নেপালত ভয়ংকৰ বাছ দুৰ্ঘটনা
ৰঙিলী বাৰ্ত্তাসেৱা- চুবুৰীয়া ৰাজ্য নেপালত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নেপালৰ ধদাং জিলাৰ গজুৰীৰ ওচৰত সোমবাৰে পুৱতিনিশা প্ৰায় ১:১৫ বজাত এখন যাত্রীভর্তি বাছ ত্রিশূলি নদীত পৰি এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ এই দুৰ্ঘটনাটোৰ ফলত কমেও ১৮জন লোক নিহত হয়। আনহাতে ২৮ গৰাকী যাত্ৰী এই দুৰ্ঘটনাটোত আহত হৈছে বুলি জানিব পৰা গৈছে। পোখৰাৰ পৰা কাঠমাণ্ডুলৈ আহি থকা বাছখন প্রিন্থী হাইরে’ত কাঠমাণ্ডুৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ পশ্চিমে, নিশা প্রায় ১: ১৫ নেপালৰ ধাডিং জিলাৰ গাজুৰিৰ সমীপত সোমবাৰে পুৱা এখন যাত্ৰীবাহী বাছ ত্ৰিশুলি নদীত পৰি এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ বজাত দুর্ঘটনাগ্রস্ত হয় বুলি Armed Police Force Nepalৰ মুখপাত্রই জনায়। দুর্ঘটনাস্থলীৰ পৰা ১৭টা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু ২৮জন আহত যাত্ৰীৰ উদ্ধাৰ কৰা হৈছে। আহতসকলক বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। সমান্তৰালকৈ দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযানৰ বাবে নেপাল সেনা, সশস্ত্ৰ আৰক্ষী বাহিনী আৰু নেপাল আৰক্ষী মোতায়েন কৰা হৈছে। নিহতসকলৰ ভিতৰত নিউজীলেণ্ডৰ পৰা অহা এজন পুৰুষ যাত্ৰীও আছে । আনহাতে, আহতসকলৰ ভিতৰত এগৰাকী জাপানী আৰু এগৰাকী ডাচ্চ মহিলা থকা বুলিও জানিব পৰা গৈছে৷ অৱশ্যে দুৰ্ঘটনাটোৰ সঠিক কাৰণ এতিয়াও পোহৰলৈ অহা নাই ৷ আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যে যাত্ৰীবাহী বাছখনে অত্যধিক গতি লোৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হ’ব পাৰে ৷
