নেপালত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত 

Pc Aviation Today

ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ সংঘটিত হৈছে এক হেলিকপ্টাৰ দুৰ্ঘটনা। নেপালৰ খোতাং জিলাত হেলিকপ্টাৰ অৱতৰণৰ সময়তে দুর্ঘটনাগ্রস্ত হয়।ইপিনে এই দুৰ্ঘটনাত এজন লোক আহত হয়। তথ্য অনুসৰি, উক্ত হেলিকপ্টাৰখন ৰাজধানী কাঠমাণ্ডুৰ পৰা এটা মৃতদেহ লৈ আহি আছিল। উল্লেখ্য যে, প্ৰাপ্ত তথ্য অনুসৰি হেলিকপ্টাৰখনে ৫জন যাত্ৰীসহ উৰা মাৰিছিল।পুৱা প্ৰায় ১১:৫১ বজাত ৯এন-এএছকিউ নামৰ পঞ্জীয়ন কৰা হেলিকপ্টাৰখন খোটাঙত দুৰ্ঘটনাগ্ৰস্ত হৈ অৱতৰণ কৰে।দুৰ্ঘটনাত হেলিকপ্টাৰখনত থকা এজন যাত্ৰী আহত হয়। পাইলটৰ লগতে অন্যান্য যাত্ৰীসকলৰ এই ঘটনাত কোনো ক্ষতি হোৱা নাই। স্থানীয় প্রশাসনৰ মতে, হেলিকপ্টাৰখন এখন পথাৰত অৱতৰণ কৰিবলৈ চেষ্টা কৰি থাকোঁতেই আকস্মিকভাৱে ভাৰসাম্য হেৰুৱাই পেলায় আৰু তাৰ পিছতেই ই ভাঙি পৰে। ঘটনাৰ পিছতে স্থানীয় প্রশাসন আৰু উদ্ধাৰকাৰী দলে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে। দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে।