নৈপৰীয়া টিউটৰ মই
এছ ইছলাম, শিক্ষক
বালিকুৰী, বৰপেটা
মৰমৰ বোপাহঁত,
নৈপৰীয়া টিউটৰ মই
তোমালোক বাৰু ক’ত
কোন দিনা আহিবা ঘৰত
উগুল-থুগুল লাগিল মনত ?
তোমালোক এই বিশ্ব ধৰালৈ
আহিছিলা যিদিনাই
উপাৰ্জনৰ চিন্তাত ব্যস্ত
গোটেই জীৱন কৰিছিলোঁ ন্যস্ত।
মাটি-বাৰী নদীৰ গৰ্ভত
পিতৃ-মাতৃ হেৰুৱালো অকালত
কাম কৰিছিলোঁ ভেঞ্চাৰত
চাকৰি-বাকৰি নাছিল ঘৰত
টিউচন কৰোঁ পেটৰ তাৰণাত ।
গোৱালপাৰা চহৰত
কটালোঁ কেৱল টিউচনত
বাৰ বছৰৰ অন্তত
উভতিলোঁ নিজ গাঁৱত।
ব্যক্তিগত বিদ্যালয়ত
কাম কৰিলোঁ আজীৱন
বিভিন্ন ঠাইত ভিন্ন সময়ত
কপালৰ ঘাম মাটিত পেলাই ।
পৰিকল্পনা আছিল এটাই মোৰ
আপডাল কৰা জীৱন তঁহতৰ
লক্ষ্য আছিল মানুহ কৰাৰ
আৰ্থিকৰ বাবে হ’ল সকলো অসাৰ ।
বিধিৰ বিধান নাযায় খণ্ডণ
থাকিলেহে পাবা কপালৰ ধন
বিনা চৰ্তত কৰিছোঁ লালন-পালন
কেতিয়া কৰিবা স্বগৃহলৈ প্ৰত্যাৱৰ্তন?