নেতিবাচক চিন্তাৰ পৰিণাম
শ্ৰী মুনিন্দ্ৰ বৈশ্য
লেখক ডেভিড জে, শ্বোৱাৰ্টজৰ লেখাত এটা অতিকৈ মনোগ্ৰাহী কাহিনী পঢ়িবলৈ পাইছিলোঁ। কাহিনীটো থোৰতে এনেধৰণৰ―
এটা কোম্পানীত একেলগে চাৰিজন ডেকা কৰ্মচাৰীয়ে বিষয়া পদলৈ পদোন্নতি লাভ কৰিলে। আটাইকেইজন ডেকা বিষয়াকে কোম্পানীটোৰ একোটাকৈ কোঠা তেওঁলোকৰ নিজা নিজা কেবিন হিচাপে ব্যৱহাৰ কৰিবলৈ দিয়া হ’ল। চাৰিওটা কোঠা এটা প্ৰখ্যাত বহুজাতিক কোম্পানী পৰ্যায়ৰ মানবিশিষ্ট। সকলো সা-সুবিধাৰে সজ্জিত। কিন্তু তাৰে এটা কোঠালি আন তিনিটাতকৈ তুলনামূলকভাৱে সৰু আছিল। সেই কোঠালিটো পৰিল মাৰ্লিন জেমচ নামৰ নৱনিযুক্ত বিষয়াজনৰ ভাগত।
কথাতে জানো নকয় যে, চোৰেহে চোৰৰ ঠেং দেখে! জেমচৰ ক্ষেত্ৰতো সেয়াই হ’ল। কৰ্মচাৰীৰ পৰা অফিচাৰ পদলৈ পদোন্নতি লাভ কৰিছে। তাতে চাৰিওজন একেলগে। গতিকে ‘মই কিয় আনতকৈ সৰু কোঠালি ল’ম?’ এনে এটা অহং ভাবে জেমচৰ মনত বৰপীৰা পাৰি বহি ল’লে। তেওঁ মনে-প্ৰাণে ধৰিয়েই ল’লে যে ইয়াৰ অন্তৰালত আছে কোম্পানীটোৰ পৰিচালকমণ্ডলীৰ উদ্দেশ্যপ্ৰণোদিত ভেদভাব। আৰু সেই ভেদভাবৰ বলি হৈছে জেমচ। সেয়ে জেমচৰ মনত খং-ক্ষোভৰ বীজে পোখালি মেলিব ধৰিলে আৰু বাকী তিনিগৰাকী বিষয়াৰ প্ৰতি ঈর্ষান্বিত হ’ল।
দিন বাগৰিব ধৰিলে। কোম্পানীৰ কাম পূৰ্ণ গতিত চলি আছে। নৱনিযুক্ত ডেকা বিষয়া তিনিজনেও ন-উদ্যমেৰে কাম কৰি গৈছে। কিন্তু ‘মোৰ প্ৰতি কি যুক্তিত ভেদভাব দেখুওৱা হ’ল?’― এই চিন্তাই জেমচৰ মনটো দিনক দিনে ভাৰাক্ৰান্ত কৰিবলৈ ধৰিলে। আত্মাভিমান, খঙ, চিন্তা, ঘৃণা, ঈৰ্ষাই তেওঁক এফালৰ পৰা গ্ৰাস কৰি যাব ধৰিলে। ফলত জেমচৰ চিন্তা ইমান তললৈকে নামিল যে, তেওঁ বাকী তিনিগৰাকী বিষয়াৰ গোপন শত্ৰু হৈ পৰিল। একেলগে একে পৰ্যায়ৰ পদত যোগদান কৰা সহকৰ্মীকেইজনকো কেৱল মাত্ৰ এটা কোঠাৰ আয়তনৰ বাবে শত্ৰু জ্ঞান কৰিব ল’লে। আনকি কেনেকৈ তেওঁলোকৰ কাম-কাজৰ অগ্ৰগতিত বাধা দিব পাৰি তাৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হ’বলৈও তেওঁ কুণ্ঠাবোধ নকৰা হ’ল।
কিন্তু, এসোপামান নেতিবাচক চিন্তাৰ প্ৰকাণ্ড বোজা এটা মগজত বান্ধি লৈ ফুৰা মানুহে কেতিয়াও শান্তিত দিন কটাব নোৱাৰে। সেইদৰে সকলো সময়তে আনৰ প্ৰতি খং, ক্ষোভ, ঘৃণা, শত্ৰুতা মনোভাব লালন-পালন কৰা ব্যক্তিয়েও নিজৰ কাম-কাজত ধ্যান দিবলৈ আহৰি নাপায়। জেমচৰ ক্ষেত্ৰতো সেয়াই হ’ল। নলগা তামোলত জেং বন্ধাৰ পৰিণাম তেওঁ হাতে হাতে পালে।
জেমচৰ আচাৰ-ব্যৱহাৰ কোম্পানীটোৰ সকলো বিষয়া-কৰ্মচাৰীৰ বাবে সহ্যাতীত হ’ল। তেওঁ যে বাকী তিনিজন বিষয়াৰ শত্ৰু হৈ পৰিছে সেই কথা জনাজাত হৈ পৰিল। তাতকৈ ডাঙৰ কথাটো হ’ল কোম্পানীটোৱে দিনক দিনে অধিক লাভ কৰি যাব ধৰিলে আৰু তেনে অগ্ৰগতিত বাকী তিনিজন বিষয়াৰ অৱদান চকুত লগা, কিন্তু জেমচৰ কৃতিত্ব শূন্য। মানে তেওঁৰ ভাগৰ কাম-কাজ সাংঘাতিক নিম্নগামী হ’ল।
এনেকুৱা এজন ব্যৰ্থ বিষয়াক জানো এটা মোটা অংকৰ দৰমহা দি থকাৰ কিবা যুক্তি আছে? নিশ্চয় নাই। গতিকে কোম্পানীৰ পৰিচালকমণ্ডলীৰ হাতত এটায়ে মাত্ৰ উপায় থাকিলগৈ― অব্যাহতি।
মাত্ৰ তিনিটা মাহৰ ভিতৰত ডেকা জেমচৰ কেৰিয়াৰ ধ্বংস হৈ গ’ল। তাকো এটা তেনেই সাধাৰণ কথাত।
ঘটনাটো সম্পৰ্কে আপোনাৰ দৃষ্টিভঙ্গী কি? ইয়াক আপুনি কোনটো কোণেৰে বিশ্লেষণ কৰিব? কোম্পানীৰ পৰিচালকমণ্ডলীয়ে পক্ষপাতিত্বৰ আশ্ৰয় লৈছিল নে জেমচে বাকুহি বাকুহি সৰু ঘা এটুকুৰা ডাঙৰ কৰি লৈ নিজৰ বিপদ নিজে মাতি আনিছিল?
উপৰুৱা দৃষ্টিৰে চালে কাৰণটো তেনেই সাধাৰণেই হয়। কিয়নো কাহিনীটো আৰম্ভ হৈছিল জেমচৰ ভাগত পৰা কোঠালিটোৰ আয়তনক লৈ। কিন্তু অলপ গভীৰতালৈ জুমি চালে আৱিষ্কাৰ কৰিব পৰা যায় অন্য এটা সত্য। সেইটো হৈছে চিন্তাৰ গভীৰতা বা মানসিকতা। সন্দেহ নাই আন তিনিজন বিষয়াৰ তুলনাত জেমচৰ কোঠালিটো সৰুয়েই আছিল। কিন্তু মোৰ বিচাৰত এইটো আচলতে গৌণ কাৰণেহে। মুখ্য কাৰণটো হৈছে জেমচৰ চিন্তাৰ কোঠালিটোহে সৰু। ইমানেই সৰু যে তাত সুস্থিৰ চিন্তাই মুক্তমনে পৰিভ্ৰমণেই কৰিব নোৱাৰে; নতুন আৰু ইতিবাচক চিন্তাই বংশ বৃদ্ধি কৰাতো বহুদূৰ। সেইবাবেই তেওঁ ইমান সৰু কথা এটা তাতোকৈ সৰু, নেতিবাচক আৰু নিম্ন খাপৰ চিন্তাৰ ফিৰিঙতিৰে জ্বলাই খাণ্ডৱদাহৰ অপচেষ্টা কৰিছিল। পিছে সেই অগনিয়ে বাকী তিনিজন বিষয়াক চুবই নোৱাৰিলে। বিপৰীতে পুৰি চাৰখাৰ হ’ল জেমচ।
চিন্তাৰ দীনতাত ভোগা জেমচে ভাবিবই নোৱাৰিলে যে, কোম্পানীটোৰ যিজন বিষয়াই কোঠালি বিতৰণ কৰিছিল খোদ তেৱেঁই জনা নাছিল জেমচৰ ভাগত পৰা কোঠাটো আন তিনিটাতকৈ সৰু বুলি। তেওঁৰ দায়িত্ব আছিল কোঠা বিতৰণ কৰা, কোঠাৰ জোখ লৈ ফুৰা নহয়। তেওঁ কেৱল নিজৰ দায়িত্ব পালন কৰিছে। তাতকৈও গুৰুত্বপূৰ্ণ কথাটো হৈছে কোম্পানীটোত এনে বহুত বিষয়া-কৰ্মচাৰী কৰ্মৰত হৈ আছিল যাৰ ভাগতো জেমচৰ ভাগত পৰাৰ নিচিনা সৰু কোঠা পৰিছিল। অথচ তেওঁলোক কোনেও সেইটো সন্মান হানীকাৰক বুলি বা বৈষম্যমূলক আচৰণ বুলি গণ্য কৰা নাছিল আৰু তাক লৈ মূৰ ঘমাইও থকা নাছিল। বিপৰীতে মূৰ ঘমাইছিল কেনেকৈ ভালতকৈও ভাল সেৱা আগবঢ়াব পাৰি আৰু তাৰ যোগেদি প্ৰমোচন-কমিচনকে ধৰি কোম্পানীৰ তৰফৰ পৰা প্ৰদান কৰি অহা অন্যান্য সা-সুবিধাসমূহ আদায় কৰিব পাৰি সেই চিন্তাত। সেয়ে তেওঁলোকে ‘খাব জানিলে চাউলেই চিৰা বহিব জানিলে মাটিয়েই পীৰা’ মনোভাৱ লৈ উদ্যম আৰু আন্তৰিকতাৰে কাম কৰি গৈছিল আৰু সেই অনুসৰি সফলো হৈছিল।
কিন্তু তেনেই সাধাৰণ আৰু সৰু কথা এটাত দিন-ৰাতি মন-মগজু গুজি গুজি জেমচে সুন্দৰ ভৱিষ্যৎ এটা নিজহাতে ধ্বংস কৰি পেলালে কেৱল আৰু কেৱল নেতিবাচক চিন্তা কৰ্ষণ কৰি। নেতিবাচক চিন্তাৰ পৰিণাম কিমান ভয়াবহ ইয়াতকৈ জানো উত্তম উদাহৰণ লাগে?
সেইবাবেই লেখক শ্বোৱাৰ্টজে কৈছে― “The size of your success is limited by the size of your thinking.”