নেপালৰ প্ৰাক্তন প্রধানমন্ত্রী কে পি আ’লিক গ্ৰেপ্তাৰ

নেপালৰ প্ৰাক্তন প্রধানমন্ত্রী কে পি আ’লিক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- নেপালৰ প্ৰাক্তন প্রধানমন্ত্রী কে পি আ’লি আৰু গৃহমন্ত্রী ৰমেশ লেখকক নেপাল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। দেশখনৰ কনিষ্ঠতম প্রধানমন্ত্রী বলেন্দ্ৰ শ্বাহে প্রধানমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে প্রতিশোধ পূৰণৰে কে পি অ’লি আৰু ৰমেশ লেখকক গ্ৰেপ্তাৰৰ নির্দেশ দিয়ে। যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত জেন-জি আন্দোলনৰ সময়ত প্রধানমন্ত্রী কে পি অ’লিয়ে পলায়ন কৰিছিল। ইয়াৰ পিছত দেশখনৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাকীয়ে অন্তর্বর্তীকালীন চৰকাৰৰ প্রধানমন্ত্রী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। চলিত বৰ্ষৰ ৫ মাৰ্চত নেপালত নির্বাচন অনুষ্ঠিত হয়। ৬৫টা ৰাজনৈতিক দলে ১৬৫খন আসনত প্রতিদ্বন্দ্বিতা কৰা নিৰ্বাচনত প্ৰাক্তন ৰেপাৰ বলেন্দ্ৰ শ্বাহৰ নেতৃত্বত নৱগঠিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক পার্টীয়ে দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে ক্ষমতাত অধিষ্ঠিত হয়। কালি বলেন্দ্র শ্বাহে দেশখনৰ প্রধানমন্ত্রী হিচাপে শপতগ্ৰহণ কৰে। ইয়াৰ পিছতে জেন-জি প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্বিচাৰ গুলীবর্ষণ ৰোধ কৰাত ব্যর্থ প্রাক্তন প্রধানমন্ত্রী কে পি আ’লি আৰু গৃহমন্ত্ৰী ৰমেশ লেখকক গ্ৰেপ্তাৰ কৰি প্রতিশোধ পূৰণ কৰে। দুয়োগৰাকী নেতাৰ বিৰুদ্ধে কেতবোৰৰ অভিযোগ উত্থাপন কৰা হৈছে। হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে গঠন কৰা উচ্চ পৰ্যায়ৰ আয়োগে তদন্ত কৰি থকা অভিযোগৰ ভিত্তিত যদি তেওঁলোক দোষী হয়, তেন্তে ১০ বছৰপৰ্যন্ত শাস্তি হ’ব পাৰে।