নেপালত প্ৰতিবাদৰ ভয়ংকৰ ৰূপ

নেপালত প্ৰতিবাদৰ ভয়ংকৰ ৰূপ, গুলীচালনাত ২১ গৰাকী প্ৰতিবাদকাৰীৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  Gen Z বিদ্রোহত জ্বলিছে নেপাল। তৰুণ প্ৰজন্মৰ প্ৰতিবাদী আৰু নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষত ৰণক্ষেত্ৰত পৰিণত কাঠমাণ্ডু। কে পি অলি শর্মা নেতৃত্বাধীন চৰকাৰে সামাজিক মাধ্যম নিষিদ্ধকৰণক লৈ নেপালৰ ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ যুৱক-যুৱতী। তৰুণ প্ৰজন্মৰ বিক্ষোভ হিংসাত্মক পৰিস্থিতিলৈ পর্যবসিত হৈছে। প্রতিবাদী যুৱক-যুৱতীক নিয়ন্ত্ৰণ কৰিবলৈ নিৰাপত্তাৰক্ষীয়ে পানীহিলৈ, কন্দুৱা গেছ, অৱশেষত গুলীচালনা কৰাত ২১ প্রতিবাদীৰ মৃত্যু ঘটিছে। বিক্ষোভকাৰী-নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষত অতি কমেও ২৫০ আহত হৈছে। নেপাল চৰকাৰে সামাজিক মাধ্যম বিশেষকৈ ফেচবুক, ইনষ্টাগ্রাম, হোৱাটছএপ, ইউ টিউব আৰু স্নেপশ্বট নিষিদ্ধকৰণক লৈ কে পি চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্রদর্শন কৰে তৰুণ প্ৰজন্মই। চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই অহা হাজাৰ হাজাৰ যুৱক-যুৱতীৰ প্ৰতিবাদে সংৰক্ষিত অঞ্চলৰ বেহু ভেদি সংসদ ভৱন চৌহদত প্ৰৱেশ কৰিবলৈ বিচাৰোঁতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। প্ৰতিবাদকাৰীক সংসদ ভৱন চৌহদৰ ভিতৰত প্ৰৱেশত বাধা দিবলৈ নিৰাপত্তা বাহিনীয়ে বিশেষকৈ আৰক্ষীয়ে পানীহিলৈ, লাঠীচালনা, কন্দুৱা গেছ নিক্ষেপ কৰে। ইয়াৰ পাছতো প্ৰতিবাদকাৰীয়ে নিজৰ স্থিতিত অটল থাকি আগবাঢ়ি যাবলৈ বিচাৰোঁতে আৰক্ষীৰ সৈতে হতাহতি হয়। আৰক্ষীৰ সৈতে সংঘৰ্ষৰ পাছতেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ গুলীচালনা কৰে। এই গুলীচালনাত ২১ প্রতিবাদী নিহত হৈছে। প্ৰতিবাদকাৰীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতেই সমগ্র নেপালখনতেই উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাজধানী কাঠমাণ্ডুত দেখামাত্রকে গুলীওৱাৰ নিৰ্দেশ দিয়া হৈছে। সান্ধ্য আইন জাৰি কৰি কাঠমাণ্ডুত সেনা মোতায়েন কৰা হৈছে। বিক্ষোভকাৰীয়ে প্ৰধানমন্ত্ৰীৰ পদত্যাগ দাবী কৰিছে। প্রতিবাদ শাম কটাবলৈ ইতিমধ্যে গৃহমন্ত্ৰী ৰমেশ লেখকে পদত্যাগ কৰিছে। বিক্ষোভৰ সময়ত ২১জনে প্রাণ হেৰুওৱাৰ দায়িত্ব লৈ গৃহমন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰা বুলি ঘোষণা কৰিছে।