰকৃততে বুজি পাবলৈ সক্ষম হৈছে । যিটো কথা তেওঁ নিজেই গীতৰ মাজেৰেই কৈ গৈছে ।

“মোৰ কবিতাৰ ছন্দ,
গাণৰ সুৰ
বুজিবা তুমি সেই দিনা,
যিদিনা মই নাথাকিম জানা !”

কিন্তু জুবিন গাৰ্গৰ প্ৰতি জনতাৰ ভাল পোৱাকো শ্ৰেণীবদ্ধ কৰিব বিচৰাটো অতি দুৰ্ভাগ্যৰ কথা  ! জুবিন গাৰ্গৰ মৃত্যুত যিয়ে কান্দিছে । তেওঁ হৃদয়ৰ নিভৃত কোণৰ পৰা মৰম, ভালপোৱাৰ তাৰনাতেই কান্দিছে । এই আবেগক অন্ততঃ অনুগ্ৰহ কৰি তাচ্ছিল্য নকৰিব মাননীয় মুখ্যমন্ত্ৰী মহোদয় ।

বাংলাদেশৰ পৰা গায়ক অনা, বিষয়টোক আপুনি যি ধৰণে বুজাব বিচাৰিছে তেনে ক্ষেত্ৰত আমি এইটোও পাহৰিব নালাগিব যে উক্ত মানুহখিনি বংগীয় মূলৰ মানুহ যি সকলে অসমত থাকি অত দিনে নিজস্ব পৰিচয় ৰক্ষা কৰিও অসমীয়া ভাষা-সংস্কৃতিক বুকুৰ আপোন কৰি ল’বলৈ কোনো চেষ্টাৰ ত্ৰুটি কৰা নাই । মাননীয় মুখ্যমন্ত্ৰীৰ সুৰে ক’বলৈ গ’লে অসমত বাহিৰৰ সংগীত শিল্পী আনি হেজাৰ হেজাৰ টকাৰ টিকটত দেখোৱাৰ দৰে বিষয়বোৰক কি বুলি ক’ব ? আৰু তেনে অনুষ্ঠানৰ সমালোচনাও হৈছে । আনহাতে অসমৰ শিল্পী সকলো বাহিৰৰ দেশত যায় । বাংলাদেশলৈয়ো যায় । শিল্পী সকলে মানুহৰ হৃদয়ৰ হেতু সৃষ্টি কৰে । তেওঁলোকক ভৌগলিক সীমাত সীমাবদ্ধ কৰিব বিচৰাটো আচলতে ভাল কথা হ’ব নোৱাৰে । অথচ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমীয়া জাতি ৰক্ষাৰ কথা কওতে বংগীয় মূলৰ মুছলমানকে টাৰ্গেট কৰি কথা কোৱা দেখা গ’ল । বিদেশী মুক্ত অসম গঢ়াটো মাননীয় মুখ্যমন্ত্ৰীৰ দৰে আমিও বিচাৰো ।

কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি ৰাজ্যখনৰ মুৰব্বী, আমাৰো মুৰব্বী, আপুনি আমাক ভীতিগ্ৰস্থ কৰিব পৰাকৈ কথা কোৱাটোহে আমাৰ দুৰ্ভাগ্য !

অসমত বসবাস কৰা সকলো বংগীয় মূলৰ মানুহ বাংলাদেশী নহয় । সেই কথা আপুনিও জানে । আপোনাৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক জীৱনত অসমৰ জনগাঁথনিৰ প্ৰতিটো কথা পুংখানুপুংখ ভাৱে আপুনি জানে । গতিকে বাংলাদেশী নাগৰিকক এটা এটাকৈ ধৰি বাংলাদেশলৈ প্ৰেৰণ কৰোতে যে তাত কাৰোৰে আপত্তি থাকিব নোৱাৰে আৰু নাইও সেইটোও আপুনি জানে ! প্ৰকৃতাৰ্থত বাংলাদেশী ধৰি বাংলাদেশলৈ পঠিয়াই দিয়াত কাৰো আপত্তি নাই ।

অৱশ্যে চৰকাৰৰ মুৰব্বী হিচাপে চৰকাৰৰ বিৰুদ্ধে যিকোনো বিষয়ত ষড়যন্ত্ৰ কৰা সকলক ধৰা পেলোৱাৰ যিটো কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে তাত আচৰিত হবলগীয়া বিশেষ একো নাই কাৰণ আমি বিশ্বাস কৰো যে তেনে ষড়যন্ত্ৰ ধৰা পেলাই নিঃশেষ কৰিব পৰাকৈ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বুদ্ধিমান আৰু দক্ষ । কিন্তু তেখেতৰ সেই বুদ্ধি আৰু দক্ষতা বংগীয় মূলৰ সংখ্যালঘু মুছলমান (মিঞা)  জনগণৰ বিৰুদ্ধে বিভিন্ন ক্ষেত্ৰত প্ৰয়োগ হ’বলৈ ধৰিলে মানুহবোৰৰ কি উপায় হ’ব ?

আমি বিচাৰোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বংগীয় মূলৰ মুছলমান ( মিঞা) সকলৰ মনৰ কথাবোৰ অনুভৱ কৰিবলৈ আওকাণ নকৰক…

ইতিমধ্যে কিছুমানে মিঞাৰ নাম লৈ অভিযোগ কৰা দেখিছোঁ যে জুবিন গাৰ্গৰ ন্যায় মিঞাকহে বেছিকৈ লাগে । আমাৰ কথা-

অ’ লাগে !কাৰণ জাতি-ধৰ্ম-বৰ্ণৰ উৰ্ধত গঠিত এখন বৃহত্তৰ অসমীয়া জাতিৰ সপোন দেখা শিল্পী জনাৰ বৰ অসমত, শান্তিৰ অসমত মিঞাই কোনো তুচ্ছ-তাচ্ছিল্য নুশুনাকৈ গৌৰৱেৰে অনুভৱ কৰিব বিচাৰে-

“জীৱনে মৰণে মই
চিৰদিন অসমীয়া,
অসমীয়া দেহে প্ৰাণে মই !”

আমি উক্ত বাক্য শাৰীৰ মৰ্ম উপলদ্ধিৰ মাজেৰে জীৱন জীয়াব বিচাৰো। জীৱন বিন্যাসত গীতিকাৰ জনৰ কলমেৰে কথাষাৰী নিগৰাৰ তীব্ৰতাক সিচঁৰিত কৰি আমি শ্ৰেষ্ঠতা অৰ্জন কৰিব বিচাৰো । হৃদয়ৰ নিভৃত কোণৰ পৰা আৰম্ভ কৰি সামাজিক জীৱনৰ মূৰ্ত-বিমূৰ্ত সকলো ক্ষেত্ৰত অসমীয়াত্ত্বৰ সূঁতাৰে বোৱা গামোছাখনত বুটা ফুলৰ চানেকিৰ দৰে সংপৃক্ততা বিচাৰো ।

ভালপোৱা পাব বিচাৰো, ভালপোৱা দিব বিচাৰো । কেৱল ৰাজনীতি কৰি থাকিব পৰাৰ স্বাৰ্থত ৰাজ্যখনৰ এক তৃতীয়াংশ ভাৰতীয় নাগৰিকক বিদেশী আখ্যায়িত কৰি যুগে যুগে ঘৃণা সৃষ্টি কৰি অহা সকলৰ পৰা পৰিত্ৰাণ বিচাৰো । ৰাজনীতি ধৰ্মৰ নামত নহয়, ৰাজনীতি উন্নয়নৰ নামত হোৱাটো বিচাৰো । এখন বিকশিত অসম বিচাৰো ।

কঠোৰ পৰিশ্ৰম আৰু নিপুণ কৃষি কৰ্ম কৰিব পৰা বংগীয় মূলৰ সংখ্যালঘু মুছলমান (মিঞা) সকলে কৰ্ম সংস্কৃতি বিচাৰে । জাতি ধৰ্মৰ উৰ্ধত উঠি হাতে হাত মিলাই কৰ্ম কৰি, কৃষিত উৎপাদন কৰি ৰাজ্যখনক দেশৰ ভিতৰত আগস্থানত থিয় কৰাব বিচাৰে । মিঞাই কৃষি বিপ্লৱ বিচাৰে । সংখ্যাগৰিষ্ঠ জনতাৰ সহযোগ বিচাৰে । চৰকাৰৰ সহায় বিচাৰে । সঠিক পৰিকল্পনা বিচাৰে ।

সমস্যাৰ সমাধান বিচৰাক নিশ্চয় আপুনি দোষাৰোপ নকৰিব ! মিঞাই বান-গঢ়াখহনীয়াৰ স্থায়ী সমাধান বিচাৰে। ভূমি হীন নাগৰিকক চৰকাৰে ভূমি প্ৰদান কৰাটো বিচাৰে । ভূমি পট্টা বিচাৰে । বাট-পথ সুচল বিচাৰে । সৰু-বৰ ব্যৱসায়ৰ সুযোগ বিচাৰে । কৰ্মৰ সুযোগ বিচাৰে ।

ভাৰতীয় নাগৰিক মিঞাই সাধাৰণ নামৰ বানান ভুল অথবা কোনো এটা নথিৰ ভুলৰ বাবে ডিচটেন্সন কেম্পত বন্দীহৈ নাথাকি মুক্ত জীৱন বিচাৰে । অসমৰ আকাশ-বতাহ ধূৱলি-কুৱলি কৰি ৰখা বিদেশী সমস্যাৰ চিৰদিনৰ বাবে সমাধান বিচাৰে ।

বংগীয় মূলৰ এইসকল মুছলমান জনতা (মিঞা) ই ভাল নাগৰিকৰ জীৱন জিয়াব বিচাৰে। শিক্ষা, স্বাস্থ্যৰ ক্ষেত্ৰত চৰকাৰী সুবিধা শ্ৰেষ্ঠ ধৰণৰ হোৱাটো বিচাৰে ।

ৰাষ্ট্ৰই নিজৰ নাগৰিকক প্ৰদান কৰা সকলো ন্যায়, সমতা, সম অধিকাৰ, ভাতৃত্তবোধ প্ৰতিষ্ঠা হোৱাটো বিচাৰে ।

তেওঁলোক নিজৰ ধৰণে থাকিও অসমীয়া সাহিত্য-সংস্কৃতি বিশ্বমানৰ হৈ থকাটো বিচাৰে । নিজৰ ভাষা থকা স্বত্বেও অসমীয়া ভাষাৰ শ্ৰী বৃদ্ধি হোৱাটো বিচাৰে, মাতৃভাষাৰ মৰ্যাদাৰে বুকুত সাৱটি থাকিব বিচাৰে ।

জুবিনৰ সপোনৰ বৰ অসমত এদিন মিঞা হৈ জীয়াই চাওক । প্ৰতিজন জুবিন অনুৰাগীৰ স’তে একাকাৰ হৈ জুবিনৰ বাবে এদিন এজন মিঞাৰ স্থানত থিয় হৈ কান্দি চাওঁক। জুবিনৰ গীতৰ কথাবোৰ হৃদয়ংগম কৰি প্ৰাণখুলি গাই চাওঁক। গুণগুণাই চাওঁক! বুজিব মিঞাই জুবিনৰ বাবে ন্যায় বিচৰাৰ কি উপলদ্ধি !

মিঞাই ন্যায় বিচাৰে । বৰ অসমৰ আজিৰ যুগৰ খনিকৰ জুবিনৰ বাবে ন্যায় বিচাৰে । যিদৰে আপুনি বিচাৰে । যিদৰে আন অসমীয়াই বিচাৰে । যিদৰে প্ৰতিজন জুবিন অনুৰাগীয়ে বিচাৰে । তেনেদৰে আমিও ন্যায় বিচৰাটো যদি কাৰোবাৰ মতে অন্যায় তেন্তে আমি ন্যায় বিচাৰো !