নেপালক পৰাস্ত কৰি মহিলা এছিয়া কাপৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ

নেপালক পৰাস্ত কৰি মহিলা এছিয়া কাপৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ

ৰঙিলী বাৰ্ত্তাসেৱা- শ্ৰীলংকাৰ ৰংগিৰি ডাম্বুল্লা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ভাৰতীয় মহিলা ক্ৰিকেট দল আৰু নেপালৰ মাজত অনুষ্ঠিত এছিয়া কাপ ২০২৪ ৰ গ্ৰুপ মেচখনত ভাৰতে ৮২ ৰাণত নেপালক পৰাস্ত কৰে । এই জয়ৰে ভাৰতে মহিলা এছিয়া কাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় । ভাৰতে এতিয়ালৈকে একেৰাহে তিনিখন মেচত বিজয়ী হৈ প্ৰতিযোগিতাত অপৰাজিত হৈ আছে । ভাৰতে নেপালক পৰাস্ত কৰাৰ পূৰ্বে পাকিস্তান আৰু ইউ এ ইৰ বিৰুদ্ধেও চমকপ্ৰদ বিজয় সাব্য়স্ত কৰিবলৈ সক্ষম হৈছে । উল্লেখ্য় যে এই মেচখনত ভাৰতৰ নিয়মীয়া অধিনায়ক হৰমনপ্ৰীত কৌৰক বিশ্ৰাম দিয়া হৈছিল । তেওঁৰ স্থানত দলটোক নেতৃত্ব প্ৰদান কৰিছিল স্মৃতি মন্ধানাই । ভাৰতে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । প্ৰথম উইকেটৰ যুটীত অপেনাৰ শ্বেফালী বৰ্মাৰ ৮১ আৰু ডি হেমলতাৰ ৪৭ ৰানৰ সহযোগত ভাৰতে ১২২ ৰাণ সংগ্ৰহ কৰে । ভাৰতে নিৰ্দিষ্ট অভাৰত ৩ উইকেট হেৰুৱাই ১৭৮ ৰাণ সংগ্ৰহ কৰে ।ভাৰতে বান্ধি দিয়া ১৭৯ ৰাণৰ বিশাল লক্ষ্য অনুসৰণ কৰি নেপালৰ দলটোৱে ২০ অভাৰত ৯ উইকেট হেৰুৱাই মাত্ৰ ৯৬ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । ফলত ভাৰতীয় দলটোৱে মেচখন ৮২ ৰাণৰ বৃহৎ ব্যৱধানত বিজয়ী হয় । অপেনাৰ বেটাৰ সীতা ৰাণা মাগৰ ১৮ ৰানেই নেপালৰ শীৰ্ষ স্ক’ৰ আছিল ।ভাৰতৰ শ্বেফালী বৰ্মা ‘প্লেয়াৰ অফ দ্য মেচ’ হিচাপে নিৰ্বাচিত হয় । নেপালৰ বিৰুদ্ধে ভাৰতৰ বিজয়ৰ নায়িকা আছিল অপেনাৰ বেটাৰ শ্বেফালী বৰ্মা । ভাৰতে অহা ২৬ জুলাইত ছেমি ফাইনেলত অৱতীৰ্ণ হ’ব । গ্ৰুপ পৰ্যায়ৰ তিনিওখন মেচত ভাৰতে বিজয়ী হৈ গ্ৰুপৰ শীৰ্ষত স্থানত আছে ।