ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ অপসাৰণ প্ৰক্ৰিয়া আৰম্ভ
ৰঙিলী বাৰ্ত্তাসেৱা- দেশজুৰি ব্যাপক চৰ্চিত অগ্নিকাণ্ডৰ সময়ত বাসগৃহত নগদ ধন উদ্ধাৰ গোচৰত ন্যায়াধীশ যশৱন্ত বাৰ্মাক অপসাৰণ প্ৰক্ৰিয়া আৰম্ভ হ’ল লোকসভাত। চলিত বর্ষাকালীন অধিৱেশনৰ লোকসভাত অধ্যক্ষ ওম বিৰলাই ন্যায়াধীশ বাৰ্মাৰ তদন্তৰ বাবে গঠন কৰিলে তিনিজনীয়া কমিটী। ১৪৬জন সাংসদৰ স্বাক্ষৰসহ ন্যায়াধীশ বাৰ্মাৰ বিৰুদ্ধে মহাভিযোগ প্রস্তাৱ গ্ৰহণ কৰি অধ্যক্ষ বিৰলাই তিনিজনীয়া কমিটী গঠন কৰে। কমিটীত আছে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অৰবিন্দ কুমাৰ, মাদ্রাজ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মণিন্দৰ মোহন আৰু প্রখ্যাত আইনজীবী বি ভি আচার্য। এই তিনিজনীয়া কমিটীয়ে তদন্ত কৰি লোকসভাত দাখিল কৰিব। উল্লেখ্য যে ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ অপসাৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰি অধ্যক্ষ ওম বিৰলাই কয়- ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ অপসাৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা উচিত। দুর্নীতিৰ বিৰুদ্ধে সংসদ একগোট হৈছে। জনতাই বিচাৰ প্ৰক্ৰিয়াৰ ওপৰত আস্থা ৰাখিবলৈ হ’লে এই অপসাৰণ প্ৰস্তাৱ গ্ৰহণযোগ্য। তিনি সদস্যৰ কমিটীয়ে যথাসম্ভৱ শীঘ্রেই প্রতিবেদন দাখিল কৰিব। তদন্ত কমিটীৰ প্ৰতিবেদন নোপোৱালৈকে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা নহ’ব। অধ্যক্ষ বিৰলাই পুনৰ কয়- ৰবি শংকৰ প্ৰসাদ আৰু বিৰোধী দলৰ নেতাসহ ১৪৬জন সদস্যৰ স্বাক্ষৰিত প্ৰস্তাৱ পোৱা গৈছে। ইয়াত শাসক দলৰ লগত বিৰোধী দলৰ সাংসদো আছে। প্রস্তাৱত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাক অপসাৰণৰ কাৰণে সংবিধানৰ ২১৭ আৰু ২১৮ অনুচ্ছেদৰ অধীনত তদন্ত আইন ১৯৬৮ৰ ধাৰা ৩ৰ অধীনত পদক্ষেপৰ প্ৰস্তাৱ দিয়া হৈছে। উল্লেখ্য যে চলিত বৰ্ষৰ ১৪ মাৰ্চত দিল্লী উচ্চ ন্যায়ালয়ৰ তদানীন্তন ন্যায়াধীশ বাৰ্মাৰ বাসগৃহত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ হৈছিল। এই ঘটনাক লৈ সমগ্র দেশত চাঞ্চল্যৰ সৃষ্টি হৈছিল। ন্যায়াধীশ বাৰ্মাৰ বাসগৃহত উদ্ধাৰ হোৱা ধন উপার্জন বহির্ভূত। এই ঘটনাক লৈ তদানীন্তন উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই আভ্যন্তৰীণ তদন্ত কমিটী গঠন কৰে। এই কমিটীয়ে তদন্তত ন্যায়াধীশ বাৰ্মাৰ বিৰুদ্ধে নগদ ধন উদ্ধাৰ হোৱাটো সত্য প্রমাণিত হয়। তদন্ত কমিটীৰ প্ৰতিবেদনৰ পূৰ্বে মুখ্য ন্যায়াধীশ খান্নাই কোনো প্রমাণিত নোহোৱাৰ বাবে বাৰ্মাক এলাহাবাদ উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল। উচ্চতম ন্যায়ালয়ৰ তদন্ত কমিটীয়ে ন্যায়াধীশ বাৰ্মাক অপসাৰণৰ পৰামৰ্শ আগবঢ়ায়। এই পৰামৰ্শক প্রত্যাহ্বান জনাই ন্যায়াধীশ বার্মা উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় যদিও উচ্চতম ন্যায়ালয়ে তেওঁৰ আবেদন খাৰিজ কৰে আৰু ন্যায়াধীশ বাৰ্মাৰ পথ প্রায় মুকলি হৈ পৰে। ইয়াৰ পাছতেই লোকসভাত বাৰ্মাৰ বিৰুদ্ধে অপসাৰণ প্ৰক্ৰিয়া আৰম্ভ হয়।