নেপালৰ কাৰাগাৰৰ পৰা ১৫ হাজাৰ কয়দীৰ পলায়ন 

ৰঙিলী বাৰ্ত্তাসেৱা এতিয়াও স্বাভাৱিক হোৱা নাই নেপালৰ পৰিস্থিতি।  এই অশান্তময় পৰিৱেশৰ মাজতে আহিছে আন এক ভয়াৱহ খবৰ। নেপালৰ বিভিন্ন জে’ল ভাঙি প্রায় ১৫ হাজাৰ দাগী কয়দীয়ে পলায়ন কৰিছে।সেই পৰিস্থিতিতে সেনাই গুলীচালনা কৰে আৰু দুজন কয়দীৰ মৃত্যু হৈছে। তাৰ পূৰ্বে আন স্থানত হোৱা সংঘৰ্ষৰ সময়ত ১০ জন কয়দী সেনাৰ গুলীত নিহিত হৈছে।  উদ্বেগজনক কথাটো হ’ল- এইসকল দাগী অপৰাধীৰ বহুতে এতিয়া ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছে। উল্লেখ্য যে বুধবাৰে উত্তৰপ্ৰদেশৰ সিদ্ধার্থনগৰ জিলাত ইতিমধ্যে নেপালৰ পৰা প্ৰৱেশ কৰা ৫জনক গ্ৰেপ্তাৰ কৰা হৈছে। সূত্র অনুসৰি, তেওঁলোক নেপালৰ জে’ল ভাঙি পলাই অহা কয়েদী। ‘Gen Z’ আন্দোলনত ইতিমধ্যে পতন ঘটিছে কেপি শর্মা অলি চৰকাৰৰ। দেশখন এতিয়াও হিংসাত্মক ঘটনা সংঘটিত হৈয়ে আছে। এই গুৰুতৰ পৰিস্থিতি চম্ভালিবলৈ সেনাক ৰাস্তাত মোতায়েন কৰিবলগীয়া হৈছে। উল্লেখ্য যে নেপালৰ কেপি শৰ্মা অলি চৰকাৰৰ বিৰুদ্ধে দুর্নীতিসহ একাধিক অভিযোগ পূৰ্বৰে পৰা আছিল। শেহতীয়াকৈ ফেচবুক, ইউটিউব, এক্সসহ ২৬টা সামাজিক মাধ্যম নিষিদ্ধ কৰাৰ সিদ্ধান্তই জনৰোষৰ জুই অধিক প্রজ্বলিত কৰে। সোমবাৰে তৰুণ প্ৰজন্মই ৰাজপথত নামি তীব্র প্রতিবাদ আৰম্ভকৰে। মঙলবাৰে এই আন্দোলনৰ উগ্ৰতা আৰু বৃদ্ধি পায়। অৱশেষত তীব্র চাপৰ ফলত ইস্তফা দিবলগীয়া হয় অলি চৰকাৰে। তথাপি পৰিস্থিতি এতিয়াও সম্পূর্ণ নিয়ন্ত্ৰণৰ বাহিৰত। দেশখনৰ বিভিন্ন প্ৰান্তৰ পৰা অশান্তিৰ খবৰ আহিয়েই আছে।