নৈ পৰীয়া ৰাইজৰ সপোন সোণোৱালী আৰু খেতিয়কৰ চহা জীৱন- বিৰিঞ্চি কুমাৰ বৰা

pc janabarta

নৈ পৰীয়া ৰাইজৰ সপোন সোণোৱালী আৰু খেতিয়কৰ চহা জীৱন 

” নৈ পৰীয়া ” বা “নদী কাষৰীয়া “এই বাক্য টোৰ অৰ্থ বহুল ব্যাখ্যাতমক ।যাৰ অৰ্থ এশাৰী বা দুষাৰি বাক্য ত লিখি সমাপ্তি ঘটাব নোৱাৰি।এই বাক্য টোত সোমাই আছে বিশেষ কৈ নদী পাৰত বসবাস কৰা প্ৰতিজন খেতিয়কৰ এক সপ্নময় জীৱন।এই প্ৰতিটো জীৱনত থাকে দেশ সেৱা ,এখন নতুন সমাজ গঢ়াৰ প্ৰচেষ্টা, চিন্তা,এজন সঁজ নাগৰিক ৰূপে পৰিচিত হৈ ৰাইজৰ মাজত ভোতাতৰা দৰেই জিলিকি উঠা তথা সমাজৰ হিতৰ বাবে,আন দহ জনৰ প্ৰেৰণা তথা নিদৰ্শন হৈ নিজৰ পৰিচয় সমাজত ৰাখি থৈ যোৱা।
প্ৰতি বছৰে জুৰুলা কৰি যোৱা প্ৰতিখন নদীৰ বানপানীয়ে এই নৈ পৰিয়া ৰাইজৰ মাজত জীৱন পৰিচালনাৰ আতংকৰ উৎস তথা বাধাৰ সৃষ্টি হৈ আহিছে। ইয়াৰ সমান্তৰালভাৱে নদী সমূহে বিশেষকৈ বাৰিষাকালত ৰাইজৰ চকুৰ টোপনি নাইকীয়া কৰি প্ৰতি বছৰে শ শ বিঘা কৃষি ভূমি,ঘৰ দুৱাৰ ,ৰাস্তা ঘাট , দোকান বজাৰ ,মঠ মন্দিৰ, দেৱালয়,দলং ,স্কুল ,কলেজ,অফিচ কাচাৰী খহাই নি বহ্মপুত্ৰ কে ধৰি অনান্য নদী সমূহে নদীৰ বুকুত লীন কৰি পেলাইছে। এই আতংক স্বৰূপ “গৰাখহনীয়া “ই প্ৰতি বছৰে নৈপৰীয়া ৰাইজৰ মাজত এক হেঙাৰ স্বৰূপ হৈ আহিছে। নৈ পৰীয়া এক মাত্ৰ জীৱন জীৱিকাৰ প্ৰধান পথ হৈছে কৃষি অৰ্থাৎ খেতি, সেই খেতি যেতিয়া মাটি দৰাত আৰম্ভ কৰি পৰিয়াল পৰিকল্পনাৰ বাবে ভবিষ্যতৰ কল্যাণৰ যি সপোন দেখে সেই সপোন এই গৰাখহনীয়া তথা বানপানীয়ে ভাঙি চুৰ মাৰ কৰি জীৱন যুঁজত বাধাৰ সৃষ্টি হৈ আহিছে।
বানপানীয়ে যিদৰে ধ্বংস কৰে তাৰ পৰিপ্ৰেক্ষিতত নদী কাষৰীয়া অঞ্চলত ৰাইজক এক সোণোৱালী জীৱন তথা আশা ৰ বতৰা বিলাই দি যায়।পানী শুকাই যোৱা পাছত নৈ পৰি য়া ৰাইজে পানীত অহা মাছ পুঠি ধৰি খাই তিপ্তৃ লাভ কৰা দেখা যায়।ইয়াৰ উপৰিও বানপানীয়ে ঘৰ বাৰিত থকা লেতেৰা জাবৰ জুথৰ বোৰ উটুৱাই নিয়াৰ ফলত পৰিৱেশ নিকা কৰণত এক সুকীয়া বৈশিষ্ট্য দেখা দিয়ে আৰু বানপানীয়ে কৃষি ভূমি বোৰত পলস পেলাই দি মাটিবোৰ খেতিৰ উপযোগী কৰি তুলি উৎপাদন অধিক মজুবট হোৱাত অৱদান আগবঢ়াই আহিছে,ইয়াৰ উপৰিও নদী সমূহৰ এটা প্ৰধান সহায় হল নদীসমূহৰ মাজৰে থকা জল্ পথৰ সুবিধা ,এই জল পথৰ মাজৰে এচাম লোকে ফেৰী ,নাওঁ ,আৰু ব্যৱসায় আৰম্ভ কৰি জীৱন নিৰ্বাহ কৰি পৰিয়াল পোহপাল দি আছে।
নদী কাষৰীয়া যিহেতু খেতি বাতি লগতে বেপাৰ বাণিজ্য কৰি পোহপাল দি ভৱিষ্যত প্ৰজন্মক এটা মুকলি শক্তিশালী পথ দেখুৱাই এজন সৎ নাগৰিক হিচাপে গঢ় দিয়া টো প্ৰতিজন ব্যক্তি বা পিতৃ মাতৃ তথা অবিভাবকৰ প্ৰধান দায়িত্ব আৰু কতব্য ,আৰু এই সমূহ গঢ় দিয়াত চৰকাৰ তথা জনপ্রতিনিধিৰ এক উল্লেখযোগ্য দায়িত্ব আৰু কৰণীয় আছে।চৰকাৰ তথা জনপ্রতিনিধিয়ে তেওঁলোকৰ কৰণীয় হিচাপে এই গ্ৰামাঞ্চল তথা প্ৰতি বছৰে বিস্তৰ ক্ষতি সাধন কৰি অহা নদী কাষৰীয়া ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰা বানপানী আৰু গৰাখহনীয়া এক গ্ৰহণ যোগ্য বিষয় হিচাপে লৈ গুৰুত্ব আৰোপ কৰি এক নিদিষ্ট সমাধানৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা লৈ নৈপৰীয়া তথা উঠি অহা যুৱ প্ৰজন্মৰ সপোনবোৰ বাস্তব ৰূপ দি আগুৱাই যোৱাত এক উল্লেখযোগ্য অৱদান আগবঢ়াই জীৱন যুঁজৰ সফল পৰীসমাত্রি ঘটাব বুলি মই তথা সকলো আশাবাদী ।।
শেষত ,পুনৰ বাৰ কওঁ যে এই নৈপৰীয়া তথা গ্ৰাম্যাঞ্চলত বাস কৰা প্ৰতিটো মূহুৰ্ত সঁচাই এক মধুৰ সৃষ্টি, সোণোৱালী , চিৰ সেউজ ,তৃপ্তিময় , সৰ্গময়ী জীৱন, এই সকলৰ জীৱন আৰু অধিক মধুৰ আৰু উজ্বল হৈ পৰক তাৰে কামনা কৰিলোঁ।
।।ধন্যবাদ।।

শ্ৰী বিৰিঞ্চি কুমাৰ বৰা
আলোচনী সম্পাদক, কমাৰবন্ধা মহাবিদ্যালয় ,গোলাঘাট
তৃতীয় ষান্মাশিক