নেবকছৰ অনাথ শিশুসকলৰ মাজত ‘অন্তৰংগ আলাপ’

নেবকছৰ অনাথ শিশুসকলৰ মাজত ‘অন্তৰংগ আলাপ’

ৰঙিলী বাৰ্ত্তাসেৱা-  নেবকছৰ উদ্যোগত অলপতে গুৱাহাটী, লংকেশ্বৰৰ অনাথ আশ্ৰমত অনাথ শিশু সকলৰ লগত নেবকছৰ ‘অন্তৰংগ আলাপ’ শীৰ্ষক এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান সমাপন হৈ যায়। নেবকছৰ সভাপতি গগণাষ্টম গগৈৰ তত্ত্বাৱধানত সমাপন হোৱা অনুষ্ঠানটো সুন্দৰভাৱে পৰিচালনা কৰে জনপ্ৰিয় সংগীতশিল্পী জিতুমণি দাসে। বিশিষ্টা সমাজসেৱিকা ড° পাৰুল বৰুৱাই পূৰ্ণ সহযোগিতা আগবঢ়াই ব্যতিক্ৰমী এই অনুষ্ঠানত। পাৰুল বৰুৱাৰ সহযোগত শিশু সকলৰ মাজত বিভিন্ন সামগ্ৰী বিতৰণৰ কাৰ্যসূচীও ৰূপায়ণ কৰে। মনোজ কুমাৰৰ তত্ত্বাৱধানত সমাপন হয় গছ পুলি ৰোপণৰ কাৰ্যসূচী। কণ্ঠশিল্পী জিতুমণি দাসে গীতৰ অনুষ্ঠান আগবঢ়াই সকলোকে মুগ্ধ কৰে।