নেপালত ভয়ংকৰ বিমান দুৰ্ঘটনা

নেপালত ভয়ংকৰ বিমান দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা-  নেপালত ভয়ংকৰ বিমান দুৰ্ঘটনা। বুধবাৰৰ পুৱা ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰণৰ সময়তে সৌৰ্য এয়াৰলাইনছৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। তথ্য অনুসৰি সূৰ্য এয়াৰলাইনছৰ এই বিমানখনত আছিল ১৯জন যাত্ৰী। বিমানখন কাঠমাণ্ডুৰ পৰা পোখৰালৈ যাত্ৰা কৰাৰ কথা আছিল। পুৱা ১১ বজাত দুৰ্ঘটনাটো সংঘটিত হয় ৷ দুৰ্ঘটনাৰ ফলত জ্বলি যায় বিমানখন। বৰ্তমান পৰ্যন্ত উদ্ধাৰ হৈছে ১৮ গৰাকীৰ মৃতদেহ ৷ বিমানখনৰ পাইলটজন সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ৷ সূত্ৰ অনুসৰি, উদ্ধাৰকাৰ্যৰ বাবে নেপাল চৰকাৰে সেনা জোৱান মোতায়েন কৰিছে।