নেদেখা জুইৰ ধোঁৱা
ৰাজলক্ষ্মী বৰঠাকুৰ, দেৰগাঁও
মৈত্ৰী আৰু নন্দিনী দুয়োজনী বান্ধৱী সৰুৰ পৰা একে লগে ডাঙৰ দীঘল হৈছিল আৰু একেলগে পঢ়া -শুণা কৰিছিল। সিহঁত দুয়োজনীৰ সম্পৰ্কটো বায়েক -ভনীয়েকৰ দৰে । নন্দিনীৰ দেউতাক সৰুতে ঢোকোৱাৰ বাবে বান্ধৱী মৈত্ৰীৰ দেউতাককে নিজৰ দেউতাকৰ দৰে ভাবিছিল আৰু তেখেতেও তাইক নিজৰ ছোৱালী মৈত্ৰীৰ দৰে মৰম কৰিছিল। মেত্ৰিক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱাৰ পিছত দুয়োজনীয়ে একেখন কলেজতে নামভৰ্তি কৰিলে।কলেজত লগ পোৱা বন্ধু -বান্ধৱী সকলৰ ভিতৰত আশীষৰ লগত সিহঁতৰ ভাল বন্ধুত্ব গঢ়ি উঠিল। এই বন্ধুত্ব পাছলৈ নন্দিনী আৰু আশীষৰ মাজত প্ৰেমৰ ৰূপ ললে। পঢ়া -শুণা শেষ হোৱাৰ পাছত সিহঁত নিজ নিজ কৰ্মত ব্যস্ত হৈ পৰিল। তাৰ মাজতে নন্দিনীৰ মাকে নন্দিনীৰ আগত তাইৰ বিয়াৰ কথা ওলিয়ালে। মোৰো বয়স হৈ আহিছে সেইয়ে সময় মতে এজন উপযুক্ত পাত্ৰ চাই তোমাক বিয়া দিয়াৰ কথা ভাবিছোঁ । তেতিয়া তাই মাকক আশীষৰ কথা ক’লে আৰু আশীষৰ বাদে বেলেগৰ লগত বিয়াত নবহো বুলি ক’লে। মাকে এই কথাত মান্তি হোৱা নাছিল। কাৰণ আশীষ মধ্যবিত্ত পৰিয়ালৰ ল’ৰা আৰু তাই হ’ল চহৰৰ বিখ্যাত উকীল মনোৰমা চৌধুৰীৰ একমাত্ৰ কন্যা । শেষত নন্দিনীয়ে উপাই নাপাই আশীষৰ লগত ঘৰৰ পৰা আঁতৰি আহি বিয়াত বহিব লগা হ’ল। এই ক্ষেত্ৰত মৈত্ৰী আৰু মৈত্ৰীৰ ঘৰ খনে তাইক সকলো ক্ষেত্ৰতেই সহযোগিতা কৰিছিল।আৰু নন্দিনীৰ বিয়াত মাক মনোৰমা চৌধুৰী উপস্থিত থকা নাছিল সেই কাৰণে মৈত্ৰীৰ মাক- দেউতাকে বিয়াৰ সকলো দায়িত্ব লৈ আশীষ আৰু নন্দিনীৰ বিয়া পাতি দিলে।নন্দিনী আৰু মৈত্ৰীৰ আগৰ পৰা সপোন আছিল একেখন ঘৰলৈকে বিয়া হোৱা সেইয়ে নন্দিনীয়ে সিহঁতৰ বিয়াৰ পাছত আশীষৰ ভায়েক শ্লোক আৰু মৈত্ৰীৰ বিয়াৰ কথা আশীষৰ আগত কলে। আশীষ এই কথাত একমত হ’ল। কিন্তু আশীষৰ মাকৰ মৈত্ৰীক ৱোৱাৰী কৰি আনিবলৈ অলপো মন নাছিল। আশীষ আৰু নন্দিনীৰ কথা পেলাব নোৱাৰি এই বিয়াত সন্মতি দিছিল। সিহঁতে ভবাৰ দৰে সিহঁতৰ সকলো সপোন বাস্তৱত পৰিণত হৈছিল। হঠাৎ যেন সিহঁতৰ সুখত নিয়তিৰ চকু পৰিল। আশীষৰ বন্ধু ৰাহুলৰ নিমন্ত্ৰণ পাই আটাইয়ে ৰাহুলৰ ঘৰলৈ গৈছিল। সেই দিনা বতৰো অলপ বেয়া আছিল।সিহঁতৰ ঘৰলৈ উভতি আহোঁতে যথেষ্ট পলম হৈছিল । সিহঁতি অহা গাড়ী খন যান্ত্ৰিক বিজুতি ঘটি দুৰ্ঘটনাত পতিত হয় আৰু বেছি কৈ আঘাত পোৱা শ্লোকৰ থিতাতে মৃত্যু হয়। আশীষৰ মাকৰ মৈত্ৰীৰ প্ৰতি অকণো ভাল ভাব নাছিল। পুত্ৰৰ মৃত্যুৰ বাবে মাকে মৈত্ৰীকে দুষাৰূপ কৰিলে। সুবিধা বুজি আশীষৰ মাকে মৈত্ৰী আৰু নন্দিনীৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি কৰিলে। মাকে সদায় উচতাই থকাৰ কাৰণে নন্দিনীয়ে মৈত্ৰী আৰু আশীষক সন্দেহ কৰিবলৈ ললে। সিহঁতৰ মাজত সৰু সৰু কথাত কাজিয়াৰ সূত্ৰপাত হ’ল। মৈত্ৰীৰ বাবে নন্দিনী আৰু আশীষৰ মাজত এনে হোৱা দেখি তাইৰ বেয়া লাগিল ।তাইৰ কাৰণে যে সিহঁতৰ মাজত কাজিয়াৰ সৃষ্টি হৈছে সেইয়ে তাই সিহঁতৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত ললে। তাই আশীষক তাইৰ বাবে এটা চাকৰি যোগাৰ কৰি দিয়াৰ কথা ক’লে। সেইয়ে আশীষে তাৰ বন্ধু ৰাহুলৰ ওচৰলৈ মৈত্ৰীক লৈ গৈছিল নন্দিনীয়ে এই কথা গম পোৱা নাছিল। মাকৰ উচতনিত ঘৰলৈ অহাৰ পাছত মৈত্ৰীক আশীষৰ লগত সম্পৰ্ক থকা বুলি কৈ নন্দিনীয়ে মৈত্ৰীক বেয়াকৈ অপমান কৰিলে। নন্দিনীৰ বুকুত ওমি ওমি জ্বলি থকা জুই কোৰাই ভয়ংকৰ ৰূপ ললে।লাজে অপমানে জৰ্জৰিত হৈ আশীষৰ বাধা নামানি মৈত্ৰী ঘৰৰ পৰা ওলাই গ’ল।