ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে অৰবিন্দ কেজৰিৱালক

PC-India.com
ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে অৰবিন্দ কেজৰিৱালক
ৰঙিলী বাৰ্ত্তাসেৱা- ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে অৰবিন্দ কেজৰিৱালক। দিল্লীৰ ৰ’জ এভিনিউ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে কেজৰিৱালক। ১৫ এপ্ৰিল পৰ্যন্ত ন্যায়িক জিম্মাত থাকিব লাগিব কেজৰিৱাল। ইয়াৰ পূৰ্বে, ২৮ মাৰ্চত ৰ’জ এভিনিউ আদালতে কেজৰিৱালৰ ইডিৰ জিম্মা ১ এপ্ৰিললৈ বৃদ্ধি কৰিছিল। ইডি জিম্মা সমাপ্ত হোৱাৰ পাছত আজি আদালতত হাজিৰ কৰোৱা হৈছিল মুখ্যমন্ত্ৰীগৰাকীক।তিহাৰ জেললৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক। উল্লেখ্য যে, প্ৰায় ৬০০কোটি টকাৰ সুৰা কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খোৱাত ইডিয়ে ২১ মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱালক। প্ৰথমে ৯বাৰকৈ ইডিয়ে চমন দিয়াৰ পাছতো অৰবিন্দ কেজৰিৱাল উপস্থিত নোহোৱাত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক চৰকাৰী বাসভৱনৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। আদালতত উপস্থিত আছিল কেজৰিৱালৰ পত্নী সুনীতা। তাৰ উপৰি আহিছিল দিল্লীৰ দুই মন্ত্ৰী অতিশী মাৰলেনা আৰু সৌৰভ ভৰদ্বাজ। আদালতত ইডিৰ ফালৰ পৰা জনোৱা হয়, তদন্তত সহযোগিতা কৰা নাই কেজৰিৱালে। বহু প্ৰশ্নৰ উত্তৰ এৰি চলিছে।