ন্যায়ৰ ৰক্ষকে যেতিয়া ন্যায় বিচাৰে  – আয়শা ছিদ্দিকা 

Pc Corporate Finance Institute

ন্যায়ৰ ৰক্ষকে যেতিয়া ন্যায় বিচাৰে 

আয়শা ছিদ্দিকা 
বাংলিপাৰা, বৰপেটা 

দেশৰ অৱস্থা বৰ্তমান পানীত হাঁহ নচৰাৰ দৰেই হৈছে। প্ৰায় এমাহ আগত অসমবসীয়ে অসমৰ অমূল্য ৰতন হেৰুৱাই দিশ হেৰুৱাই পেলাইছে। মৃত্যুৰ আঁৰত ৰহস্য থকাৰ উমান পায় যিয়ে যেনেকৈ পাৰে নিজৰ ঠাইৰ পৰা ন্যায় বিচাৰি প্ৰতিবাদ, সংগ্ৰাম কৰি আছে। অভিযুক্ত সকলক অৱশ্য ৰাইজৰ প্ৰকোপৰ পৰা ৰক্ষা কৰিবলৈ গ্ৰেপ্তাৰ নকৰা নহয়।যোৱা কেদিন মানৰ পৰা # টেগ ব্যৱ্হাৰ কৰি ন্যায় বিচাৰি সামাজিক মাধ্যমত এক আলোড়নৰ সৃষ্টি কৰিছে ৰাইজে।প্ৰাৰ্থনা, চাকি, বন্তি জ্বলায় নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰি আছে , মায়াবিনী গীত বজাই বজাই চৰকাৰক বিনম্ৰ অনুৰোধ কৰি আছে তদন্ত সূচাৰুৰূপে কৰিবলৈ, ন্যায় দিবলৈ।

  কিন্তু ভাবিবলগীয়া কথা হ’ল সামাজিক মাধ্যমত যেতিয়া চৰকাৰৰ মানুহে ন্যায় বিচাৰি সভা আয়োজন কৰা দেখা পোৱা গ’ল। । ন্যায় বিচাৰি লিখা #Justice শব্দটো ভুলকৈ লিখাটো ৰাইজে মানি ল’ব পৰা নাই। প্ৰিণ্ট ভুল হ’ব পাৰে তাত থকা মানুহে এইটো লক্ষ্য কৰা নাইনে…? ইমানে অৱজ্ঞা কিয়..? এইটো কথা কেনিবাকৈ প্ৰিণ্ট ভুল বুলি এৰিলোঁ কিন্তু জুবিন গাৰ্গৰ ন্যায় বিচাৰি আয়োজন কৰা ডাঙৰ বেনাৰখনত জুবিন গাৰ্গৰ এটা ছবিয়ে ঠাই নাপালে নে…?

 ইয়াতকৈ ডাঙৰ কথা  ৰাজ্যত, কেন্দ্ৰত যি দলৰ চৰকাৰ সেই দলেই যদি ন্যায় বিচাৰি ৰাজপথত নামিব লাগে তেন্তে দেশৰ ন্যায় ব্যৱস্থাৰ অৱস্থা কিমান শোচনীয় এইটো আৰু অনুমান কৰিব নালাগে চাগে।

অসমৰ উজ্জ্বল নক্ষত্ৰ এটিৰ বাবে ন্যায় বিচাৰি যদি চৰকাৰে প্ৰতিবাদ কৰাৰ দৰে অৱস্থা আহি পৰে সঁচাই এয়া গৰিহণাৰ যোগ্য কথা হৈ পৰে। ভাবি পোৱা নাই সন্মুখৰ নিৰ্বাচনৰ চিন্তাত সকলোৰে চিন্তাশক্তি লোপ পাইছে নে

ৰাইজক ৰংপুৰৰ মফিছ বুলি ভাবে।

সামাজিক মাধ্যমত মই জুবিন আমিও জুবিন শ্লোগান দি নিজক জুবিন অনুৰাগী বুলি পৰিচয় দিবলৈ গৈ ৰাইজৰ প্ৰকোপ সহ্য কৰিব নোৱাৰি আকৌ  ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী বুলি শ্লোগান সলনি কৰি নিজৰ পৰিচয় দিয়ে।

এনে অনুভৱ হয় ৰঙীন নাট্যমঞ্চৰ মনোৰঞ্জক নাটকৰ দৃশ্য চলি আছে দেশত।  ন্যায়ৰ ৰক্ষকে যেতিয়া ন্যায় বিচাৰি সংগ্ৰাম, প্ৰতিবাদ, আন্দোলন, মিছিল উলিয়াব লাগে ৰাজপথত তেন্তে সমধৰণ ৰাইজৰ গতি কি…?

এইবোৰ ৰং লীলা বন্ধ কৰক ন’হলে কোনদিনা আকৌ অভিযুক্ত সকলে ৰাজপথত উলিয়াই আহি ন্যায় বিচাৰি সংগ্ৰাম আৰম্ভ কৰি দিয়ে ঠিক নাই।

সময় গৈ আছে গৈ থাকিব  ৰাইজৰ দাবী এটাই থাকিব জুবিন গাৰ্গক ন্যায় লাগে। চৰকাৰ গঠন কৰা দলে নিজে ন্যায় বিচাৰি ৰাজপথত নামি নিজক অনুৰাগী দেখুৱাব গৈ ৰাইজৰ প্ৰকোপৰ স্বীকাৰ হ’ব লগা পৰিস্থিতি হৈছে।

এটাই অনুৰোধ ভেকো ভাওনা বন্ধ কৰক । ৰাইজক টুপি পিন্ধাবলৈ যিমান সময় নষ্ট কৰি থাকে সিমান খিনি সময় তদন্তৰ কামত লগালে ইমান ট্ৰলৰ স্বীকাৰ হ’ব নালাগে আৰু জুবিন গাৰ্গে ন্যায় পাবলৈও সময় নালাগে। ৰাইজৰ বাঃ বাঃ লোৱাৰ মানসিকতা পৰিহাৰ কৰি সঁচা অৰ্থত ৰাইজৰ হকে পদক্ষেপ লওক।