নেহৰু খুড়া – আয়নাল হক

নেহৰু খুড়া
আয়নাল হক,ধুবুৰী 
নেহৰু খুড়া,নেহৰু খুড়া
বহুত দিন হ’ল
তোমাৰ লগত মনৰ কথা নপতা।
আমি দিয়া গোলাপপাহি
এতিয়াও সযতনে ৰাখিছানে তুমি ?
দেশৰ অকণি আমি
তোমাৰ মৰম আৰু আদৰ
কেতিয়াও নাযাওঁ পাহৰি।
তুমি গঢ়া ভাৰতৰ
আমি নবীন নাগৰিক হ’ম
তোমাৰ সপোনবোৰ বাস্তৱত ৰূপায়িত কৰিবলৈ
আমি অঙ্গীকাৰ ল’ম।
অন্যায়,অবিচাৰ মষিমূৰ কৰি
আইৰ ওঁঠত হাঁহি বিৰিঙাম।
নেহৰু খুড়া,
তুমি য’তেই আছা কুশলে থাকা
পাৰা যদি আকৌ এবাৰ আহিবা ।
আজিৰ এই পৱিত্ৰ দিনত
আমাৰ সেৱা গ্ৰহণ কৰিবা।