নেলীৰ নাৰকীয় হত্যাকাণ্ডৰ বিভীষিকাঃ এটি আলোকপাত
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
সদৌ অসম ছাত্ৰ সন্থাৰ ঐতিহাসিক ছবছৰীয়া (১৯৭৯–১৯৮৫)অস্তিত্ব ৰক্ষাৰ আন্দোলন বা বিদেশী খেদা আন্দোলনৰ পৰোক্ষ বা প্ৰত্যক্ষ ফলত ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত মধ্য অসমৰ নগাঁও জিলাৰ ( বৰ্তমান মৰিগাঁও জিলা) চৈধ্যখন পূৰ্ববঙ্গীয় মূলৰ মুছলমান অধ্যুষিত অঞ্চল , যেনে -আলিসিংহা, খোলাপথাৰ ,বসুন্ধৰী, বাগডোবা বিল,বাগডোবা হাবি বৰজোলা,বুটুনি,ডংগাবড়ী,ইন্দু
১৮ ফেব্ৰুৱাৰীৰ পুৱা আঠ বজাত আকস্মিক ভাৱে আততায়ীসকলে তিনি ফালৰ পৰা গাঁওসমূহক বেৰি ধৰে। তেতিয়া গাঁওবাসীয়ে কপিলী নৈৰ পিনে প্ৰাণৰ ভয়ত পলাবলৈ আৰম্ভ কৰে। কিন্তু নদীতো পৰিকল্পিত ভাৱে আক্ৰমণকাৰীসকলে অপেক্ষা কৰি আছিল। প্ৰায় ছঘন্টা ধৰি চুৰি,কটাৰী,কুঠাৰ,শাবল,বৰ্শা,
কিন্তু,পৰিতাপৰ কথাযে ভুক্তভোগীয়ে এতিয়ালৈকে কোনো ন্যায় পোৱা নাই। এই নাৰকীয় হত্যাকাণ্ডৰ পিছত তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে ১৯৮৩ চনৰ ১৪ জুলাইত অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া ত্ৰিভুবন প্ৰসাদ তিৱাৰীৰ অধ্যক্ষতাত সকলো দিশ চালিজাৰি চাবলৈ এখন আয়োগ গঠন কৰি দিছিল।
১৯৮৪ চনৰ মে’ মাহত তিৱাৰী আয়োগে অসম চৰকাৰক ৬০০ পৃষ্ঠাৰ এখন প্ৰতিবেদন দাখিল কৰিছিল। কিন্তু, ৰহস্যজনক ভাৱে চৰকাৰে এই প্ৰতিবেদনখন গাপ দি ৰাখিছিল। এই আয়োগৰ ৰিপোৰ্ট স্পৰ্শকাতৰ বুলি ২০১৮ চনলৈকে জনসম্মুখত উন্মোচন কৰা হোৱা নাছিল। অসম গণ পৰিষদ চৰকাৰে গণহত্যাৰ বিষয়ে তথ্য লুকুৱাই ৰখাৰ বাবে সম্পূৰ্ণ ৰূপে অভিযুক্ত। এনেকি এই গণহত্যাৰ বিষয়ে কোনো শিক্ষামূলক গৱেষণাকেও অসম চৰকাৰে বাধা প্ৰদান কৰিছিল। ইয়াৰ পিছতো ‘ সাদিন ‘ অসমীয়া বাতৰি কাকতৰ সাংবাদিক আৰু অনুসন্ধানী লেখক দিগন্ত শৰ্মাৰ ‘ নেলী,১৯৮৩’ নামে অনুসন্ধানমূলক প্ৰতিবেদনত প্ৰত্যক্ষদৰ্শীসকলৰ বৰ্ণনা অনুযায়ী এই মৰ্মান্তিক ঘটনাৰ বিৱৰণ লিপিবদ্ধ কৰে। চৈয়দ আব্দুল মালিকৰ ” পোৰা গাঁৱত পহিলা ব’হাগ” গল্প পুথিত গাৰ নোম শিঁয়ৰি যোৱা নেলীৰ হত্যাকাণ্ডৰ বীভৎস ঘটনাৰ বিৱৰণ দাঙি ধৰিছে।
এই কৰুণতম পৰিৱেশৰ আধাৰত ২০২৩ চনত নিৰ্মিত ” নেলীৰ কথা” নামৰ চলচ্চিত্ৰখনে ৪০ বছৰৰ পাছত হিংসাত্মক ঘটনাৰ দৃশ্য নেদেখুৱাকৈ, সংলাপ, সাক্ষাৎকাৰ, আৰ্খাইভ ফ্লেছবুক আৰু প্ৰাকৃতিক দৃশ্যৰ মাধ্যমেৰে নেলীৰ হত্যাকাণ্ডৰ বীভৎস ঘটনাৰ বিৱৰণ বৰ্ণনা আগবঢ়ায় ; এক নীৰৱতাৰ মাজেৰে গভীৰ মানসিক বেদনা বেদনা প্ৰকাশ কৰাটো চলচ্চিত্ৰটোৰ অন্যতম বিশেষ দিশ।
বৰ্তমান মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি শাসিত অসম চৰকাৰে নৱেম্বৰ মাহৰ শীতকালীন বিধানসভাৰ অধিৱেশনত তিৱাৰীৰ চহী নথকা তিৱাৰী আয়োগৰ প্ৰতিবেদন আৰু সদৌ অসম ছাত্ৰ সন্থাৰ দ্বাৰা প্ৰভাৱান্বিত মেহতা আয়োগৰ প্ৰতিবেদন দাখিল কৰে যদিও বিশেষ ভাৱে আলোচনা হোৱা পৰিলক্ষিত নহ’ল। প্ৰকৃততে দুয়োখন আয়োগৰ প্ৰতিবেদনত নেলীৰ হত্যাকাণ্ডৰ প্ৰকৃত প্ৰতিচ্ছবি ফুটি উঠা নাই যেন লাগিছে ; অৰ্থাৎ নিৰপেক্ষ নহয়। তিৱাৰী আয়োগে আন্দোলনকাৰী সকলৰ সাক্ষ্য গ্ৰহণ কৰা নাছিল ; আনহাতে মেহতা আয়োগে ভুক্তভোগীৰ কাষলৈ যোৱাই নাছিল। তথাপি, দুয়োখন আয়োগৰ প্ৰতিবেদন আৰু বিভিন্ন প্ৰত্যক্ষদৰ্শীৰ সাক্ষ্যপ্ৰমাণৰ ভিত্তিত তলত দিয়া কাৰণসমূহৰ বাবে নেলীৰ হত্যাকাণ্ড সংঘটিত হৈছিল বুলি অনুমান কৰিব পাৰি।
সদৌ অসম ছাত্ৰ সন্থাৰ ঐতিহাসিক ছবছৰীয়া বিদেশী খেদা আন্দোলনৰ আন্দোলনকাৰীসকলে পূৰ্ববঙ্গীয় মূলৰ মুছলমান সকলক সন্দেহযুক্ত অবৈধ বাংলাদেশী হিচাপে গণ্য কৰি তেওঁলোকক বিতাড়ণ কৰাৰ বাবে আন্দোলনৰ কাৰ্যসূচী চলাই গৈছিল। আনহাতে পূৰ্ববঙ্গীয় মূলৰ মুছলমান সকলে অবিভক্ত ভাৰতবৰ্ষৰ মৈমনসিং জিলাৰ পৰা ১৯৩০ চনৰ অসমত প্ৰৱেশ কৰি নিগাজিকৈ থাকিবলৈ লৈছে বুলি দাবী কৰি এই বিদেশী খেদা আন্দোলনৰ তীব্ৰ বিৰোধিতা কৰিছিল। যাৰ ফলত, দুয়ো পক্ষৰ মাজত প্ৰায় হাই-কাজিয়া আৰু দ্বন্দ-সংঘাত সৃষ্টি হোৱাৰ ফলত এই নেলীৰ হত্যাকাণ্ড সংঘটিত হৈছিল বুলি অনুমান কৰিব পাৰি। এই ক্ষেত্ৰত আন্দোলনৰ ভৰপক মুহূৰ্তত অটল বিহাৰী বাজপেয়ীয়ে অসমত আহি উচটনিমূলক বক্তব্য প্ৰদান ,পূৰ্বাঞ্চল লোক পৰিষদৰ নেতা নিবাৰণ বৰাৰ মতে অসমত পঞ্চাছ লাখ অবৈধ বাংলাদেশী অসমত বাস কৰি আছে বুলি দিয়া ভুল তথ্যৰ বাবেও অসমত এনে সংকটপূৰ্ণ পৰিবেশৰ সৃষ্টি হৈছিল। ছবছৰীয়া অসম আন্দোলনৰ সময়ত অসমৰ পৰিৱেশ এনেকুৱা হৈছিল যে, ছাত্ৰ আন্দোলনৰ নেতৃবৰ্গ ইমানেই উগ্ৰ হৈ পৰিছিল যে, তেওঁলোকে কেৱল পূৰ্ববঙ্গীয় মূলৰ মুছলমান সকল নহয়, আন্দোলনৰ বিৰোধিতা কৰা কংগ্ৰেছ, বামপন্থী দলসমূহৰ সদস্যসকলৰ ওপৰতো আক্ৰমণ চলাই অসংখ্য মানুহক হত্যা কৰিছিল। হিতেশ্বৰ শইকীয়াৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ পুলিচ প্ৰশাসনে আন্দোলনকাৰী সকলৰ ওপৰত নানা নিৰ্যাতন চলাই যোৱাৰ উপৰিও গণ-সমাবেশৰ ওপৰত নিৰ্বিচাৰে গুলী বৰ্ষণ কৰি নৃশংস ভাৱে হত্যা কৰিছিল ; যাৰ ফলত ৮৫৫ জন ছাত্ৰনেতা শ্বহীদ বৰণ কৰিছিল।
অসমীয়া জনগণৰ সকলো বাধা নেওচি তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰপতি শাসনৰ অন্ত পেলাই ১৯৮৩ চনত অসমৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰা আছিল আটাইতকৈ মাৰাত্মক ভুল। প্ৰায় অধিকাংশ অসমীয়াই এই নিৰ্বাচন বৰ্জ্জন কৰাৰ পৰিৱৰ্তে পূৰ্ববঙ্গীয় মূলৰ মুছলমান সকলে নিজকে ভাৰতীয় বুলি প্ৰমাণ সাব্যস্ত কৰিবলৈ এই আত্মঘাতী নিৰ্বাচনত অংশ গ্ৰহণ কৰাৰ বাবেই নেলীৰ নাৰকীয় হত্যাকাণ্ড সংঘটিত হৈছিল বুলি ধৰি ল’ব পাৰি। তাৰ উপৰিও এই নেলীৰ হত্যাকাণ্ডৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া হ’ল, পূৰ্ববঙ্গীয় মূলৰ কিছুমান উগ্ৰ মুছলমানে ঘৰুৱা বা পাৰিবাৰিক সংঘাতৰ ফলস্বৰূপে লালুং জনজাতিৰ চাৰিগৰাকী মহিলাক দলবদ্ধ ভাৱে ধৰ্ষণ কৰাৰ উপৰিও ছজন শিশুক হত্যা কৰিছিল। অন্যায় ভাৱে তিৱা সম্প্ৰদায়ৰ মাটি বেদখল কৰি খেতি কৰিছিল আৰু তেওঁলোকৰ গৰুবোৰ চুৰি কৰিছিল। তাৰ উপৰিও এই মিঞা মুছলমান সকলে এখন বিহাৰী গাঁৱৰ ওপৰত১৯৮৩ চনৰ ১৪ ফ্ৰেব্ৰুৱাৰীত আকস্মিক ভাৱে আক্ৰমণ চলাইছিল। অৱশ্যে পৰবৰ্তী এইবোৰ ঘটনাৰ কোনো স্পষ্ট চাক্ষুষ প্ৰমাণ পোৱা নগ’ল। যি কি নহওক, এই ঘটনাৰ আঁত ধৰি তিৱা সম্প্ৰদায়ৰ দুজন নেতাৰ নেতৃত্বত নেলী অঞ্চলৰ পূৰ্ববঙ্গীয় মূলৰ মুছলমান সকলৰ ওপৰত প্ৰতিশোধ লোৱাৰ বাবে নেলীৰ হত্যাকাণ্ড সংঘটিত কৰিছিল বুলি জনা যায়।
সুদীৰ্ঘ ৪০ বছৰৰ পাছত বৰ্তমান বিজেপি চৰকাৰে আগতে গাপ দি ৰখা তদন্ত আয়োগৰ প্ৰতিবেদন দুটি শীতকালীন অসম বিধানসভাৰ মজিয়াত উত্থাপন কৰি কাক দোষমুক্ত কৰিব বিচাৰিছে? ইয়াৰ দ্বাৰা নাৰকীয় হত্যাকাণ্ডৰ বলি হোৱা ভুক্তভোগীয়ে ন্যায় পাবনে?
বৰঞ্চ, এই ১৮ ফেব্ৰুৱাৰী দিৱসটি অসমৰ ইতিহাসৰ পৃষ্ঠাত এক কলঙ্কিত ক’লা দিৱস হিচাপে চিৰদিনৰ বাবে চিহ্নিত হৈ থাকিব।
